ETV Bharat / state

কোন হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী: দিল্লীত গুৰুত্বপূৰ্ণ বৈঠক

ৰাজ্যত অব্যাহত মুখ্যমন্ত্ৰীকেন্দ্ৰীক উৎকণ্ঠা ৷ কোন হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ? এইলৈ শনিবাৰে দিল্লীস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ বাসগৃহত অনুষ্ঠিত হৈছে এখন গুৰুত্বপূৰ্ণ বৈঠক ৷ বৈঠকত অংশগ্ৰহণ সৰ্বা-হিমন্তৰ লগতে বৈজয়ন্ত জয় পাণ্ডা, নৰেন্দ্ৰ সিং টোমৰৰ ৷ ইতিমধ্যে সমাপ্ত হিমন্ত বিশ্বই অংশ লোৱা বৈঠক ৷

author img

By

Published : May 8, 2021, 1:10 PM IST

bjp-meeting-at-delhi
কোন হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী:দিল্লীত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক

নিউজ ডেস্ক,8 মে': নিৰ্বাচনী ফলাফল ঘোষণাৰ এসপ্তাহ উকলি যোৱাৰ পিছতো ৰাজ্যত অব্যাহত মুখ্যমন্ত্ৰীকেন্দ্ৰীক উৎকণ্ঠা ৷ কোন হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ? এই লৈ শনিবাৰে দিল্লীস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ বাসগৃহত অনুষ্ঠিত হৈছে এখন গুৰুত্বপূৰ্ণ বৈঠক ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপি নেতা বৈজয়ন্ত জয় পাণ্ডা আৰু নৰেন্দ্ৰ সিং টোমৰৰ সৈতে পৃথকে পৃথকে বৈঠকত অংশগ্ৰহণ কৰে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই ৷

মুখ্যমন্ত্ৰীকেন্দ্ৰীক সকলো বিতৰ্কৰ অন্ত পেলাই এই বৈঠকতে ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷ উল্লেখ্য যে, শুকুৰবাৰে জৰুৰীভাৱে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক দিল্লীলৈ তলৱ কৰা হৈছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে পুৱা দুয়োগৰাকী নেতাই চাৰ্টাৰ্ড বিমানৰ জৰিয়তে দিল্লীলৈ ৰাওনা হৈছিল ৷ ইতিমধ্যে সমাপ্ত হৈছে হিমন্ত বিশ্বই অংশগ্ৰহণ কৰা বৈঠক ৷ ইয়াৰ বিপৰীতে আৰম্ভ হৈছে সৰ্বানন্দ সোণোৱালে অংশ লোৱা আন এখন বৈঠক ৷ এই বৈঠকৰ পিছতে ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী গৰাকীৰ নাম ঘোষণাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: দেশত কৰ’ণা প্ৰতিষেধক প্ৰদানৰ নামত ব্যয় মাথো ৪,৭৪৪ কোটি: এক প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.