ETV Bharat / state

বিজেপিয়ে চেনী-চাউলৰ ৰাজনীতি কৰেঃ কংগ্ৰেছ - কংগ্ৰেছ দলৰ মিডিয়া বিভাগৰ অধ্যক্ষ ভাগীৰথ কাৰণে

যোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ হাত এৰি পদুমৰ প্ৰতি আকৰ্ষিত হোৱা ৰাজ্যৰ চাহ জনগোষ্ঠীক পুনৰ হাতৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা কংগ্ৰেছৰ । চাহ জনগোষ্ঠীৰ লোক সকলৰ বিভিন্ন সমস্যা দাঙি উপ নিৰ্বাচনত চাহ জনগোষ্ঠীৰ ভোটাৰ সকলক আকৰ্ষিত কৰাৰ চেষ্টা চলাই কংগ্ৰেছে ৷

বিজেপিয়ে চেনী-চাউলৰ ৰাজনীতি কৰেঃ কংগ্ৰেছ
author img

By

Published : Oct 18, 2019, 5:48 PM IST

গুৱাহাটী,18 অক্টোবৰ: ৰাজ্যত বলিছে উপ নিৰ্বাচনৰ বতাহ। চাৰিটাকৈ সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ নিৰ্বাচনত ভোটাৰ সকলক আকৰ্ষিত কৰাৰ উদ্দেশ্যে প্ৰতিটো ৰাজনৈতিক দল উঠি পৰি লাগিছে। ৰাজ্যত অনুষ্ঠিত হ'বলগা উপ নিৰ্বাচনত চাৰিটাৰ ভিতৰত তিনিটা সমষ্টিত নিৰ্ণায়ক ভূমিকা পালন কৰিব চাহ জনগোষ্ঠীৰ ভোটাৰ সকলে। সোণাৰি,ৰাতাবাৰী আৰু ৰঙাপাৰা এই তিনিটা সমষ্টিত চাহ জনগোষ্ঠীৰ ভোটাৰৰ সংখ্যা অধিক হোৱাৰ বাবে বিজেপিয়ে যোৱা তিনিটা বছৰত চাহ জনগোষ্ঠীৰ লোক সকলৰ উন্নয়নমূলক কামৰ খতিয়ান দাঙি ভোটাৰ সকলক নিজৰ শিবিৰত ৰখাৰ চেষ্টা চলাই থকাৰ বিপৰীতে কংগ্ৰেছ দলে নিজৰ পুৰণি ভোট বেংক ঘূৰাই পাবলৈ দাঙি ধৰি বিজেপিৰ বিফলতা সমূহ ।

কংগ্ৰেছ দলৰ মিডিয়া বিভাগৰ অধ্যক্ষ ভাগীৰথ কৰণৰ সংবাদমেল

শুকুৰবাৰে ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি কংগ্ৰেছ দলৰ মিডিয়া বিভাগৰ অধ্যক্ষ ভাগীৰথ কৰণে বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰা পৰিলক্ষিত হয় ৷ বিজেপিয়ে চাহ জনগোষ্টীৰ লোক সকলক বিভিন্ন দিশত বঞ্চিত কৰি অহাৰ অভিযোগ উত্থাপন কৰে ভাগীৰথ কৰণে।

কেৱল বিনামূলীয়া চেনী আৰু চাউল দিলেই এটা জনজাতিয়ে উন্নয়নৰ মুখ নেদেখে বুলি অভিযোগ উত্থাপন কৰি বিজেপিক তীব্ৰ আক্ৰমণ কৰি বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে চাহ জনগোষ্ঠীৰ লোকসকলক 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰাৰ ঘোষণা কৰিছিল যদিও বৰ্তমানলৈকে বিজেপিয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি কয় ৷ আনহাতে বিজেপিৰ চবকা সাথ,চবকা বিকাশ শ্ল'গানেৰে ৰাইজক আভুৱা ভাৰিছে বুলি উল্লেখ কৰি যোৱা 70 টা বছৰত এইবাৰই প্ৰথম ৰাজ্যৰ মন্ত্ৰী সভাত এজনো চাহ জনগোষ্ঠীৰ প্ৰতিনিধি নাই বুলি উল্লেখ কৰে ৷ স্বাধীনতাৰ পিছত প্ৰথমবাৰ বিজেপি চৰকাৰৰ মন্ত্ৰী সভাত চাহ জনগোষ্ঠীৰ এজনো কেবিনেট আৰু ৰাজ্যিক মন্ত্ৰী নথকাটো পৰিতাপৰ বিষয় বুলি কয় ভাগীৰথ কৰণে ।

ভাগীৰথ কৰণে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক আক্ৰমণ কৰি কয় যে বিজেপিয়ে কেৱল চাহ জনগোষ্ঠীৰ লোক সকলক ভোটৰ সময়তে মনত পেলাই,কেন্দ্ৰৰ বিজেপি চৰকাৰৰ 6 বছৰত ভৰি দিলে আৰু ৰাজ্যৰ বিজেপি চৰকাৰে 3 বছৰ সম্পূৰ্ণ কৰিলে কিন্তু আজিও চাহ জনগোষ্ঠীৰ শ্ৰমিকক 351 টকাকৈ মজুৰি দিয়াৰ যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেয়া পালন নকৰিলে বুলি বিজেপিক তীব্ৰ সমালোচনা কৰে অধ্যক্ষগৰাকীয়ে ৷

Intro:যোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ হাত এৰি পদুমৰ প্ৰতি আকৰ্ষিত হোৱা ৰাজ্যৰ চাহ জনগোষ্টীক পুনৰ হাতৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা কংগ্ৰেছৰ। চাহ জনগোষ্টীৰ লোক সকলৰ বিভিন্ন সমস্যা দাঙি উপ নিৰ্বাচনত চাহ জনগোষ্টীৰ ভোটাৰ সকলক আকৰ্ষিত কৰাৰ চেষ্টা কংগ্ৰেছৰ।

Body:ৰাজ্যত এতিয়া বলিছে উপ নিৰ্বাচনৰ বতাহ। চাৰিটাকৈ সমষ্টিত অনুষ্ঠিত হ'বলগা উপ নিৰ্বাচনত ভোটাৰ সকলক আকৰ্ষিত কৰাৰ উদ্দেশ্যে প্ৰতিটো ৰাজনৈতিক দল উঠি পৰি লাগিছে। ৰাজ্যত অনুষ্ঠিত হ'বলগা উপ নিৰ্বাচনত চাৰিটাৰ ভিতৰত তিনিটা সমষ্টিত নিৰ্ণায়ক ভূমিকা পালন কৰে চাহ জনগোষ্টীৰ ভোটাৰ সকলে। সোণাৰি, ৰাতাবাৰী আৰু ৰঙাপাৰা এই তিনিটা সমষ্টিত চহা জনগোষ্টীৰ ভোটাৰৰ সংখ্যা অধিক হোৱাৰ বাবে বিজেপিয়ে যোৱা তিনিটা বছৰত চাহ জনগোষ্টীৰ লোক সকলৰ উন্নয়ন মূলক কামৰ খতিয়ান দাঙি ভোটাৰ সকলক নিজৰ শিবিৰত ৰখাৰ চেষ্টা চলাই থকাৰ বিপৰীতে কংগ্ৰেছৰ দলে নিজৰ পুৰণি ভোট বেংক ঘূৰাই পাবলৈ দাঙি ধৰি বিজেপিৰ বিফলতা সমূহ।

আজি ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি কংগ্ৰেছ দলৰ মিডিয়া বিভাগৰ অধ্যক্ষ ভাগীৰথ কাৰণে বিজেপি দলে চাহ জনগোষ্টীৰ লোক সকলক বিভিন্ন দিশত বঞ্চিত কৰি অহাৰ অভিযোগ উত্থাপন কৰে। ভাগীৰথ কাৰণে বিজেপিক আক্ৰমণ কৰি কয় যে বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে চাহ জনগোষ্ঠীৰ লোক সকলক ৬ মাহৰ ভিতৰত জনজাতিৰ কাৰণ কৰাৰ ঘোষণা কৰিছিল যদিও বৰ্তমানলৈকে বিজেপিয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। বিজেপিয়ে মাত্ৰ চাহ জনগোষ্টীৰ লোক সকলক বিনামূলীয়া চাউল আৰু চেনী প্ৰদান কৰি নিজৰ দায়িত্ব সামৰিলে। ৰাজ্য চৰকাৰৰ মন্ত্ৰী মণ্ডলত এখনো চাহ জনগোষ্টীৰ প্ৰতিনিধি নথকাৰ কথা উল্লেখ কৰি ভাগীৰথ কাৰণে কয় স্বাধীনতাৰ পিছত প্ৰথমবাৰ বিজেপি চৰকাৰৰ মন্ত্ৰী মণ্ডলত চাহ জনগোষ্ঠীৰ এজনো কেবিনেট আৰু ৰাজ্যি মন্ত্ৰী নথকাটো পৰিতাপৰ বিষয়।

বাইট : ভাগীৰথ কাৰণে, অধ্যক্ষ, মিডিয়া বিভাগ, অসম প্ৰদেশ কংগ্ৰেছ কমিটি

Conclusion:ভাগীৰথ কাৰণে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক আক্ৰমণ অব্যহত ৰাখি আৰু কয় যে বিজেপিয়ে কেৱল চাহ জনগোষ্ঠীৰ লোক সকলক ভোটৰ সময়তে মনত পেলাই, নিৰ্বাচনত জয়লাভ কৰাৰ পিছত বিজেপিয়ে চাহ জনগোষ্ঠীৰ লোক সকলক সকলো দিশতে বঞ্চিত কৰি আহিছে। চাহ জনগোষ্ঠীৰ উন্নয়নৰ কথা কোৱা কেন্দ্ৰৰ বিজেপি চৰকাৰৰ ৬ বছৰত ভৰি দিলে আৰু ৰাজ্যৰ বিজেপি চৰকাৰে ৩ বছৰ সম্পূৰ্ণ কৰিলে যদিও শিক্ষা, চিকিৎসা সকলো দিশতে চাহ জনগোষ্ঠীৰ লোক সকলৰ অৱস্থা অতি শোচনীয়।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.