ETV Bharat / state

চৰকাৰী নিয়ম অনুসৰি গাড়ীগাঁৱত বিহুৰ পতাকা উত্তোলন

মহামাৰী কৰ'ণাৰ ভয়াৱহতাৰ মাজতো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্টুপীয়াকৈ হেপাহৰ বিহু উদযাপন কৰিলে অসমীয়াই । চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰিয়ে জালুকবাৰী কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে উত্তোলন কৰে পতাকা ।

author img

By

Published : Apr 13, 2020, 5:27 PM IST

গুৱাহাটী
চৰকাৰী নিয়ম অনুসৰি গাড়ীগাঁৱত বিহুৰ পতাকা উত্তোলন

গুৱাহাটী, ১৩ এপ্ৰিলঃ আজি গৰু বিহু। মহামাৰী কৰ'ণাৰ ভয়াৱহতাৰ মাজতো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্টুপীয়াকৈ হেপাহৰ বিহু উদযাপন কৰিলে অসমীয়াই । চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰিয়ে বিহু কমিটিসমূহে ধাৰাবাহিকতা অক্ষুন্ন ৰাখি উত্তোলন কৰে পতাকা । সোমবাৰে মহানগৰীৰ গাড়ীগাঁও শৰাইঘাটত ৰংগমঞ্চতো ঐতিহ্যমণ্ডিত জালুকবাৰী কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে উত্তোলন কৰে বিহুৰ পতাকা। বিহু উদযাপন সমিতিৰ তিনিগৰাকী সদস্য আৰু এগৰাকী আমন্ত্ৰিত অতিথিৰে এই কাৰ্যসূচী সমাপন কৰা হয় । এই অনুষ্ঠানত উপস্থিত থাকে জালুকবাৰী কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা অসমীয়া ছবিজগতৰ প্ৰযোজক-পৰিচালক ৰাজীৱ বৰা, সাধাৰণ সম্পাদক হুকুম চান্দ আলী বস্কী আৰু অৱসৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত মুজাহিদ আলী । এই জটিল সন্ধিঃক্ষণত প্ৰতিজন নাগৰিককে চৰকাৰ-প্ৰশাসনৰ লগত সহযোগ কৰিবলৈ আহ্বান জনাই বিহু উদযাপন সমিতিয়ে।

উল্লেখযোগ্য যে, গাড়ীগাঁও, সদিলাপুৰৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাৰ ৰাইজ মিলি প্ৰতিবছৰে বহাগৰ ৬, ৭ তাৰিখে এই কাৰ্যসূচী অনুষ্ঠিত হৈ আহিছে। কিন্তু এইবাৰ লক ডাউন হেতুকে সকলো প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ পিছতো বাতিল কৰিছে অনুষ্ঠান ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.