ETV Bharat / state

গৰুখুটিলৈ গৈ নাটক ৰচিছে আজমলে; ক’লে ভৱেশ কলিতাই - উপ নিৰ্বাচন

মূল্যবৃদ্ধি আৰু উচ্ছেদ অভিযান সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ প্ৰতিক্ৰিয়া ৷ গৰুখুটীৰ ঘটনা সন্দৰ্ভত বদৰুদ্দিন আজমলে চকুপানী টুকি এখন নাটক ৰচিছে বুলি উল্লেখ বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীৰ ৷

bhabesh kalitas reaction on price high and evection
মূল্যবৃদ্ধি-উচ্ছেদ প্ৰসংগত ভৱেশ কলিতাৰ প্ৰতিক্ৰিয়া
author img

By

Published : Oct 17, 2021, 9:07 PM IST

গুৱাহাটী,১৭ অক্টোবৰ : পেট্ৰ’লৰ দাম প্ৰতি লিটাৰত দুশ টকা হ'লেহে হেনো দুচকীয়া বাহনত তিনিজন উঠাৰ কথা কৈছিল বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই । কংগ্ৰেছে ভৱেশ কলিতাৰ কথা মতে, দুচকীয়া বাহনত তিনিজনকৈ উঠা সন্দৰ্ভত দেওবাৰে তেওঁ এইদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । তেওঁ কয় যে, পেট্ৰ’লৰ দাম ২০০ টকা হ'লে দুচকীয়া বাহনত তিনিজন উঠাৰ বাবে চৰকাৰৰ অনুমতি বিচাৰিব নাইবা তেনে বাহনৰ কথা চিন্তা কৰিব ।

মূল্যবৃদ্ধি-উচ্ছেদ প্ৰসংগত ভৱেশ কলিতাৰ প্ৰতিক্ৰিয়া

বৰ্তমান পেট্ৰ’লৰ দাম ২০০ টকা হোৱা নাই । আনহাতে, উপ নিৰ্বাচন সন্দৰ্ভত তেওঁ কয় যে, পাঁচটা সমষ্টিতে বিজেপিৰ ভাল ফলাফল হ'ব । গৰুখুটিৰ ঘটনা সন্দৰ্ভত বদৰুদ্দিন আজমলে চকুপানী টোকা সন্দৰ্ভত তেওঁ কয় যে, ‘চকুপানী ওলাবই, কংগ্ৰেছে ছাৰ্টে ফালি দিয়ে । নাটক আৰু কিমান কৰিব । উচ্ছেদ চলিবই, উচ্ছেদ বন্ধ নহয় ।'

খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰসংগত তেওঁ কয় যে, এতিয়া খেতিৰ সময় । এতিয়া কিছু মূল্য বৃদ্ধি হ'বই । খেতি হোৱাৰ পিছত পুনৰ দাম কমিব ।

লগতে পঢ়ক : অশ্ৰুসিক্ত নয়নেৰে পুনৰ উচ্ছেদ নোহোৱাৰ বাবে দোৱা কৰিছে আজমলে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.