গুৱাহাটী, 10 জুনঃ এটুপি পানীৰ বাবে হাহাকাৰ পৰিস্থিতি জালুকবাৰীস্থিত ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত । সমাধিক্ষেত্ৰৰ শৌচাগাৰ-প্ৰস্ৰাৱগাৰত নাই পানী । কেইবাদিন ধৰি পানীৰ অভাৱত দৰ্শনাৰ্থীৰ যথেষ্ট অসুবিধা হৈছে যদিও কোনো গুৰুত্ব দিয়া নাই বিভাগীয় কৰ্তৃপক্ষই । উল্লেখ্য যে, বিগত কিছুদিন ধৰি জালুকবাৰীৰ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰ তীব্ৰ জলসংকটত । প্ৰচণ্ড গৰমত এটুপি পানীৰ বাবে হাহাকাৰ সমাধিক্ষেত্ৰত । খোৱাপানীৰ লগতে সমাধিক্ষেত্ৰৰ শৌচাগাৰ-প্ৰস্ৰাৱগাৰত নাই পানীৰ ব্যৱস্থা । যাৰ বাবে বিশেষ অসুবিধাৰ সন্মুখীন হৈছে দৰ্শনাৰ্থীৰ লগতে সমাধিক্ষেত্ৰত কৰ্মৰত কৰ্মচাৰীসকল । তাৰোপৰি প্ৰস্ৰাৱগাৰৰ বহুকেইটা পানীৰ টেপ ভাঙি আছে । এইসমূহ সমস্যাৰ কথা অৱগত কৰা হৈছে যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাই বিভাগীয় কৰ্তৃপক্ষই । ইফালে নিশা হ'লেই অন্ধকাৰত ডুব যায় সমাধিক্ষেত্ৰ । পৰ্যাপ্ত লাইটিঙৰ ব্যৱস্থা কৰিব পৰা নাই বিভাগীয় কৰ্তৃপক্ষই । চৰকাৰ সলনি হ'ল কিন্তু আজিও এলাগী হৈয়ে ৰ'ল অসমীয়াৰ হিয়াৰ আমঠু ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ । আনহাতে, শীঘ্ৰে সমাধিক্ষেত্ৰত খোৱাপানীৰ লগতে সকলো সমস্যাৰ সমাধান কৰিবলৈ দাবী জনাইছে সচেতন মহলে ৷
জলসংকটত ভূপেন হাজৰিকা সমাধিক্ষেত্ৰ - assam news
বিগত কিছুদিন ধৰি জালুকবাৰীৰ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰ তীব্ৰ জলসংকটত । প্ৰচণ্ড গৰমত এটুপি পানীৰ বাবে হাহাকাৰ সমাধিক্ষেত্ৰত । খোৱাপানীৰ লগতে সমাধিক্ষেত্ৰৰ শৌচাগাৰ-প্ৰস্ৰাৱগাৰত নাই পানী ব্যৱস্থা ।