ETV Bharat / state

Bhupen Borah Press Meet: বিজেপিৰ বেমাৰ ৰাজীৱ ভৱনত সুঁচৰিবলৈ নিদিও, APCC সভাপতি - ৰাজীৱ ভৱন

বিজেপিৰ বেমাৰ ৰাজীৱ ভৱনত সুঁচৰিবলৈ নিদিয়ে সভাপতি ভূপেন বৰাই ৷ ‘‘বিজেপি দলৰ ৰাষ্ট্ৰীয় কমিটিৰ পৰা সাংসদ দিলীপ শইকীয়াৰ নাম কৰ্তন কৰাটো অতি দুৰ্ভাগ্যজনক ৷’’ এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাৰ ৷

Bhupen Borah Press Meet
বিজেপিৰ বেমাৰ ৰাজীৱ ভৱনত সুঁচৰিবলৈ নিদিও
author img

By

Published : Aug 21, 2023, 5:20 PM IST

বিজেপিৰ বেমাৰ ৰাজীৱ ভৱনত সুঁচৰিবলৈ নিদিও

গুৱাহাটী, 21 আগষ্ট : পুনৰ বিসম্বাদৰ প্ৰসংগৰে বিজেপিক কঠোৰ ভাষাৰে সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ ‘‘বিজেপিত যি বেমাৰ লাগিছে সেই বেমাৰ তৰুণ গগৈ ছাৰৰ দিনত আমাৰ দলত আছিল ৷ এতিয়া আমাৰ দলৰ পৰা গৈ বিজেপিত সোমাল । সেই বেমাৰ ৰাজীৱ ভৱনত সুঁচৰিবলৈ নিদিও ৷’’ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ।

সোমবাৰে ৰাজীৱ ভৱনত গৌৰৱ গগৈক জনোৱা সম্বৰ্ধনা অনুষ্ঠানত সভাপতি বৰাই ভাষণ প্ৰসংগত বিজেপিক তীব্ৰ সমালোচনা কৰি আৰু কয়,’’ বিজেপিত পূৰ্বে ৰাষ্ট্ৰীয় কমিটিত অসমৰ সাংসদ দিলীপ শইকীয়াৰ নাম আছিল ৷ কিন্তু পৰৱৰ্তী সময়ত তেওঁৰ নাম কৰ্তন কৰা হ’ল । ই দুখজনক । ইপিনে চি ডব্লিউ চিত (CWC) গৌৰৱ গগৈৰ নাম অন্তৰ্ভুক্ত হ’ল । 1885 চনৰ 28 ডিচেম্বৰত চি ডব্লিউ চি (CWC) আৰম্ভ কৰিছিল । অসমৰ পৰা পূৰ্বতেও চি ডব্লিউ চিত সদস্য পাইছে । পূৰ্বৰ সদস্য আৰু গৌৰৱ গগৈৰ মাজত পাৰ্থক্য আছে । 39 জন সদস্যৰ ভিতৰত স্থান পাইছে গৌৰৱ গগৈয়ে । এটা প্ৰতিভাক কেতিয়াও ঢাকি ৰাখিব নোৱাৰি ।’’

তেওঁ লগতে কয় যে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কৰ্মৰাজীক সমালোচনা কৰাৰ নৈতিক অধিকাৰ বিজেপিৰ নাই । তৰুণ গগৈৰ ১৫ বছৰীয়া কাৰ্যকালত দুৰ্নীতিৰ অভিযোগ উঠা নাছিল । বৰ্তমানৰ নেতা আৰু তৰুণ গগৈৰ মাজত মৌলিক পাৰ্থক্য আছে । বৰ্তমানৰ এজন নেতা দুৰ্নীতিত নিমজ্জিত হৈ থাকে । আনহাতে তৰুণ গগৈ দুৰ্নীতিৰ শিপাই ঢুকি নোপোৱাকৈ বহু দূৰত আছিল ৷

লগতে পঢ়ক:MP Gaurav Gogoi PC: দুৰ্বল হৈছে বিজেপি, '২৪ত কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ, গৌৰৱ গগৈৰ দাবী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.