ETV Bharat / state

Guwahati thief incident:হাতীগাঁৱত চিলনী চোৰে থপিয়াই নিলে মহিলাৰ বেগ

সন্ধিয়া পৰত খোজ কাঢ়িবলৈ গ’লে সাৱধান হওক, কিয়নো গুৱাহাটী মহানগৰীৰ চাৰিওফালে এতিয়া চোৰ, ডকাইত, হত্যাকাৰী বিভিন্নজনে মুকলি মনেৰে ঘুৰি ফুৰে ৷ আপুনি কেতিয়া কাৰ সৈতে মুখামুখি হ’বলগীয়াত পৰে ঠিক নাই (Guwahati thief incident) ! সবিশেষ আগলৈ-

Guwahati thief incident
চিলনী চোৰে থপিয়াই নিলে মহিলাৰ বেগ
author img

By

Published : May 25, 2023, 11:39 AM IST

চিলনী চোৰে থপিয়াই নিলে মহিলাৰ বেগ

গুৱাহাটী, 25 মে’ : আজিৰ দিনটো বিশেষ, বহুতৰ বাবে বহুত ধৰণে বিশেষ ৷ আজি ৰাজ্যৰ যুৱচামে নিজৰ সপোন পূৰণৰ প্ৰথমটি খোজ দিব ৷ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয়মন্ত্ৰীৰ উপস্থিতিত ৰাজ্যৰ 45 হাজাৰ নিৱনুৱা যুৱক-যুৱতীয়ে ল’ব নিযুক্তি পত্ৰ ৷ সদ্য ঘোষিত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান কৰিব আজি চৰকাৰে ৷ উক্ত বিশেষ দিনটোৰ বাবে অসমলৈ আহিছে গৃহমন্ত্ৰী অমিত শ্বাহ ৷

অমিত শ্বাহৰ আগমণৰ বাবে গুৱাহাটী মহানগৰীত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ৷ কিন্তু তাৰ মাজতে মহানগৰীত সংঘটিত হ’ল এক চুৰিকাণ্ড ৷ চিলনী চোৰে ৰাস্তাত খোজকাঢ়ি গৈ থকা মহিলাৰ পৰা টানি লৈ মানিবেগ ৷ মহিলাগৰাকীয়ে মানিবেগটো ক্ৰছকৈ পিন্ধি আছিল বুলি জানিব পৰা গৈছে (Bike rider snatch a purse from a lady) ৷

লগতে পঢ়ক : SI Junmoni Rabha Death: নিলম্বিত হ'ল বিতৰ্কিত আৰক্ষী বিষয়া মনোজ ৰাজবংশী

কালি অৰ্থাৎ বুধবাৰে সন্ধিয়া প্ৰায় 8 মান বজাত সংঘটিত হয় এই চুৰিকাণ্ডৰ ঘটনা (Guwahati thief incident) ৷ হাতীগাঁও থানাৰ সমীপতে ঘটে এই ঘটনা ৷ বজাৰলৈ বুলি ওলাই যোৱা মহিলাগৰাকীক পিচফালৰ পৰাই শাৰীৰ আঁচলত টানি বাইকত অহা দুই দুৰ্বৃত্তই তেওঁৰ মানিবেগটো টানি লৈ গুচি যায় ৷ বজাৰৰ পৰা ঘৰলৈ উভতি আহি থাকোতেই এই ঘটনাটো সংঘটিত হয় ৷

নগাঁও ছোৱালী হাইস্কুলৰ শিক্ষয়িত্ৰী নাজৰানা চুলতানা নামৰ মহিলাগৰাকীৰ বেগটোত নগদ প্ৰায় আঢ়ৈ হাজাৰ টকা, ম’বাইল ফোন, ঘৰৰ চাবিকাঠি থকা বুলি জানিব পৰা গৈছে । চিলনী চোৰৰ এই কাণ্ডৰ পিচতে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে হাতীগাঁও আৰক্ষীয়ে ।

উল্লেখ্য যে পূৰ্বেও হাতীগাঁওৰ এই স্থানত সংঘটিত হৈছে চুৰি-ডকাইতিৰ দৰে অপৰাধ জনিত ঘটনা । এনেধৰণৰ ঘটনাসমূহ ৰোধ কৰিবলৈ হাতীগাঁও আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় ।

লগতে পঢ়ক : AJP on Junmoni Rabha case: অসম আৰক্ষীৰ ভিতৰ চ’ৰা বিশৃংখলতাৰে ভৰপূৰ; অজাপৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.