ETV Bharat / state

গুৱাহাটীত মহাৰাষ্ট্ৰৰ বিধায়কৰ হোটেল পলিটিক্সক লৈ ভূপেন বৰাৰ কটাক্ষ - অসমৰ্থ অসমৰ মুখ্যমন্ত্ৰী

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এক টুইট যোগে কয়- মহাৰাষ্ট্ৰৰ বিধায়কক ৰাজআতিথ্য দিয়াৰ সামৰ্থ আছে, কিন্তু লাখ লাখ বানাক্ৰান্ত ৰাইজৰ আৰ্তনাদ আৰু দুখীয়াৰ চকুলো মচিবলৈ সম্পূৰ্ণ অসমৰ্থ অসমৰ মুখ্যমন্ত্ৰী ৷

গুৱাহাটীত মহাৰাষ্ট্ৰৰ বিধায়কৰ হোটেল পলিটিক্সক লৈ ভূপেন বৰাৰ কটাক্ষ

author img

By

Published : Jun 22, 2022, 12:45 PM IST

নিউজ ডেস্ক, 22 জুন: মহাৰাষ্ট্ৰৰ চৰকাৰ ভঙাপতাৰ ৰাজনীতিয়ে ইতিমধ্যে অসমকো স্পৰ্শ কৰাৰ পিছত ৰাজ্যৰ ৰাজনীতিতো জোকাৰণিৰ সৃষ্টি কৰিছে ৷ কিয়নো অসমৰ বিজেপি শাসিত চৰকাৰখনে ইতিমধ্যে মহাৰাষ্ট্ৰৰ পৰা আহি পোৱা বিসম্বাদী বিধায়কৰ দলটোক গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত ৰাজকীয় আতিথ্যৰে ৰখাৰ ব্যৱস্থা কৰিছে (Maharashtra MLAs in Guwahati) ৷

গুৱাহাটীত মহাৰাষ্ট্ৰৰ বিধায়কৰ হোটেল পলিটিক্সক লৈ ভূপেন বৰাৰ কটাক্ষ
গুৱাহাটীত মহাৰাষ্ট্ৰৰ বিধায়কৰ হোটেল পলিটিক্সক লৈ ভূপেন বৰাৰ কটাক্ষ

বিজেপি সাংসদ পল্লৱলোচন দাস আৰু বিধায়ক সুশান্ত বৰগোঁহাইক বিশেষভাবে এই বিসম্বাদী বিধায়কৰ দলটোক আলপৈচান ধৰাৰ বাবে বিশেষভাবে দায়িত্ব দিয়া হৈছে ৷ স্বাভাৱিকতে মহাৰাষ্ট্ৰৰ পৰা আহি গুৱাহাটীত বাহৰ পতা এই বিসম্বাদী বিধায়কৰ দলটোক লৈ ব্যস্ত হৈ পৰিছে অসমৰ বিজেপি দল আৰু চৰকাৰ ৷ আনহাতে অসমৰ ৰাজ্য চৰকাৰখন এইদৰে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কক লৈ ব্যস্ত হৈ পৰা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এক টুইট যোগে কয়- " মহাৰাষ্ট্ৰৰ বিধায়কক ৰাজআতিথ্য দিয়াৰ সামৰ্থ আছে, কিন্তু লাখ লাখ বানাক্ৰান্ত ৰাইজৰ আৰ্তনাদ আৰু দুখীয়াৰ চকুলো মচিবলৈ সম্পূৰ্ণ অসমৰ্থ অসমৰ মুখ্যমন্ত্ৰী " (Bhupen Borah tweets on Maharashtra political crisis) ৷

লগতে পঢ়ক: MAHA politcal drama : ৰেডিচন ব্লুৰ কোঠাত মহাৰাষ্ট্ৰ চৰকাৰৰ ভৱিষ্যৎ পৰিকল্পনা !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.