ETV Bharat / state

গুৱাহাটী উচ্চ ন্যায়ালয়ত হাজিৰ বিজেপিৰ প্ৰবীণ নেতা সুব্ৰমণিয়ম স্বামী - অৰুণাচলৰ মাটি

কংগ্ৰেছৰ শাসনকালত সুব্ৰমণিয়ম স্বামীৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ । পুৰণি গোচৰৰ প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত স্বামীয়ে নিজেই তৰিছিল আন এক গোচৰ ।

BJP leader Subramanian Swamy appears in Guwahati HC
গুৱাহাটী উচ্চ ন্যায়ালয়ত হাজিৰ বিজেপিৰ প্ৰবীণ নেতা সুব্ৰমণিয়ম স্বামী
author img

By

Published : Nov 11, 2021, 4:37 PM IST

গুৱাহাটী, ১১ নৱেম্বৰ : গুৱাহাটী উচ্চ ন্যায়ালয়ত বৃহস্পতিবাৰে পুৱা উপস্থিত হয় বিজেপিৰ প্ৰবীণ নেতা ড৹ সুব্ৰমণিয়ম স্বামী । নিজৰ এক পুৰণি গোচৰ সংক্ৰান্তত গুৱাহাটী উচ্চ ন্যায়ালয়ত উপস্থিত হয় সুব্ৰমণিয়ম স্বামী । কংগ্ৰেছৰ দিনত তেওঁৰ বিৰুদ্ধে তৰা পুৰণি গোচৰ এটাৰ প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত স্বামীয়ে নিজেই তৰিছিল এক গোচৰ । স্বামীৰ বিৰুদ্ধে তৰা এই গোচৰ মীমাংসাৰ বাবে উচ্চতম ন্যায়ালয়ে প্ৰেৰণ কৰিছিল উচ্চ ন্যায়ালয়লৈ । ন্যায়াধীশ মণীষ চৌধুৰীৰ আদালতত সম্পন্ন হৈছে এই বিচাৰ প্ৰক্ৰিয়া ।

Gauhati High Court
গুৱাহাটী উচ্চ ন্যায়ালয়

ন্যায় প্ৰক্ৰিয়া সমাপন হোৱাৰ পাছত ন্যায়ালয়ৰ চৌহদত স্বামীয়ে কয় যে, গোচৰৰ ৰায় সংৰক্ষিত আছে । এতিয়া তেওঁৰ কৰিবলগীয়া একো নাই । কংগ্ৰেছৰ শাসনকালতে বিজেপিৰ প্ৰবীণ নেতাগৰাকীৰ বিৰুদ্ধে তৰা হৈছিল এই গোচৰ । ২০১৫ চনত মছজিদৰ সম্পৰ্কত বিতৰ্কিত মন্তব্য কৰা বুলি স্বামীৰ বিৰুদ্ধে অভিযোগ উঠিছিল । উক্ত প্ৰসংগক লৈয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এক লেখ আবেদনৰ ভিত্তিত ৰুজু হোৱা গোচৰৰ প্ৰত্যাহ্বান জনাই তেওঁ উপস্থিত হৈছিল ন্যায়ালয়ত ।

BJP leader Subramanian Swamy
বিজেপিৰ প্ৰবীণ নেতা সুব্ৰমণিয়ম স্বামী

ৰাজ্যিক বিজেপিৰ বৃহৎ সংখ্যক নেতাৰ সৈতে ন্যায়ালয়লৈ অহা শীৰ্ষ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকী শুনানী পৰ্ব ইতিমধ্যে সম্পন্ন হৈছে যদি ন্যায়ালয়ে ইয়াৰ ৰায় সংৰক্ষিত ৰাখিছে । বিৰ্তকিত মন্তব্যৰ বাবে ২০১৯ চনতো শিলচৰ আদালতত হাজিৰ হৈছিল বিজেপিৰ প্ৰবীণ নেতাগৰাকী । ইফালে সাংবাদিকৰ আগত চীনৰ শেহতীয়া কাৰ্য দেখি ভাৰত চৰকাৰক কঠোৰ হ’বলৈ আহ্বান জনাই প্ৰবীণ বিজেপি নেতাগৰাকীয়ে ।

অৰুণাচলৰ মাটি চীনে দখল কৰা প্ৰসংগকলৈ তেওঁ কয় যে অৰুণাচলৰ পৰা চীনক খেদি পঠাব লাগে । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি তেওঁ চীনৰ বিৰুদ্ধে কঠোৰ হ'বলৈ কোৱাৰ প্ৰসংগও উল্লেখ কৰে ।

লগতে পঢ়ক : নতুন পাঁচগৰাকী বিধায়কক শপত বাক্য পাঠ কৰোৱালে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.