গুৱাহাটী, ২৭ জুন: "গণতান্ত্ৰিক আন্দোলনক আৰক্ষীৰ জৰিয়তে নিৰ্যাতন চলাই ৰাইজৰ কণ্ঠক ৰোধ কৰিবলৈ বিচৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই কাৰ্যসূচীক আমি তীব্ৰভাষাৰে গৰিহনা দিছো ৷ আৰু তেখেতে এইটো জানি থোৱা ভাল প্ৰতিৰোধ যিমানেই শক্তিশালী হ’ব গতি সিমান দুৰ্বাৰ হ’ব ৷ অসমৰ মানুহে নায্য প্ৰাপ্তিৰ কাৰণে বহু আন্দোসন আগতে কৰিছে, আন্দোলনবোৰৰ ফলাফলবোৰ ৰাজ্যৰ পক্ষতেই গৈছে ৷" মঙলবাৰে খানাপাৰাস্থিত গ্ৰীনউড ৰিজৰ্টত কংগ্ৰেছ দলৰ এক বৈঠকত অংশগ্ৰহণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি এই মন্তব্য আগবঢ়াই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই ৷
বৰাই লগতে কয়, "কংগ্ৰেছৰ লগত দোকান শব্দটো যিদৰে মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰিছে এইটো তেখেতে অভ্যাসৱশতঃ কৰিছে ৷ যেতিয়া তেওঁ পূৰ্বতে কংগ্ৰেছ দলত আছিলে তেতিয়া কংগ্ৰেছ দলৰ নীতি- আদৰ্শৰ স্খলন ঘটাই এক দোকানসদৃশ পৰিৱেশ হৈছিল ৷ যিটো কাৰণে সেই সময়ত বিজেপিৰ দলে কংগ্ৰেছে কেলেংকাৰী কৰা বুলি ফটো ৰাজহুৱাকে প্ৰচাৰ কৰি কংগ্ৰেছৰ নীতি আদৰ্শৰ স্খলন ঘটি এক দোকানসদৃশ পাৰ্টীলৈ পৰিণত হোৱা বুলি ধাৰণা কৰিবলৈ বিচাৰিছিল ৷"
"আজি কংগ্ৰেছ দল সুখী, হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দল এৰি যোৱাৰ দিনাই কংগ্ৰেছৰ দলৰ গৰিমা পুনৰ ঘূৰি আহিছে ৷ তেওঁ যোৱাৰ পৰাই কংগ্ৰেছে প্ৰদূষণৰ পৰা মুক্ত হ’ল ৷ হিমন্ত বিশ্ব শৰ্মা বিজেপিলৈ যোৱাৰ পৰা বিজেপি দল দোকান নহয় বজাৰলৈ পৰিৱৰ্তিত হৈছে ৷ এতিয়া বিজেপিত মাছৰ নামত ছিণ্ডিকেট, মানুহৰ নামত ছিণ্ডিকেট, কয়লাৰ নামত ছিণ্ডিকেট, চুপাৰিৰ নামত ছিণ্ডিকেট, এতিয়া বিজেপিৰ দল বহুকেইখন দোকানৰ নামত ছিণ্ডিকেটলৈ পৰ্যবসিত হৈছে ৷ আগন্তুক দিনত হিমন্ত বিশ্ব শৰ্মাই বিজেপি দলটোক তিল তিলকৈ মৃত্যুৰ মুখত পেলোৱাৰ ষড়যন্ত্ৰ কৰাত লিপ্ত হৈছে ৷ কংগ্ৰেছ বাচি গ’ল, নহ’লে আজিৰ সময়ত আমাক মানুহে দোকানী বুলি ক’লে হয় ৷" প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰীগৰাকীক ক্ষুৰধাৰ সমালোচনা কৰি এই কথা সদৰী কৰে ৷
উল্লেখ্য যে, ৰাজ্যজুৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰাৰ পিচতেই প্ৰতিবাদমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷ কংগ্ৰেছৰ বিষয়ববীয়াসকলে ইয়াৰ পিচৰে পৰা ইখনৰ পিচত সিখন বৈঠকত মিলিত হৈ ৰাইজৰ মন্তব্যসমূহ সংগ্ৰহ কৰিছে ৷
লগতে পঢ়ক: Barak Bandh: বিধায়ক কমলাক্ষ্য দে’ পুৰকায়স্থক গ্ৰেপ্তাৰ, টনা-আঁজোৰাত আঘাতপ্ৰাপ্ত কমলাক্ষ্য