গুৱাহাটী , 11 ছেপ্তেম্বৰ : উজান বজাৰ ৰেভ পাৰ্টীত কোকেইন যোগান ধৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিশাল চৌধুৰীৰ এনকাউণ্টাৰ সন্দৰ্ভত ন্যায়ালয়ৰ কাষ চাপিছে পৰিয়ালৰ লোক ৷ আৰক্ষীয়ে ভুৱা এনকাউণ্টাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিশালৰ পৰিয়ালে ৷ ভুৱা এনকাউণ্টাৰৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে বিশালৰ পৰিয়ালে আদালতত গোচৰ তৰা বুলি জানিব পৰা গৈছে ৷
লগতে চাওক : কিয় আৰক্ষীয়ে দুটা গুলী মাৰিছিল বিশাল চৌধুৰীলৈ; ডিচিপিৰ বৰ্ণনা
উল্লেখ্য যে, আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতে খাৰঘুলিৰ ৰেভ পাৰ্টীৰ (Rave party) গোচৰৰ অন্যতম মূল অভিযুক্ত বিশাল চৌধুৰী আৰক্ষীৰ গুলীত আহত হৈছিল ৷ আগষ্ট মাহৰ ১৪ আগষ্টত গুৱাহাটীৰ খাৰঘুলিৰ ৰিভিয়েৰা এপাৰ্টমেন্টত চলা ৰেভ পাৰ্টীত কোকেইন যোগান ধৰাৰ অভিযোগত আৰক্ষীৰ জিম্মাত আছিল বিশাল চৌধুৰী ৷
লগতে পঢ়ক : আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ খাৰঘূলিৰ ৰেভ পাৰ্টীৰ অভিযুক্ত বিশাল চৌধুৰী
বিশাল চৌধুৰীক এনকাউণ্টাৰ কৰা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বিশাল চৌধুৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে ৪ ছেপ্টেম্বৰত নুনমাটিত এজন লোকৰ বিৰুদ্ধে নিশা প্ৰায় ১২.৩০ বজাত অভিযান চলাবলৈ গৈছিল ৷ সেই সময়তে মাজবাটত আৰক্ষীৰ গাড়ীখন লাহে লাহে যোৱাৰ সুযোগ লৈ বিশাল চৌধুৰীয়ে আৰক্ষীৰ গাড়ীৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰে ৷ বিশালক আৰক্ষীয়ে পলায়নৰ চেষ্টা নকৰিবলৈ সকীয়াই দিয়ে যদিও আৰক্ষীৰ কথা নুশুনি পলায়নৰ চেষ্টা কৰাত আৰক্ষীয়ে বিশালৰ ভৰিত গুলী কৰিবলৈ বাধ্য হয় ৷
লগতে পঢ়ক : মহানগৰীত ড্ৰাগছেৰে জন্মদিনৰ পাৰ্টী : আৰক্ষীৰ জালত ১৮ জনকৈ যুৱক-যুৱতী
আৰক্ষীয়ে সদৰী কৰা মতে, বিগত দুই বছৰ ধৰি কোকেইন সৰবৰাহত জড়িত থকা বুলি বিশালে ইতিমধ্যে নিজে স্বীকাৰ কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, কুৰিয়াৰ যোগে বিশালে গুৱাহাটীলৈ কোকেইন সৰবৰাহ কৰিছিল ৷ কোকেইন সৰবৰাহৰ দৰে গুৰুতৰ অভিযোগত অভিযুক্ত বিশাল চৌধুৰীৰ এনকাউণ্টাৰক পৰিয়ালে ভুৱা এনকাউণ্টাৰৰ আখ্যা দি আইনৰ কাষ চপা ঘটনাই এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে ৷
লগতে পঢ়ক : কাৰাগাৰত চলিছে 'গহনালয়'; দহটকীয়া মুদ্ৰাৰ পৰা কয়দীয়ে গঢ়িছে আঙুঠি-কাণফুলি