ETV Bharat / state

ৰাজ্যসভালৈ মিত্ৰজোঁটৰ দুই ‘প্ৰসাদ’ : ‘কেব’ক লৈ নিশ্চুপ অগপ - birindra-prasad-baisya

বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হ'ল বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু কামাখ্যা প্ৰসাদ তাছা । বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা আৰু বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক বিজয় ঘোষণা ৷

বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু কামাখ্যা প্ৰসাদ তাছা
author img

By

Published : May 31, 2019, 6:46 PM IST

গুৱাহাটী, 31 মে’: অহা 14 জুনত কাৰ্যকাল উকলিব অসমৰ দুই ৰাজ্যসভাৰ সাংসদ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু শান্তিয়াজ কুজুৰৰ । 14 জুনত খালী হ'ব লগা ৰাজ্যসভাৰ আসন দুখনৰ বাবে বিজেপি দলৰহৈ কামাখ্যা প্ৰসাদ তাছা আৰু বিজেপি মিত্ৰজোঁটৰ হৈ অগপৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই দাখিল কৰিছিল মনোনয়ন । শুকুৰবাৰে মনোনয়ন পত্ৰৰ আছিল অন্তিমটো দিন ৷ সেই অনুসৰি দুয়োগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰাৰ্থী থিয় কৰোৱা নাছিল কংগ্ৰেছৰ লগতে অন্য বিৰোধী দলে । যাৰ বাবে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু কামাখ্যা প্ৰসাদ তাছাৰ বিৰুদ্ধে প্ৰাৰ্থী নথকাৰ বাবে নিৰ্বাচনী বিষয়াই দুয়োগৰাকী প্ৰাৰ্থীকে বিনা প্ৰতিদ্বন্দিতাই বিজয় ঘোষণা কৰে ।

নিৰ্বাচনী বিষয়াই বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু কামাখ্যা প্ৰসাদ তাছাক বিজয় ঘোষণা কৰি শুকুৰবাৰে মিত্ৰজোঁটৰ প্ৰাৰ্থী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক বিজয় পত্ৰ প্ৰদান কৰে । অগপ দলৰ সভাপতি তথা মিত্ৰজোঁটৰ মন্ত্ৰী অতুল বৰাই বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক শুভেচ্ছা জ্ঞাপন কৰে যদিও কেব লৈ সাংসদত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ স্থিতি কি হ'ব বুলি সাংবাদিকে কৰা প্ৰশ্নত কোনোধৰণৰ মন্তব্য প্ৰদান কৰাৰ পৰা বিৰত থাকে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ৷

বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু কামাখ্যা প্ৰসাদ তাছা

মিত্ৰজোঁটৰ দল অগপৰ বিজয় প্ৰাৰ্থী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই আজি নিৰ্বাচনী বিষয়াৰ পৰা বিজয় পত্ৰ গ্ৰহণ কৰে যদিও বিজেপিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই কাইলৈ অৰ্থাৎ শনিবাৰে পত্ৰ গ্ৰহণ কৰিব । কংগ্ৰেছ দলে বিধানসভাত তেওঁলোকৰ মাত্ৰ 25 খন আসন থকাৰ বাবে ৰাজ্যসভাত প্ৰাৰ্থী প্ৰদান নকৰিলে ।

Intro:বিনা প্ৰতিদণ্ডিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হ'ল বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু কামাখ্যা প্ৰসাদ তাছা। বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা আৰু বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক বিজয় বুলি ঘোষণা।

Body:আহ ১৪ জুনত কাৰ্যকাল উকলিব অসমৰ দুই ৰাজ্যসভাৰ সাংসদ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু শান্তিউশ কুজোৰৰ। ১৪ জুনত খালি হ'ব লগা ৰাজ্যসভাৰ আসন দুটাত বাবে বিজেপি দলৰহৈ কামাখ্যা প্ৰসাদ তাছা আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ মিত্ৰজোঁট দল অগপৰহৈ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই মনোনয়ন দাখিল কৰিছিল। আজি মনোনয়ন পত্ৰ উঠাই লোকৰ অন্তিম দিন আছিল যদিও দুয়োগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰাৰ্থী থিয় কৰা নাছিল কংগ্ৰেছৰ লগতে অন্য বিৰোধী দল। বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু কামাখ্যা প্ৰসাদ তাছাৰ বিৰুদ্ধে প্ৰাৰ্থী নথকাৰ বাবে নিৰ্বাচনী বিষয়াই দুয়োগৰাকীকে প্ৰাৰ্থীকে বিনা প্ৰতিদণ্ডিতাই বিজয় ঘোষণা কৰে। নিৰ্বাচনী বিষয়াই বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু কামাখ্যা প্ৰসাদ তাছাক বিজয় ঘোষণা কৰি আজি মিত্ৰজোঁটৰ প্ৰাৰ্থী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক বিজয় পত্ৰ প্ৰদান কৰে। অগপ দলৰ সভাপতি তথা মিত্ৰজোঁটৰ মন্ত্ৰী অতুল বৰাই বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক শুভেচ্ছা জ্ঞাপন কৰে যদিও কেব লৈ সাংসদত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ স্থিতি কি হ'ব বুলি সাংবাদিকে কৰা প্ৰশ্নত কোনোধৰণৰ মন্তব্য প্ৰদান নকৰে।

বাইট ১ : অতুল বৰা
বাইট ২ : বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য
বাইট ৩: মানবেন্দ্ৰ নাথ ডেকা, নিৰ্বাচনী বিষয়া

Conclusion:মিত্ৰজোঁটৰ দল অগপৰ বিজয় প্ৰাৰ্থী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই আজি নিৰ্বাচনী বিষয়াৰ পৰা বিজয় পত্ৰ গ্ৰহণ কৰে যদিও বিজেপিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই অহকালি পত্ৰ গ্ৰহণ কৰিব। কংগ্ৰেছ দলে বিধানসভা তেওঁলোকৰ মাত্ৰ ২৫খন আসন থকাৰ বাবে ৰাজ্যসভাত প্ৰাৰ্থী প্ৰদান নকৰিলে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.