ETV Bharat / state

অসমৰ ৪০০ টা মণ্ডলত বিজেপিৰ দিব্য কাশী-ভৱ কাশী শীৰ্ষক অনুষ্ঠান

author img

By

Published : Dec 13, 2021, 10:24 PM IST

নৱৰূপৰ কাশী বিশ্বনাথ ধামত প্রধানমন্ত্রী মােদীৰ লােকাৰ্পণ(Kashi Vishwanath Mandir Lokarpan by Prime Minister)ৰ লগত সংগতি ৰাখি দেশৰ ৫১,০০০ স্থানৰ লগতে অসমতাে ৪০০ টা মণ্ডলত সোমবাৰে বিজেপিৰ দিব্য কাশী-ভৱ কাশী শীৰ্ষক’ বিভিন্ন ধর্মীয় কার্যসূচী অনুষ্ঠিত হয় ৷ সবিশেষ জানো আহক ৷

Bjp organised Divya Kashi Bhavya Kashi in Assam
অসমৰ ৪০০ টা মণ্ডলত বিজেপিৰ দিব্য কাশী-ভৱ কাশী শীৰ্ষক অনুষ্ঠান

গুৱাহাটী, 13 ডিচেম্বৰ : নৱৰূপৰ কাশী বিশ্বনাথ ধাম(The Kashi Vishwanath Temple )ত প্রধানমন্ত্রী মােদীৰ লােকাৰ্পণ (Lokarpan by PM Modi)ৰ লগত সংগতি ৰাখি দেশৰ ৫১,০০০ স্থানৰ লগতে অসমতাে ৪০০ টা মণ্ডলত সোমবাৰে বিজেপিৰ ' দিব্য কাশী-ভৱ কাশী শীৰ্ষক’ (Divya Kashi Bhavya Kashi) বিভিন্ন ধর্মীয় কার্যসূচী অনুষ্ঠিত হয় । অনুষ্ঠানত দলীয় কার্যকর্তা, স্থানীয় ৰাইজ, নির্বাচিত প্রতিনিধি তথা সাধু-সন্ত আৰু ধৰ্মাৰ্চাৰ্যসকল উপস্থিত থাকে।

বিজেপি অসম প্রদেশৰ সভাপতি ভৱেশ কলিতা(State BJP president Bhabesh Kalita)ই ৰঙিয়া বিধানসভা সমষ্টিৰ ডিমু-ডােৱক গাঁও পঞ্চায়তৰঅন্তর্গত বৰলীমাৰাৰ সুন্দৰবন শিৱ মন্দিৰৰ প্ৰাংগণত ৰঙিয়া ব্লক মণ্ডলৰ উদ্যোগত আয়ােজিত অনুষ্ঠানত উপস্থিত থাকে । ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা, সাধাৰণ সম্পাদক দিপ্লো ৰঞ্জন শর্মাই বি জে পিৰ গুৱাহাটীৰ জিলা সমিতিৰ উদ্যোগত বশিষ্ঠ মন্দিৰৰ প্ৰাংগনত আয়ােজিত অনুষ্ঠানত উপস্থিত থাকে।

ৰাজ্যিক বিজেপিৰ অন্যতম সাধাৰণ সম্পাদক পুলক গােহাঁই তিনিচুকীয়াত উপস্থিত থকাৰ লগতে মুখ্য মুখপাত্র তথা ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্রসাদ তাচা যােৰহাট নগৰ মণ্ডলত আয়ােজিত অনুষ্ঠানত উপস্থিত থাকে ।

উল্লেখ্য যে ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া, সাংসদ, বিধায়ক সকলেও সোমবাৰে নিজ নিজ সমষ্টিৰ মণ্ডলত উপস্থিত থাকি মূল অনুষ্ঠানৰ অংশীদাৰ হয় । সোমবাৰে ৪০০ টা মণ্ডলত আয়ােজিত অনুষ্ঠানত নিমন্ত্রিত ধর্মাচার্য তথা সাধু-সন্তসকলক, স্থানীয়ভাৱে সম্ভাষণ জনােৱা হয় ।

লগতে পঢ়ক : Land grabbing allegation: মুখ্যমন্ত্ৰী পত্নীৰ বিৰুদ্ধে অখিলে আনিছে নতুন প্ৰত্যাহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.