ETV Bharat / state

বিপিএফ এৰিলে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে - বিপিএফ দল ত্যাগ

বিপিএফ দলত মুখ্যম আঘাত ৷ বিপিএফ দলৰ নেতা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ বিপিএফ ত্যাগ ৷ বিজেপিত যোগদান কৰিব সাংসদ গৰাকীয়ে ৷

biswajit-daimary-left-bpf
বিপিএফ এৰিলে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে
author img

By

Published : Nov 11, 2020, 3:46 PM IST

Updated : Nov 11, 2020, 5:26 PM IST

গুৱাহাটী,11নৱেম্বৰঃ ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচন আৰু আগন্তুক মাহতে বিটিচিত অনুষ্ঠিত হ’ব পৰিষদীয় নিৰ্বাচন ৷ তাৰ মাজতে বুধবাৰে বিপিএফ দলৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বিপিএফৰ সংগ ত্যাগ কৰি বিজেপি দলত যোগদান কৰিব বুলি সদৰি কৰে হোটেল লিলিত অনুষ্ঠিত হোৱা এখন সংবাদমেলত ৷

মন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ ভাষাত " বি পি এফত থাকিও মন আৰু আত্মা বিজেপিত থকা" সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বুধবাৰে বি পি এফৰ কাৰ্যকৰী সভাপতিৰ পদ আনুষ্ঠানিকভাৱে ত্যাগ কৰে । অৱশ্যে কাৰিকৰী কাৰণত আৰু কেতবোৰ সাংবিধানিক বিধি নিয়মৰ বাবে তেওঁ বি পি এফৰ সাধাৰণ সদস্যৰ পৰা এতিয়াও পদত্যাগ কৰা নাই । বি পি এফৰ জন্মলগ্নৰে নেতা বিশ্বজিৎ দৈমাৰীয়ে দুবাৰকৈ বিধায়ক আৰু দুবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত শেহতীয়াকৈ তেওঁ যে বি পি এফ ত্যাগ কৰি বিজেপিত যোগ দিবলৈ ওলাইছে তাকে লৈ ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা চলিছিল ।

বিপিএফ এৰিলে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে

তাৰ মাজতে তেওঁ আজি আনুষ্ঠানিকভাৱে বি পি এফৰ কাৰ্যকৰী সভাপতি পদ ত্যাগ কৰি ঘোষণা কৰে যে খুব সোনকালে তেওঁ দলৰ প্ৰাথমিক সদস্য পদো ত্যাগ কৰিব আৰু বিজেপিত যোগ দিব । আজিৰ তাৰিখত বিজেপি আৰু বি পি এফৰ মাজত মিত্ৰতা থকা নথকাটো একেই কথা বুলি মন্তব্য কৰি তেওঁ কয় যে তেওঁ যি লক্ষ্য উদ্দেশ্যৰে বি পি এফত জন্মলগ্নৰে পৰা জড়িত হৈ আছিল সেয়া প্ৰায় সম্পূৰ্ণ হৈছে । আজিৰ তাৰিখত বড়ো জাতিৰ বিশেষ কোনো সমস্যা নাই । গতিকে এতিয়া বিজেপিত যোগ দি বহল পৰিসৰত ৰাজনীতি কৰাৰ সময় বুলিও তেওঁ মন্তব্য কৰে ৷

এতিয়াৰে পৰা বি পি এফৰ লগত তেওঁৰ কোনো ধৰণৰ সম্পৰ্ক নাথাকিব বুলিও উল্লেখ কৰি ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কয় যে দল এৰাৰ প্ৰাকমুহুৰ্তত কোনো দলীয় কৰ্মীৰ প্ৰতি তেওঁৰ কোনো ধৰণৰ ক্ষোভ নাই । ইপিনে সম্প্ৰতি তেওঁ বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপি দলৰ হৈ প্ৰচাৰ চলাব বুলি জানিবলৈ দিয়ে ৷ একেদৰে বিপিএফৰ আন এগৰাকী জ্যেষ্ঠনেতা ইমানুৱেল মুছাহাৰীয়েও বিজেপিত যোগদান কৰিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশনাঃ হাহাকাৰ বৰপেটাৰ আতচবাজী উদ্যোগত

Last Updated : Nov 11, 2020, 5:26 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.