ETV Bharat / state

PM কিষাণ সন্মান নিধিৰ ধনেৰে অসমত ভোট কিনিছিল বিজেপি চৰকাৰে : লুৰিণজ্যোতি গগৈ - assam jatiya parisad

অসমত বিজেপি চৰকাৰে ভোট কিনিছিল । নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভোটৰ অংকত ভুৱা কৃষকৰ মাজত আঁচনিৰ নামত ধন দিয়া হৈছিল । এই অভিযোগ লুৰিণজ্যোতি গগৈৰ ৷

BJP government buys votes in Assam with PM Krishan Samman Nidhi money: Lurinjyoti Gogoi
পি এম কৃষাণ সন্মান নিধিৰ ধনেৰে অসমত ভোট কিনিছিল বিজেপি চৰকাৰে : লুৰিনজ্যোতি গগৈ
author img

By

Published : Jul 24, 2021, 2:01 PM IST

গুৱাহাটী, 24 জুলাই : প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ধনেৰে অসমত ভোট কিনিছিল বিজেপি চৰকাৰে । এই গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদ চমুকৈ এজেপিৰ । শনিবাৰে এজেপিৰ গুৱাহাটীস্থিত কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত এই অভিযোগ উত্থাপন কৰি দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় যে ভাৰতৰ ভিতৰত অসমত আঁচনিখনৰ নামত সৰ্বাধিক অনিয়ম হৈছে । ৰাজনৈতিক উদ্দেশ্য পূৰণৰ বাবে বিজেপি চৰকাৰে অসমত প্ৰধানমন্ত্ৰী কিষাণ নিধিৰ ধন ভুৱা কৃষকক প্ৰদান কৰিলে বুলি তেওঁ সদৰী কৰে ।

তেওঁ কয়-' কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে লোকসভাত দিয়া তথ্য মতে অসমত 8.35 লাখ অযোগ্য কৃষকৰ বিপৰীতে 554 কোটি টকা আদায় দিয়া হৈছিল । 2020 চনৰ নৱেম্বৰৰ পৰা 2021 চনৰ মাৰ্চলৈ এই ধন আদায় দিয়া হৈছিল । দেশৰ মুঠ ভুৱা কৃষকৰ এক পঞ্চমাংশ তথা 19.8 শতাংশ অসমৰে । কেন্দ্ৰীয় চৰকাৰৰ এই তথ্যৰ বিপৰীতে অসমৰ কৃষিমন্ত্ৰী অতুল বৰাই কেন্দ্ৰীয় কৃষি ৰাজ্যমন্ত্ৰী পুৰুষোত্তম ৰুপালাৰ উপস্থিতিত সংবাদমেলযোগে দিয়া তথ্য মতে অসমত 11.72 লাখ অযোগ্য কৃষক পোৱা গৈছে ।

ইফালে RTI ৰ তথ্য মতে আঁচনিখনৰ অধীনত অসমৰ 9,39,146 গৰাকী ভুৱা কৃষকক ধন ঘূৰাই দিবলৈ কোৱা হৈছে । এতিয়ালৈকে মাত্ৰ 817 গৰাকীয়েহে ধন উভতাই দিছে । তিনিওটা তথ্যৰ মাজত কোনো মিল নাই ।

তেওঁ লগতে কয়- 'চৰকাৰী এই তথ্যৰ দ্বাৰা এটা কথা নিশ্চিত যে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভোটৰ অংকত এনেদৰে ভুৱা কৃষকৰ মাজত আঁচনিৰ নামত ধন দিয়া হৈছিল । আনহাতে যিসকল কৃষি বিষয়া-কৰ্মচাৰীয়ে যোগ্যতা নিৰূপনৰ নিয়মাৱলী উলংঘা কৰি অযোগ্য লোককো কৃষক হিতাধিকাৰী সজাই তালিকাভূক্ত কৰিছিল, এতিয়া সেইসকল কৃষি বিষয়া-কৰ্মচাৰীকে অযোগ্য কৃষকৰ তালিকা প্ৰস্তুতৰ দায়িত্ব দিয়া হৈছে।

বিধানসভাত বিৰোধীয়ে এই অনিয়মৰ বিৰুদ্ধে সৰৱ ভূমিকা পালন কৰিব লাগে বুলি উল্লেখ কৰি তেওঁ কয়-' আঁচনিখনৰ যোগেদি উদ্দেশ্য প্ৰণোদিতভাৱে অনিয়ম সংঘটিত কৰি যাকে-তাকে ধন দি বিগত বিধানসভা নিৰ্বাচনৰ বাবে ভোট কিনাৰ ব্যৱস্থা কৰিছিল বিজেপি চৰকাৰে । এতিয়া ভুৱা কৃষকক ধন উভতাই দিবলৈ কৈ সংশ্লিষ্ট কৃষকসকলক জবাবদিহি কৰা হ'ল যদিও দুৰ্নীতি-অনিয়ম সংঘঠিত কৰা কৃষি বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই । 'উপ-নিৰ্বাচনৰ প্ৰসংগত তেওঁ কয় যে বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত সমষ্টিত এজন প্ৰাৰ্থী দিয়াৰ পক্ষত আছে এজেপি । কিন্তু মিত্ৰতা কৰাৰ পক্ষপাতী এজেপি নহয় বুলিও লুৰিণজ্যোতিয়ে সংবাদমেলত প্ৰকাশ কৰে ৷

লগতে পঢ়ক: অসমলৈ অমিত শ্বাহ, উদ্বোধন কৰিব বড়োভূমিৰ প্ৰথমখন মেডিকেল কলেজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.