ETV Bharat / state

বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ যোৱাৰ পথ প্ৰশস্ত হ'ল বিশ্বজিৎ দৈমাৰীৰ - বিশ্বজিৎ দৈমাৰীৰ

মনোনয়ন পৰীক্ষাৰ অন্তত শুকুৰবাৰে ৰাজ্যসভা নিৰ্বাচনৰ ৰিটাৰ্নিং বিষয়াই বিশ্বজিৎ দৈমাৰীৰ মনোনয়ন বৈধ বুলি ঘোষণা কৰে । ইয়াৰ লগে লগে একমাত্ৰ প্ৰাৰ্থী হিচাপে দৈমাৰীৰ পুনৰ ৰাজ্যসভা সাংসদ হিচাপে মনোনিত হোৱাৰ পথ স্পষ্ট হৈ পৰে ৷ উল্লেখ্য যে, ৰাজ্যসভাত খালি হোৱা এখন আসনৰ বাবে একমাত্ৰ বিজেপিৰ প্ৰাৰ্থী হিচাপে বিশ্বজিৎ দৈমাৰীয়ে মনোনয়ন দাখিল কৰে ।

Biswajit Daimary rajya sabha nomination valid
বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ যোৱাৰ পথ প্ৰশস্ত হ'ল বিশ্বজিৎ দৈমাৰীৰ
author img

By

Published : Feb 19, 2021, 4:50 PM IST

গুৱাহাটী, ১৯ ফেব্ৰুৱাৰী: চতুৰ্থটো কাৰ্যকালৰ বাবে পুনৰ ৰাজ্যসভাৰ সাংসদ হোৱাৰ পথ প্ৰশস্ত হ'ল ন-বিজেপি নেতা বিশ্বজিৎ দৈমাৰীৰ । উল্লেখ্য যে, ৰাজ্যসভাত খালি হোৱা এখন আসনৰ বাবে একমাত্ৰ বিজেপিৰ প্ৰাৰ্থী হিচাপে বিশ্বজিৎ দৈমাৰীয়ে মনোনয়ন দাখিল কৰে । ১৮ ফেব্ৰুৱাৰী আছিল মনোনয়ন দাখিলৰ অন্তিম দিন ।

মনোনয়ন পৰীক্ষাৰ অন্তত শুকুৰবাৰে ৰাজ্যসভা নিৰ্বাচনৰ ৰিটাৰ্নিং বিষয়াই বিশ্বজিৎ দৈমাৰীৰ মনোনয়ন পত্ৰ বৈধ বুলি ঘোষণা কৰে । ইয়াৰ লগে লগে একমাত্ৰ প্ৰাৰ্থী হিচাপে দৈমাৰীৰ পুনৰ ৰাজ্যসভা সাংসদ হিচাপে মনোনিত হোৱাৰ পথ স্পষ্ট হৈ পৰে ৷

অৱশ্যে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে ২২ ফেব্ৰুৱাৰী । বিশ্বজিৎ দৈমাৰীক এতিয়াও আনুষ্ঠানিকভাৱে বিজয়ী ঘোষণা কৰা হোৱা নাই । ২২ ফেব্ৰুৱাৰীত ৰিটাৰ্নিং বিষয়াই ৰাজ্যসভাৰ খালি আসনৰ সন্দৰ্ভত আনুষ্ঠানিকভাৱে ঘোষণা কৰিব ।

লগতে পঢ়ক: মিচিং জনগোষ্ঠীক বিশ্বাসঘাটকতা কৰিলে ভূৱন আৰু ৰণোজ পেগুৱে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.