ETV Bharat / state

Assamese Movie Raghav: ৰাঘৱক লৈ কৰা মন্তব্য সন্দৰ্ভত ভূপেন বৰাক পাঠ পঢ়ালে তিনি বিজেপি নেতাই

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 7:45 PM IST

APCC ৰ সভাপতি ভূপেন বৰাই "ৰাঘৱ"ক লৈ কৰা মন্তব্যৰ পিছত এইবাৰ মুখ খুলিছে শাসকীয় দলৰ মন্ত্ৰী-বিধায়কে । ৰাঘৱ নচলিলে সমস্ত পাপৰ বোজা বিৰোধীয়ে ল’ব লাগিব মন্তব্য বিধায়ক দিগন্ত কলিতাৰ । ইফালে ভূপেন বৰাক পৰাজিত নায়ক নামেৰে এখন চিনেমা বানাবলৈ আহ্বান বিজেপি সভাপতি ভৱেশ কলিতাৰ ।

Assamese Movie Raghav
Assamese Movie Raghav

"ৰাঘৱ" কলৈ ভূপেন বৰাই কৰা মন্তব্য প্ৰত্যুত্তৰ শাসকীয় দলৰ

গুৱাহাটী, 31 অক্টোবৰ: অন্ত পৰা নাই ৰাঘৱক লৈ বিতৰ্ক । APCC ৰ সভাপতি ভূপেন বৰাই, যতীন বৰাই বিজেপি দল ত্যাগ কৰিলে ৰাঘৱ হিট হ'ব বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰ শাসকীয় মন্ত্ৰী-বিধায়কৰ । ভূপেন বৰাৰ মন্তব্য সন্দৰ্ভত প্ৰত্যুত্তৰ দি বিজেপি সভাপতি ভৱেশ কলিতাই মন্তব্য কৰি কয়, ‘‘ভূপেন বৰাই পৰাজিত নায়ক নামেৰে এখন চিনেমা বনাওক । লোকসভা নিৰ্বাচনৰ পূৰ্বেই ভূপেন বৰাই চিনেমা বনাব পাৰিব । ৰাঘৱ কিমান হিট হ'ব সেয়া অসমৰ ৰাইজে জানিব, ৰাঘৱৰ প্ৰযোজকে জানিব । আমি আহ্বান জনাওঁ আমাৰ অসমীয়া এজন ডেকাই ইমান ধুনীয়া এখন ছবি বনাইছে, সেয়ে আমি সকলোৱে চাব লাগে । তাৰ বাবে আমাক হিৰো নালাগে নহয় ।’’

লগতে এই সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়, ‘‘চিনেমাক লৈ কোনো ৰাজনীতি হ'ব নালাগে । শিল্পীৰ কোনো অগপ, বিজেপি, কংগ্ৰেছ নাথাকে । ইফালে যতীন বৰা আৰু ৰাঘৱকলৈ কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি বিধায়ক দিগন্ত কলিতাই কয়, ‘‘ ৰাঘৱ নচলিলে সমস্ত পাপৰ বোজা বিৰোধীয়ে ল’ব লাগিব ।’’

লগতে তেওঁ মন্তব্য কৰি কয়, ‘‘চিনেমাক্ষেত্ৰ বা শিল্পী সমাজৰ সুকীয়া স্থান আছে । মই ধৰি ল’লোঁ যতীন বৰা বিজেপিৰ এজন সদস্য । কিন্তু ছবিখনত অকল যতীন বৰাই নহয় আৰু বহুত কলা-কুশলী জড়িত হৈ আছে । আপুনি এজন যতীন বৰাৰ বাবে গোটেই শিল্পী সমাজক অপমান কৰিব নালাগিছিল । যদি চিনেমাখন নচলে তেন্তে সমগ্ৰ পাপৰ বোজা ভূপেন বৰাই ল’ব লাগিব । অসমৰ ৰাইজেও ভূপেন বৰাক ইমান ঘৃণনীয় ৰাজনীতিলৈ যোৱা বাবে কেতিয়াও ক্ষমা নকৰে । ইতিহাসত এইটো এটা ক’লা দাগ হিচাপে, ক’লা অধ্যায় হিচাপে চিৰজীৱন থাকি যাব ।’’

লগতে যতীন বৰাই বিজেপি দল ত্যাগ কৰিলে ১৫ টা বিৰোধী ৰাজনৈতিক দলে একে লগে চিনেমা চাবলৈ যোৱাৰ বিষয়ে ভূপেন বৰাই কৰা মন্তব্যৰ প্ৰসংগত দিগন্ত কলিতাই কয়, ‘‘তেওঁতো ভবাত বহুত কথাই ভাবে । তেওঁৰ সপোনটো সদায় আছে । যেতিয়াই নিৰ্বাচনত হাৰে তেখেতে কবিতা লিখে ।’’ এতিয়া এনেদৰে সমাজিক মাধ্যমৰ উপৰিও শাসক-বিৰোধীৰ মাজত ৰাঘৱকলৈ চর্চা তুংগত উঠা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: Bhupen Borah on Raghav Movie : শ্ৰীৰঘূপতি হিট হ’ল, কিয় হিট হোৱা নাই ৰাঘৱ ? ক’লে ভূপেন বৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.