গুৱাহাটী, ১০ নৱেম্বৰ : অসম বিধানসভাত ক্ৰমাৎ নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ দিশে আগবাঢ়িছে বিজেপি । ছমাহ পূৰ্বে অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত যি বিজেপিয়ে মাত্ৰ চাৰিখন আসন কমকৈ পোৱাৰ বাবে নিৰংকুশ সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হোৱা নাছিল, যাৰ বাবে অগপ আৰু ইউ পি পি এলৰ সহায় লৈ গঠন কৰিবলগীয়া হৈছিল চৰকাৰ ৷ সেই বিজেপি এতিয়া ৬৪ খন আসনৰ গৰাকী হোৱাৰ দিশে অগ্ৰসৰ হৈছে ।
৬৪ খন আসনৰ গৰাকী হোৱাৰ দিনাই অসম বিধানসভাত বিজেপি হৈ পৰিব একক সংখ্যাগৰিষ্ঠ দল । তেতিয়া আৰু চৰকাৰ বৰ্তাই ৰাখিবলৈ কোনো মিত্ৰদলৰ প্ৰয়োজনীয়তা নাথাকিব গেৰুৱা দলটোৰ । বিগত বিধানসভা নিৰ্বাচনত বিজেপিয়ে লাভ কৰিছিল ৬০ খন আসন । কিন্ত সৰ্বানন্দ সোণোৱালে বিধায়ক পদ ত্যাগ কৰাৰ পিছত গেৰুৱা দলটোৰ শক্তি ৫৯ লৈ হ্ৰাস পাইছিল ।
কিন্তু, শেহতীয়া উপ-নিৰ্বাচনত কংগ্ৰেছৰ হাতৰ পৰা থাওৰা আৰু মৰিয়নীৰ লগতে এ আই ইউ ডি এফৰ হাতৰ পৰা ভৱানীপুৰ কাঢ়ি অনাৰ ফলত বিজেপিৰ শক্তি ৬২ লৈ বৃদ্ধি পালে । এতিয়া বাকী আছে মাজুলীৰ উপ-নিৰ্বাচন । মাজুলীও বিজেপিৰ হাতলৈ যোৱাৰ সম্ভাৱনাই অধিক । তেতিয়া বিজেপিৰ শক্তি হব ৬৩ ।
একে সময়তে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা আৰু প্ৰদেশ বিজেপিৰ সভাপতি ভবেশ কলিতাই দাবী কৰি আহিছে যে মাজুলীৰ লগতে কমেও আৰু দুই তিনিটা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব ।
চৰ্চা চলিছে তিতাবৰ আৰু দুধনৈৰ দুয়োগৰাকী কংগ্ৰেছ বিধায়কে বিজেপিত যোগ দিব । যদি সেয়াই হয় তেন্তে নিশ্চিতভাৱে বিজেপিয়ে মেজিক নাম্বাৰ ৬৪ আহৰণ কৰিব আৰু অসম বিধানসভাত বিজেপি হব একক সংখ্যাগৰিষ্ঠ দল ।
লগতে পঢ়ক : যোগী আদিত্যনাথৰ ভ্ৰমণৰ পূৰ্বে মীৰাট ৰে’ল ষ্টেচনত বোমাতংক