গুৱাহাটী, ৩ নৱেম্বৰ : ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকে (Jigme Khesar Namgyel Wangchuck) শুকুৰবাৰে এক বিশেষ বিমানযোগে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় । তাৰ পৰা পোনে পোনে তেওঁ নীলাচল পাহাৰলৈ যায় । তাত তেওঁ শক্তিপীঠ কামাখ্যা ধাম দৰ্শন কৰে । মা কামাখ্যাৰ আশিস গ্ৰহণ কৰি পোনে পোনে যাব ৰেডিছন ব্লু'লৈ ।
-
ཨ་སམ་གི་མི་སེར་ཚུ་གིས་ མི་དབང་མཆོག་གི་སྐུ་ཞབས་འཇིགས་མེད་གེ་སར་རྣམ་རྒྱལ་དབང་ཕྱུག་བཀྲིན་དགའ་ཚོར་དང་དགའ་ཚོར་གྱི་ཐོག་ལས་འབྱོན་པ་ལེགས་སོ་ཞུ་གནང་
— Himanta Biswa Sarma (@himantabiswa) November 3, 2023 " class="align-text-top noRightClick twitterSection" data="
ভূটানৰ মহামান্য নৃপতিক অসমভূমিলৈ স্বাগতম৷ pic.twitter.com/p3wr6iN5nz
">ཨ་སམ་གི་མི་སེར་ཚུ་གིས་ མི་དབང་མཆོག་གི་སྐུ་ཞབས་འཇིགས་མེད་གེ་སར་རྣམ་རྒྱལ་དབང་ཕྱུག་བཀྲིན་དགའ་ཚོར་དང་དགའ་ཚོར་གྱི་ཐོག་ལས་འབྱོན་པ་ལེགས་སོ་ཞུ་གནང་
— Himanta Biswa Sarma (@himantabiswa) November 3, 2023
ভূটানৰ মহামান্য নৃপতিক অসমভূমিলৈ স্বাগতম৷ pic.twitter.com/p3wr6iN5nzཨ་སམ་གི་མི་སེར་ཚུ་གིས་ མི་དབང་མཆོག་གི་སྐུ་ཞབས་འཇིགས་མེད་གེ་སར་རྣམ་རྒྱལ་དབང་ཕྱུག་བཀྲིན་དགའ་ཚོར་དང་དགའ་ཚོར་གྱི་ཐོག་ལས་འབྱོན་པ་ལེགས་སོ་ཞུ་གནང་
— Himanta Biswa Sarma (@himantabiswa) November 3, 2023
ভূটানৰ মহামান্য নৃপতিক অসমভূমিলৈ স্বাগতম৷ pic.twitter.com/p3wr6iN5nz
খানাপাৰাৰ ষ্টাফ কলেজৰ বিশেষ অনুষ্ঠানত অংশ ল’ব ভূটানৰ ৰজাই । ৪ নৱেম্বৰত পৰিদৰ্শন কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও বহিব বৈঠকত । ভূটানৰ ৰজাক আদৰিবলৈ সাজু ৰাজ্য চৰকাৰ । বৃদ্ধি কৰা হৈছে ৰাজ্যৰ নিৰাপত্তা ব্যৱস্থা । বিমানবন্দৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উষ্ম আদৰণি জনাই ভূটানৰ ৰজাক ।
উল্লেখ্য যে শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ আহিছে ভূটানৰ ৰজা । দেওবাৰে যোৰহাটৰ পৰা নতুন দিল্লীলৈ যাব । ভূটানৰ ৰজাই গুৱাহাটীত ভূটানী সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত বিনিময় কৰিব । ৰজাই শুকুৰবাৰে অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই তেওঁৰ সন্মানত ৰাজভৱনত আয়োজন কৰা নৈশ ভোজত অংশগ্ৰহণ কৰিব আৰু পিছদিনা ৰাতিপুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ বাবে যোৰহাটলৈ উৰা মাৰিব ।
ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কয় যে, দুয়োখন দেশৰ মাজত এক অনন্য সম্পৰ্ক আছে যি সময় আগবাঢ়ি যোৱাৰ লগে লগে শক্তিশালী হৈ গৈ আছে । শৰ্মাই কয় যে, ৰাজ্যখনলৈ প্ৰথমবাৰৰ বাবে অহা ৰজাক আদৰণি জনাবলৈ অসমৰ জনসাধাৰণে আগ্ৰহেৰে অপেক্ষা কৰি আছে । "ভাৰত আৰু ভূটানৰ মাজত এক অনন্য সম্পৰ্ক আছে যি সময়ৰ লগে লগে শক্তিশালী হৈ আহিছে । বহু শতিকা ধৰি জ্ঞান আৰু শিক্ষা এই বিশেষ বান্ধোনৰ কেন্দ্ৰবিন্দু হৈ আহিছে ", মুখ্যমন্ত্ৰীগৰাকীয়ে এক্সত এই কথা প্ৰকাশ কৰে ।
শৰ্মাই লগতে কয়, "কাইলৈ আমি অসমত, ভূটানৰ ৰজা মহামান্যক আমাৰ ৰাজ্যলৈ তেওঁৰ প্ৰথম চৰকাৰী ভ্ৰমণত আদৰণি জনাবলৈ আগ্ৰহেৰে অপেক্ষা কৰিছো ।" মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই ভ্ৰমণে দুয়োখন দেশৰ মাজত বন্ধুত্ব অধিক গভীৰ কৰি তুলিব । উল্লেখ্য যে, ৰয়েল ভূটানৰ ৰাষ্ট্ৰদূত মেজৰ জেনেৰেল ভেটছপ নামগিয়েলে ৰাজ্যখনলৈ ৰজাৰ ভ্ৰমণৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিছিল ।
লগতে পঢ়ক : Bhutan King Assam Visit : দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ভূটানৰ ৰজা