ETV Bharat / state

শ্ৰীলংকাৰ পিছত অৰ্থনৈতিক অচলাৱস্থাৰ দিশে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান

শ্ৰীলংকাৰ পিছত অৰ্থনৈতিক অচলাৱস্থাৰ দিশে আগবাঢ়িছে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটান (Bhutan heading towards economic stalemate) ।‌‌ ক'ভিডকেন্দ্ৰিক পৰিস্থিতিয়ে পৰ্যটনৰ প্ৰতি সৃষ্টি কৰা ভাবুকিয়েই ইয়াৰ কাৰণ বুলি বিবেচিত হৈছে ।‌

author img

By

Published : Aug 23, 2022, 8:47 PM IST

Bhutan
Bhutan

গুৱাহাটী, ২৩ আগষ্ট : উপাৰ্জনতকৈও 'সুখৰ অৰ্থনীতি'তহে বিশ্বাসী বুলি দাবী কৰি বিশ্ব সমাজৰ দৃষ্টি আকৰ্ষণ কৰা আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটান শেহতীয়াকৈ সন্মুখীন হৈছে গুৰুতৰ অৰ্থনৈতিক সংকটৰ (Bhutan facing serious economic crisis) । অতি শেহতীয়াকৈ এই কথা আনুষ্ঠানিকভাৱে জনাইছে ৰাষ্ট্ৰখনৰ 'ৰয়েল মনিটৰী অথৰিটী'য়ে (royal monetary authority of Bhutan) ।

মাত্ৰ ৮ লাখ জনসংখ্যাৰ এই ক্ষুদ্ৰ ৰাষ্ট্ৰখনৰ এই সংকটক লৈ আলোচনা চলিছে অৰ্থনীতিবিদ আৰু গৱেষণা সংস্থাসমূহৰ মাজত । ৰয়েল মনিটৰী অথৰিটীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২০ ৰ পৰা আৰম্ভ হোৱা ক'ভিড ১৯ মহামাৰী প্ৰতিহত কৰাৰ ক্ষেত্ৰত দেশখনে লোৱা 'জিৰ' ক'ভিড নীতি'য়ে (Zero Covid policy of Bhutan) দেশখনৰ পৰ্যটন অৰ্থনীতিৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে । সেই পৰিস্থিতিয়ে ঘৰুৱা অৰ্থনীতিৰ ওপৰত পেলোৱা প্ৰভাৱ শেহতীয়া বিত্তীয় বৰ্ষ দুটাত স্পষ্ট হৈ পৰিছে (impact of covid policy on domestic economy) ।

ৰয়েল মনিটৰী অথৰিটীৰ তথ্য মতে, অৰ্থনৈতিক সংকটৰ এই পৰিস্থিতিত 'ফৰেইন একছেঞ্জ ৰিজাৰ্ভ' (Foreign Exchange Reserve) ২০২১ চনৰ এপ্ৰিলৰ ১.৪৬ বিলিয়ন ডলাৰৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত ৯৭০ মিলিয়ন ডলাৰলৈ নামিছে । সংস্থাটোৰ মতে দেশখনৰ হাতত যি পৰিমাণৰ ফৰেইন একছেঞ্জ ৰিজাৰ্ভ আছে তাৰ‌ বিপৰীতে অহা চৈধ্য মাহলৈহে নিত্য ব্যৱহাৰ্য সামগ্ৰী আমদানি কৰিব পাৰিব । ভূটানৰ সংবিধান মতে, অতি কমেও বাৰ মাহৰ বাবে নিত্য ব্যৱহাৰ্য সামগ্ৰী আমদানি কৰিব পৰাকৈ ফৰেইন একছেঞ্জ ৰিজাৰ্ভ থাকিবই লাগিব ।

গতিকে সংস্থাটোৰ মতে, জোঁৰ পুৰি হাত পাবলৈ মাজত মাত্ৰ এমাহহে আছে । উল্লেখ্য, ৰয়েল মনিটৰী অথৰিটীয়ে জুলাই মাহতে এই সতৰ্কবাণী প্ৰকাশ কৰিছিল (Royal Monetary Authority issued warning) যদিও পৰিস্থিতিৰ পৰা পৰিত্ৰাণৰ পথ এতিয়াও দেশখনে নিৰ্ধাৰণ কৰিব পৰা নাই । মন কৰিবলগীয়া যে, ভূটানে তাৰ দেশীয় উপাৰ্জনৰ ((Bhutan domestic income) ) প্ৰায় সত্তৰ শতাংশ পুঁজি সংগ্ৰহ কৰে জলবিদ্যুৎ প্ৰকল্প (Hydroelectric Project of Bhutan) আৰু পৰ্যটন ক্ষেত্ৰৰ (Tourism industry of Bhutan) পৰা । জলবিদ্যুৎ খণ্ডৰ পৰা বাৰ্ষিক বাজেটৰ ২০ শতাংশ সংগৃহীত হয় ।

বাকী সিংহভাগ আহে পৰ্যটন, খনিজ সম্পদ আৰু খাদ্য সংসাধন উদ্যোগৰ পৰা । কিন্তু ক'ভিডৰ সময়ছোৱাত যেতিয়া ৰাষ্ট্ৰখনে জিৰ' ক'ভিড নীতি ল'লে আৰু সেয়া দীৰ্ঘকালৰ বাবে অব্যাহত ৰাখিলে, তেতিয়া উপাৰ্জনৰ পৰিমাণ কাৰ্যতঃ শূন্যলৈ নামি আহে ।‌‌‌‌‌ কিছুদিনৰ পূৰ্বে ভূটান চৰকাৰে জাতীয় আয় বৃদ্ধিৰ বাবে পৰ্যটকৰ পৰা সংগ্ৰহ কৰা মাচুলৰ পৰিমাণ বৃদ্ধি কৰা হৈছিল (tourists fees increased by Bhutan) যদিও পৰ্যটকৰ সংখ্যা এতিয়াও আকাংক্ষিত ধৰণে বৃদ্ধি পোৱা নাই ।

তথ্য অনুসৰি, ২০১৯ চনত অৰ্থাৎ ক'ভিডৰ আগত ৩,১৫,৫৯৯ গৰাকী পৰ্যটকে ভূটানত প্ৰবেশ কৰিছিল । ৰাজহ সংগ্ৰহৰ পৰিমাণ আছিল ২২৫ নিযুত ডলাৰ । কিন্তু ইয়াৰ ঠিক পিছৰ বৰ্ষ ২০২০ চনত দেশখনলৈ আহে মাত্ৰ ২৮,০০০ গৰাকী পৰ্যটক । ৰাজহ সংগ্ৰহৰ পৰিমাণ আছিল মাত্ৰ ১৯ নিযুত ডলাৰ । গতিকে পৰিস্থিতি সহজেই অনুমেয় । নতুন দিল্লীৰ এক সূত্ৰ মতে, এনে পৰিস্থিতিত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে সাহায্য বিচাৰিছে ভাৰত চৰকাৰৰ পৰা (Bhutan seeks assistance from India) ।

সূত্ৰটোৰ মতে, জলবিদ্যুৎ প্ৰকল্পকে মুখ্য কৰি ভালেসংখ্যক প্ৰকল্পৰ কাম ভূটান চৰকাৰে ভাৰত চৰকাৰৰ প্ৰত্যক্ষ সাহায্যতহে কৰি আছে । ভূটানে এনে প্ৰক্ৰিয়াৰ অংশ হিচাপে এতিয়া বিচাৰিছে আপফ্ৰণ্ট পুঁজি (Bhutan wants upfront funds) । এই কথা ভাৰত চৰকাৰৰ মজিয়াত এতিয়া বিবেচনাধীন বুলি সূত্ৰটোৱে জানিবলৈ দিছে (Indian Government consideration to help Bhutan) ।

লগতে পঢ়ক :পানীৰ অভাৱত কৃষকে পথাৰত ৰুব পৰা নাই ভূঁই

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.