ETV Bharat / state

BJP filed FIR: গ্ৰেপ্তাৰ হ'ব নেকি কংগ্ৰেছী নেতা ৰাণা গোস্বামী ? - সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস

কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে বিজেপিৰ মহিলাই স্বামী থকাৰ পাচতো পৰপুৰুষৰ সৈতে সহবাস কৰে বুলি মন্তব্য কৰাৰ পিচতেই জাঙুৰ খাই উঠিছে বিজেপিৰ মহিলা মৰ্চাৰ সদস্যাসকল (BJP filed FIR against congress leader Rana Goswami) ৷ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ বিৰুদ্ধে বিজেপি মহিলা মৰ্চাৰ ফালৰ দুখনকৈ এজাহাৰ দাখিল কৰিছে (APCC working president Rana Goswami)৷

BJP filed FIR against congress leader Rana Goswami
গ্ৰেপ্তাৰ হ'ব নেকি কংগ্ৰেছী নেতা ৰাণা গোস্বামী
author img

By

Published : Apr 26, 2023, 7:48 PM IST

গ্ৰেপ্তাৰ হ'ব নেকি কংগ্ৰেছী নেতা ৰাণা গোস্বামী

গুৱাহাটী, ২৬ এপ্ৰিল: মহিলাৰ ৰোষত ইজনৰ পিচত সিজনকৈ কংগ্ৰেছী নেতা ৷ শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিত খলকনি লগোৱা সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ নেত্ৰী অংকিতা দত্তই গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পিচতে এইবাৰ অশালীন মন্তব্য প্ৰকাশৰ অভিযোগত বিজেপিৰ মহিলা মৰ্চাৰ ৰোষত পৰিল প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাণা গোস্বামী (BJP Mohila Marcha filed FIR) ৷

উল্লেখ্য যে, মঙলবাৰৰ দিনটোত কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী সংবাদমেল সম্বোধন কৰি বিজেপিৰ মহিলাই স্বামী থকাৰ পাচতো পৰপুৰুষৰ সৈতে সহবাস কৰে বুলি মন্তব্য কৰিছিল (BJP filed FIR against congress leader Rana Goswami) ৷

ইয়াৰ পিচতে বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ বিৰুদ্ধে বিজেপি মহিলা মৰ্চাৰ ফালৰ দুখনকৈ এজাহাৰ দাখিল কৰিছে ৷ বুধবাৰে দিনৰ ভাগত ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ এটা সঁজাতি দলে দিছপুৰ থানাত উপস্থিত হৈ অসম প্ৰদেশ বিজেপি আৰু ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ ফালৰ পৰা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী বিৰুদ্ধে পৃথকে পৃথকে দাখিল কৰে দুখন এজাহাৰ (State Congress working president Rana Goswami) ৷

এজাহাৰ দাখিল কৰি বিজেপিৰ মহিলা মৰ্চাৰ ক্ষোভিত সদস্যসকলে কয় যে, ৰাহুল গান্ধীৰ কুকুৰটোৰ বাহিৰে কোনো কংগ্ৰেছীয়ে মহিলাক সন্মান নকৰে‌ ৷ কেৱল ৰাণা গোস্বামীয়েই নহয় সমগ্ৰ অসমৰ কংগ্ৰেছৰ নেতা কৰ্মীয়ে সামাজিকভাৱে ক্ষমা নোখোজে আমি আন্দোলনৰ কাৰ্যসূচী হাতত ল’ম ৷

লগতে তেওঁলোকে কয়, "ৰাণা গোস্বামীয়ে এই অশালীন মন্তব্যৰে ৰাজনীতিৰ লগত যিসকল লোক জড়িত আছে সকলোকে অপমান কৰিছে ৷ ভাৰতবৰ্ষ এনেকুৱা এখন দেশ য’ত মাতৃক পূজা কৰা হয় ৷ এগৰাকী প্ৰাক্তন বিধায়কৰ মুখত এই কথা শোভা নাপায় ৷ আমি আশাবাদী যে, আইনে এই সমগ্ৰ বিষয়টো সুন্দৰভাৱে পৰিচালনা কৰিব ৷ আপুনি কৰ’বাত কিবা এটা দেখিলে, শুনা পালে বুলিয়েই আপুনি গোটেই মহিলা জাতিটোক গালি পাৰিব নেকি ? তেখেতৰ মন্তব্যত কেৱল মহিলাই নহয় পুৰুষকো টানি অনা হৈছে ৷ এনেকুৱাধৰণৰ কথা আমাৰ সমাজে কেতিয়াও গ্ৰহণ নকৰে ৷ আমি বিচাৰো যে, কেৱল ৰাণা গোস্বামীয়েই নহয় এই সন্দৰ্ভত কংগ্ৰেছ দলৰ সমগ্ৰ নেতৃত্বই ক্ষমা খুজিব লাগে ৷"

লগতে পঢ়ক: Protest at tea estate: চাহ বাগিচাৰ মহিলা শ্ৰমিকক অনৈতিক কাৰ্যত লিপ্ত কৰোৱাৰ অভিযোগ কৰ্মচাৰীৰ বিৰুদ্ধে

লগতে মল্লযুঁজাৰুৰ প্ৰসংগত মন্তব্য কৰি মহিলা মৰ্চাৰ সদস্যসকলে কয় যে, ব্ৰীজভূষণৰ বিৰুদ্ধে যদি দোষী তদন্ত হ’ব, আমি মল্লযুঁজাৰুৰসকলৰ সৈতে আছো ৷ ইফালে ৰাণা গোস্বামীয়ে এনে মন্তব্য দিয়াৰ কথা নস্যাৎ কৰিছে ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.