গুৱাহাটী, ৩ মাৰ্চ: প্ৰিয়ংকা গান্ধীয়ে অসমৰ চাহ বাগিচাত পাত তুলি, চাহ শ্ৰমিকৰ দুখৰ সমভাগী হৈ ৰাজনীতি কৰিলে শোভা নাপায় । প্ৰিয়ংকাৰ অসম ভ্ৰমণ এদিনৰ পাচতে কংগ্ৰেছক লক্ষ্য কৰি এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰাজ্যৰ শ্ৰম আৰু চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণে ।
বুধবাৰে বিজেপিৰ ৰাজ্যিক মুখমাত্ৰ সুভাষ দত্ত আৰু মন্ত্ৰী সঞ্জয় কিষাণে এক যৌথ সংবামেল সম্বোধন কৰে ৷ সাংবাদিকক সম্বোধন কৰি সঞ্জয় কিষাণে কয়, সুদীৰ্ঘ সময়জুৰি দেশত যেতিয়া প্ৰিয়ংকা গান্ধীৰ আইতাক আৰু দেউতাকৰ চৰকাৰ চলিছিল তেতিয়া তেওঁলোকৰ চৰকাৰে অসমৰ চাহ শ্ৰমিকৰ বিকাশ আৰু উন্নয়নৰ বাবে কি কাম কৰিছিল ? কেৱল ভোটৰ স্বাৰ্থতে কংগ্ৰেছে দীঘলীয়া সময়জুৰি চাহ শ্ৰমিকক ব্যৱহাৰ কৰি আহিছিল বুলি প্ৰিয়ংকাক কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে ।
কিন্তু ৰাজ্যত বিজেপিয়ে প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰিয়েই চাহ শ্ৰমিকৰ বাবে যিমান কল্যাণকামী আঁচনি গ্ৰহণ কৰি কাম সম্পাদন কৰা হৈছে তেনে কাম বিগত সত্তৰ বছৰে অসমত হোৱা নাছিল ৷ ৰাজ্যৰ চাহ শ্ৰমিকৰ বাবে বেংক একাউন্ট খুলিবলৈ যেতিয়া বিজেপি চৰকাৰে সিদ্ধান্ত লৈছিল তেতিয়া কংগ্ৰেছে ইয়াৰ বিৰোধ কৰিছিল ৷ সাংবাদিক আগত মন্ত্ৰী সঞ্জয় কিষাণে এই মন্তব্য প্ৰকাশ কৰে ৷
লগতে পঢ়ক: অখিল গগৈৰ উপদেষ্টা হৈ নাথাকে ড৹ হীৰেন গোহাঁই