ETV Bharat / state

বিজেপিৰ আভ্যন্তৰীণ সমীক্ষা: প্ৰথম পৰ্যায়ত হেৰুৱাব ৫ খন আসন, ১৫ খনত যুঁজ - বিজেপি বা মিত্ৰদল

ইতিমধ্যে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হোৱা ৪৭ টা সমষ্টিৰ সমীক্ষা সম্পূৰ্ণ হৈছে । আনহাতে, ৩৯ টা সমষ্টিত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰো সমীক্ষা ইতিমধ্যে আৰম্ভ হৈছে । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সমীক্ষাৰ প্ৰতিবেদন অনুসৰি, ৪৭ টা সমষ্টিত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহত তাৰে ৫ টা সমষ্টি বিজেপি বা মিত্ৰদলে লাভ নকৰাটো প্ৰায় নিশ্চিত । বাকী ৪২ টা সমষ্টিৰ ভিতৰত ১২ টাৰ পৰা ১৫ টা সমষ্টিত তীব্ৰ প্ৰত্যাহ্ববানৰ মুখামুখি হ'বলগীয়া হৈছে বিজেপি ।

বিজেপিৰ আভ্যন্তৰিণ সমীক্ষা
বিজেপিৰ আভ্যন্তৰিণ সমীক্ষা
author img

By

Published : Apr 3, 2021, 4:32 PM IST

গুৱাহাটী,৩ এপ্ৰিল: ৰাজ্যত ইতিমধ্যে দুটা পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল । বাকী আছে মাথো তৃতীয় তথা অন্তিমটো পৰ্যায়ৰ ভোটগ্ৰহণ । বিজেপি আৰু মিত্ৰজোঁটে সদ্যসমাপ্ত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কিমান আসন লাভ কৰিব সেই বিষয়ে গেৰুৱা দলটোৱে নিজাববীয়াকৈ আভ্যন্তৰীণ সমীক্ষা চলাইছে । ৰাজ্যিক বিজেপিৰ এক শীৰ্ষ সূত্ৰই শনিবাৰে প্ৰকাশ কৰিছে এই কথা ।

প্ৰথম পৰ্যায়ত ৫ খন আসন হেৰুৱাব বিজেপিয়ে

সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি, দলটোৰ অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডাৰ তত্বাৱধানত ইতিমধ্যে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হোৱা ৪৭ টা সমষ্টিৰ সমীক্ষা সম্পূৰ্ণ হৈছে । দলৰ প্ৰতিখন বুথ সমিতিৰ সহযোগত এই সমীক্ষা চলোৱা হৈছে । আনহাতে, ৩৯ টা সমষ্টিত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰো সমীক্ষা ইতিমধ্যে আৰম্ভ হৈছে । প্ৰথম পৰ্যায়ৰ সমীক্ষাৰ প্ৰতিবেদন ইতিমধ্যে দলটোৰ ৰাষ্ট্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰা হৈছে ।

দলীয় সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সমীক্ষাৰ প্ৰতিবেদনত এই কথা স্পষ্টকৈ উল্লেখ কৰা হৈছে যে যি ৪৭ টা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোট অনুষ্ঠিত হৈছিল তাৰে ৫ টা সমষ্টি বিজেপি বা মিত্ৰদলে লাভ নকৰাটো প্ৰায় নিশ্চিত । এই পাঁচটা সমষ্টি হৈছে ৰূপহীহাট, ধিং, নাওবৈচা, চামগুৰি আৰু বটদ্ৰবা ৷

প্ৰথম পৰ্যায়ত ৫ খন আসন হেৰুৱাব, ১৫ খনত তয়াময়া যুঁজ

আনহাতে, বাকী ৪২ টা সমষ্টিৰ ভিতৰত ১২-১৫ টা সমষ্টিত তীব্ৰ প্ৰত্যাহ্ববানৰ মুখামুখি হ'বলগীয়া হৈছে বিজেপি । একে আষাৰে এইকেইটা সমষ্টি বিজেপি বা মিত্ৰজোঁটে দখল কৰিবই বুলি দৃঢ়তাৰে কব নোৱাৰা এক অৱস্থাত আছে গেৰুৱা দলটো ।

দলীয় সূত্ৰটোৱে সদৰী কৰা মতে, এনে কেইটামান সমষ্টি হ'ল আমগুৰি, শিৱসাগৰ, তিতাবৰ, দুলীয়াজান, নাজিৰা, থাওৰা, গহপুৰ, বিহপুৰীয়া, বিশ্বনাথ, ডুমডুমা, মৰিয়নী, লখিমপুৰ, শদিয়া আদি । এনে সমষ্টিসমূহত বিজেপি বা মিত্ৰজোঁটৰ জয় এশ শতাংশ নিশ্চিত বুলি গেৰুৱা দলটো আশ্বস্ত হ'ব পৰা নাই । কিন্তু প্ৰথম পৰ্যায়ত ২৮-৩০ টা সমষ্টিত বিজেপি আৰু মিত্ৰজোঁটৰ জয় নিশ্চিত বুলিও সমীক্ষাটোত কোৱা হৈছে ।

লগতে পঢ়ক: মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰী আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.