গুৱাহাটী,১৮ এপ্ৰিল: কামৰূপ(ম) জিলাত সোমবাৰৰ পৰা অনুষ্ঠিত কৰিব নোৱাৰিব বিহুৰ অনুষ্ঠান । তিনি শতাধিক সক্ৰিয় ক'ভিড ৰোগী থকা জিলাত বিহুৰ অনুষ্ঠানৰ ক্ষেত্ৰত অনুমতি দিয়া নহ'ব । বৰ্তমান সময়ত গুৱাহাটীৰ বাহিৰে কোনো জিলাত নাই তিনিশতকৈ বেছি সক্ৰিয় কৰ’ণা ৰোগী । সোমবাৰে এইক্ষেত্ৰত ৰাজ্য চৰকাৰে জাৰি কৰিব জাননী । দেওবাৰে এই কথা সদৰী কৰিলে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । গুৱাহাটীৰ কালাপাহাৰত থকা ক'ভিড হাস্পতাল পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত মন্ত্ৰী শৰ্মাই কয়- 300 তকৈ অধিক সক্ৰিয় ক'ভিড ৰোগী থকা জিলাত বিহুৰ লগতে আন উৎসৱ উদযাপন কৰাৰ বাবে অনুমতি নিদিবলৈ জিলা উপায়ুক্তসকলক কোৱা হ'ব । এইক্ষেত্ৰত সোমবাৰে নিৰ্দেশনা জাৰি কৰা হ'ব ।
বৰ্তমান গুৱাহাটীৰ বাহিৰে কোনো জিলাত 300 তকৈ অধিক সক্ৰিয় ক'ভিড ৰোগী নাই । 300 ৰ বেছি সক্ৰিয় ক'ভিড ৰোগী হ'লে জিলা উপায়ুক্তসকলে নিজাকৈ সিদ্ধান্ত লৈ নিৰ্দেশনা দিব পাৰিব । গুৱাহাটী মহানগৰীত ক'ভিডৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ কথা সদৰী কৰি মন্ত্ৰী শৰ্মাই কয়- মঙলবাৰৰ পৰা মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল সম্পূৰ্ণৰূপে ক'ভিড হাস্পতাল কৰা হ'ব । প্ৰসূতি বিভাগ চলি থাকিব যদিও সাধাৰণ ৰোগীসকলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰিত কৰা হ'ব । আনহাতে চাৰিদিনৰ ভিতৰত সৰুসজাই, নেহৰু ষ্টেডিয়াম, পতঞ্জলী, এমএছএমই আমিনগাঁও, শিঙিমাৰী হাস্পতাল, কলিতাকুছি হাস্পতাল আৰু ৰহমান ইনষ্টিটিউট অৱ পেৰামেডিকেলছ ক'ভিড হাস্পতাললৈ ৰূপান্তৰিত কৰা হ'ব । প্ৰয়োজন হ’লে খানাপাৰা, পলাশবাৰী আৰু সৰুসজাইত ক'ভিড কেয়াৰ চেণ্টাৰ নিৰ্মাণ কৰা হ’ব ।
বৰ্তমান সময়ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে । এই ভাইৰাছ বতাহত বহু দেৰি উৰি থাকে আৰু সোনকালে বিস্তাৰিত হয় । চিকিৎসকে জনোৱা মতে, এজনৰ পৰা আন এজনলৈ অতি সোনকালে সংক্ৰমিত হয় । ইয়াৰ ভয়াৱহতা আগৰ দৰেই আছে । মন্ত্ৰী শৰ্মাই লগতে কয় যে, এতিয়ালৈকে লক ডাউন তথা নৈশ সান্ধ্য আইনৰ কথা চিন্তা কৰা নাই । বৰ্তমান ক'ভিড ভেকচিন পৰ্যাপ্ত পৰিমাণে মজুত আছে বুলি সদৰী কৰি মন্ত্ৰী শৰ্মাই কয়- এতিয়ালৈকে আমাৰ হাতত ৫ লাখ ৮৯ হাজাৰ ভেকচিন মজুত আছে । সেইদৰে অক্সিজেন ৩০০ মেট্ৰিক টন মজুত আছে ।
উল্লেখ্য যে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ পৰা এইটো নিশ্চিত যে সোমবাৰৰ পৰা কামৰূপ(ম) জিলাত বিহুৰ অনুষ্ঠানৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হ'ব । লগতে এইটোও স্পষ্ট হৈ পৰিছে যে গুৱাহাটী কৰ’ণা আক্ৰান্তৰ সংখ্যা যথেষ্ট হাৰত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে বিচনাৰ সংখ্যা বৃদ্ধি কৰা হৈছে ।
লগতে পঢ়ক : নিৰ্ধাৰিত সময়তে হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা