গুৱাহাটী,১৮ মাৰ্চ : ৰাজ্য সভাৰ খালী হ'বলগীয়া দুখন আসনক লৈ শাসক বিৰোধীয়ে হিচাপ-নিকাচ কৰি প্ৰাৰ্থী দিয়াৰ বাবে সাজু হৈছে । প্ৰথমখন আসন শাসকীয় দল বিজেপিয়ে অনায়াসে জয়লাভ কৰাটো নিশ্চিত যদিও দ্বিতীয়খন আসনো জয় লাভ কৰাৰ দাবী কৰিছে (Bjp claims to win second seat of Rajya Sabha)। ইফালে বিৰোধী দলসমূহে দ্বিতীয়খন আসন লাভৰ লক্ষ্যৰে উমৈহতীয়া প্ৰাৰ্থীৰে সাজু হৈছে । দ্বিতীয়খন আসনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী দিয়াটো নিশ্চিত হৈছে ।
উল্লেখ্য যে, ৰাজ্য সভাৰ এখন আসনত জয় লাভ কৰিবলৈ ৪২ জন বিধায়কৰ সমৰ্থনৰ আৱশ্যক হ'ব । কংগ্ৰেছকে ধৰি বিৰোধী পক্ষৰ বৰ্তমান ৪৪ জন বিধায়ক আছে যদিও ইয়াৰে দুজন বিধায়ক নিলম্বিত হৈ থকাৰ লগতে দলত বিসম্বাদ অব্যাহত থকাৰ বাবে ৰাজ্য সভাৰ দ্বিতীয়খন আসন বিজেপিৰ দখললৈ যোৱাৰ সম্ভাৱনা আছে । নিলম্বিত সদস্য দুজনক বাদ দিও কংগ্ৰেছ বা এ আই ইউ ডি এফ (AIUDF) বিধায়কে দলৰ হুইপ অমান্য কৰি ক্ৰছ ভোটিং নকৰিব বা ভোটদানৰ দিনা অনুপস্থিত নাথাকিব তাৰ কোনো নিশ্চয়তা নাই ।
এনেবোৰ কাৰণৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাকে ধৰি মন্ত্রীসভাৰ কেইবাজনো সদস্যই ৰাজ্য সভাৰ দুয়োখন আসন বিজেপি তথা মিত্ৰজোঁটে দখল কৰিব বুলি দাবী কৰিছে (BJP demands to get both Rajya Sabha seats)।
মিত্ৰজোঁটত থকা দল বিজেপিৰ ৬৩ গৰাকী, অগপৰ ৯ গৰাকী, ইউ পি পি এলৰ ৭ গৰাকী আৰু শেহতীয়াকৈ মিত্ৰজোঁট চৰকাৰৰ সহযোগী হৈ পৰা বি পি এফৰ ৩ গৰাকী সদস্য আছে । মিত্ৰজোঁটৰ মুঠ সদস্য সংখ্যা ৮২ গৰাকী থকাৰ বিপৰীতে বিৰোধী শিবিৰত কংগ্ৰেছৰ ২৭ গৰাকী, এ আই ইউ ডি এফৰ ১৫ গৰাকী, চি পি আই (এম) আৰু ৰাইজৰ দলৰ এজনকৈ মুঠ ৪৪ গৰাকী সদস্য আছে ।
গৰুখুটি প্ৰকল্প স্থাপনৰ বাবে চলোৱা উচ্ছেদৰ সময়ত কৰা মন্তব্যৰ বাবে কংগ্ৰেছৰ সদস্য শ্বেৰমান আলী আহমেদ নিলম্বিত হৈ আছে । কংগ্ৰেছৰ আন এজন বিধায়ক ৰহা সমষ্টিৰ শশীকান্ত দাসেও ৰাজ্য চৰকাৰখনক মুকলিকৈ সমৰ্থন জনোৱাৰ বাবে দলৰ পৰা নিলম্বিত হৈ আছে । উল্লেখ্য যে চলি থকা বিধানসভাৰ অধিৱেশনত কংগ্ৰেছৰ নিলম্বিত সদস্য শ্বেৰমান আলীয়ে নিজৰ আসন কংগ্ৰেছৰ আন সদস্যসকলৰ কাষৰ পৰা আঁতৰাই এ আই ইউ ডি এফ সদস্য বহাৰ দিশলৈ অধ্যক্ষক আবেদন জনাই নিছে ।
আনহাতে সংবাদ মাধ্যমৰ আগত নিলম্বিত বিধায়কজনে নিজকে এতিয়া 'ফ্ৰী' বুলি মন্তব্য কৰিছে । তেনেক্ষেত্ৰত ৰাজ্যসভাৰ নিৰ্বাচনত দলৰ হুইপ তেওঁ যে অমান্য কৰিব সেই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে । আনহাতে, ৰহা সমষ্টিৰ বিধায়কজনে কংগ্ৰেছৰ পৰা সম্পৰ্ক আঁতৰাই শাসকীয় দল বিজেপিৰ কাষত হে আছে ।
অৰ্থাৎ ৰাজ্যসভাৰ নিৰ্বাচনত বিৰোধীৰ শক্তি ৪২ গৰাকীলৈ হ্রাস যে হৈ পৰিব সেই কথাৰ উমান স্পষ্ট হৈ পৰিছে । দ্বিতীয়খন আসনত জয় লাভ কৰিবলৈ ৪২ জন সদস্যৰ সমৰ্থন আৱশ্যক হৈ থকাত বৰ্তমানৰ বিধায়কসকল শেষ সময়লৈ ঐক্যবদ্ধ হৈ যে থাকিব পাৰিব তাৰ নিশ্চয়তা দলটোৰ নেতাসকলেও দিব পৰা নাই । ৰাজ্যসভাৰ দ্বিতীয়খন আসন বিজেপি মিত্ৰজোঁটে সংখ্যাৰ দিশত জয় লাভ কৰিব নোৱাৰে যদিও বিৰোধী পক্ষৰ এজন-দুজন বিধায়কে ক্ৰছ ভোটিং কৰিলে বা ভোটদানৰ দিনা উপস্থিত নাথাকিলে মিত্ৰজোঁটে দ্বিতীয়খন আসন অনায়াসে জয় লাভ কৰিব সেয়া নিশ্চিত ।
উল্লেখ্য যে, কংগ্ৰেছক থাকিলেও কেইবাজনো বিধায়কে বিজেপিৰ লগত সম্পৰ্ক বজাই ৰাখিছে । তেনেক্ষেত্ৰত কংগ্ৰেছ বা এ আই ইউ ডি এফৰ বিধায়কে ক্ৰছ ভোটিং কৰাৰ পৰিৱৰ্তে ভোটগ্ৰহণৰ দিনা যিকোনো অজুহাতত ভোটদানৰ পৰা আঁতৰি থাকি বিজেপি মিত্ৰজোঁটক দুয়োখন আসন লাভ কৰাৰ পথ প্ৰশস্ত কৰি তোলাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো দুয়োখন আসনৰ বাবে অংক কৰি থোৱাৰ কথা ইতিমধ্যে সদৰি কৰিছে ।
ইয়াৰ বাবেই নিচিন্ত মনে আছে শাসকীয় দল । উল্লেখ্য যে, ৰাজ্যসভাৰ নিৰ্বাচনৰ মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিন ২১ মাৰ্চ আৰু মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ২৪ মাৰ্চ । ৩১ মাৰ্চত হ'ব দুয়োখন আসনৰ ভোটদান আৰু ভোটগণনা ।
লগতে পঢ়ক :কংগ্ৰেছত খহনীয়া: পাৰ্থপ্ৰতিম বৰাৰ দলত্যাগ