ETV Bharat / state

কোন তিনি প্ৰাক্তন সাংসদক লৈ বিমোৰত পৰিছে দলীয় নেতৃত্ব ? - কেন্দ্ৰীয় মন্ত্ৰী

বিজেপিৰ তিনি প্ৰাক্তন সাংসদে এতিয়া চিন্তা বঢ়াইছে দলীয় নেতৃত্বৰ । কিয়নো তেওঁলোকক লাগে দলীয় টিকট । নিজৰ বাবে নহ'লেও সন্তানৰ বাবে হ'লেও লাগে দলীয় প্ৰাৰ্থিত্ব । ইতিমধ্যে, এই "আবদাৰ" বিজেপিৰ কেইগৰাকীমান ৰাষ্ট্ৰীয় নেতাৰ ওচৰতো ৰাখিছে তিনি প্ৰাক্তন সাংসদে ।

bjp-mp-demand-high-command-ticket-for-upcoming-election
কোন তিনি সাংসদক লৈ বিমোৰত পৰিছে দলীয় নেতৃত্ব ?
author img

By

Published : Feb 7, 2021, 8:42 PM IST

Updated : Feb 7, 2021, 9:35 PM IST

গুৱাহাটী, 7 ফেব্ৰুৱাৰী : বিজেপিৰ তিনি প্ৰাক্তন সাংসদে এতিয়া চিন্তা বঢ়াইছে দলীয় নেতৃত্বৰ । কিয়নো তেওঁলোকক লাগে দলীয় টিকট । নিজৰ বাবে নহ'লেও সন্তানৰ বাবে হ'লেও লাগে দলীয় প্ৰাৰ্থিত্ব । ইতিমধ্যে, এই "আবদাৰ" বিজেপিৰ কেইগৰাকীমান ৰাষ্ট্ৰীয় নেতাৰ ওচৰতো ৰাখিছে তিনি প্ৰাক্তন সাংসদে ।

bjp-mp-demand-high-command-ticket-for-upcoming-election
ৰমেন ডেকা

ৰাজ্যিক বিজেপিৰ এক কৰ্তৃত্বশীল সুত্ৰই এই খবৰ ইটিভি ভাৰতৰ আগত সদৰি কৰিছে । সেই অনুসৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীদ্বয় ক্ৰমে, ৰাজেন গোহাঁই আৰু বিজয়া চক্ৰৱৰ্তীৰ উপৰিও দলৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন সভাপতি ৰমেন ডেকাক লৈ একপ্ৰকাৰ বিমোৰত পৰিছে দলীয় নেতৃত্ব । কিয়নো নগাঁও নাইবা বঢ়মপুৰ এই দুটা সমষ্টিৰ পৰা এইবাৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব খোজে প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই ।

ৰাজেন গোঁহাই

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ সভাৰ আদৰণি তোৰণত লাগিল জুই

এইক্ষেত্ৰত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে আন এটা "ৰাস্তা"ও খোলা ৰাখিছে । যদি দলে তেওঁক প্ৰাৰ্থিত্ব দিবলৈ অনিচ্ছুক তেন্তে তেওঁৰ পুত্ৰৰ বাবে হ'লেও দলীয় প্ৰাৰ্থিত্ব বিচাৰিছে গোঁহায়ে । অনুৰূপভাৱে আন গৰাকী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজয়া চক্ৰৱৰ্তীৰ বৰ্তমানৰ বিধায়ক কন্যা সুমন হৰিপ্ৰিয়াক যাতে পুনৰবাৰ প্ৰাৰ্থিত্ব দিয়া হয় তাৰ বাবে জ্যেষ্ঠ নেত্ৰী গৰাকী উঠিপৰি লাগিছে ।

বিজয়া চক্ৰৱৰ্তী

পুনৰবাৰ হাজো সমষ্টিৰ পৰাই কন্যাই প্ৰাৰ্থিত্ব পোৱাটো বিচাৰিছে বিজয়া চক্ৰৱৰ্তীয়ে । ইতিমধ্যে, কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত ইয়াক লৈ হেঁচা পৰিবলৈ আৰম্ভ কৰিছে । আনহাতে, আন গৰাকী প্ৰাক্তন সাংসদ তথা দলৰ প্ৰাক্তন সভাপতি ৰমেন ডেকাই কিন্তু নিজৰ বাবেই প্ৰাৰ্থিত্ব বিচাৰি একপ্ৰকাৰ "হায়ৰান" কৰিছে দলীয় নেতৃত্বক । প্ৰাপ্ত তথ্য মতে, পূৱ গুৱাহাটী, পশ্চিম গুৱাহাটী, ৰঙাপৰাকে ধৰি কেইবাটাও সমষ্টিৰ ভিতৰত যিকোনো এটাৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে । মুঠতে এই তিনি প্ৰাক্তন সাংসদক লৈ বিমোৰত পৰিছে দলীয় নেতৃত্ব ।

লগতে পঢ়ক : ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত নলবাৰীৰ যুৱতীৰ

Last Updated : Feb 7, 2021, 9:35 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.