ETV Bharat / state

বিধায়ক ভৱেশ কলিতা ৰাজ্যিক বিজেপিৰ নতুন সভাপতি - ২০২১ৰ অসম বিধানসভা নিৰ্বাচন

বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নাড্ডাই ৰাজ্যিক বিজেপিৰ নতুন সভাপতি হিচাপে ভৱেশ কলিতাক দায়িত্ব দিয়ে । ২০১৬ চনত সৰ্বানন্দ সোণোৱাল কেবিনেটৰ ৰাজ্যিক জলসিঞ্চন মন্ত্ৰী আছিল ভৱেশ কলিতা ।

BHABESH KALITA WILL TAKE CHARGE AS THE NEXT ASSAM BJP PRESIDENT
বিধায়ক ভৱেশ কলিতা ৰাজ্যিক বিজেপিৰ নতুন সভাপতি নিযুক্ত
author img

By

Published : Jun 26, 2021, 4:46 PM IST

Updated : Jun 26, 2021, 8:01 PM IST

গুৱাহাটী, ২৬ জুন : অৱশেষত ঘোষণা কৰা হ’ল অসম প্ৰদেশ বিজেপিৰ পৰৱৰ্তী সভাপতিৰ নাম ৷ ভৱেশ কলিতা হ’ব অসম ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি ৷ দিল্লীত বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নাড্ডা(National BJP president JP Nadda)ই ঘোষণা কৰিলে ভৱেশ কলিতাৰ নাম ৷ ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা ৷

BHABESH KALITA WILL TAKE CHARGE AS THE NEXT ASSAM BJP PRESIDENT
জে পি নাড্ডাই কৰিলে আনুষ্ঠানিক ঘোষণা

2016 চনৰ পৰা একেৰাহে দুবাৰ বিধানসভালৈ নিৰ্বাচিত হৈছে ভৱেশ কলিতা ৷ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ(Sarbananda Sonowal lead government)ৰ ৰাজহ আৰু জলসিঞ্চন মন্ত্ৰী আছিল ভৱেশ কলিতা ৷ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত তেওঁ অন্তৰ্ভুক্ত হোৱা নাছিল ৷ অৱশেষত ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব দিয়া হ’ল ভৱেশ কলিতাক ৷

অৱশেষত ৰাজ্যিক বিজেপিৰ সভাপতি পদক লৈ চলি থকা সকলো জল্পনা-কল্পনাৰ অৱসান ঘটিল । ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাক অসম বিজেপিৰ সভাপতি পদত নিযুক্ত দিয়া হৈছে । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ভৱেশ কলিতাক ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে নিযুক্তি দিয়ে ।

এই সন্দৰ্ভত দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙে শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ নিযুক্তি পত্র সংশ্লিষ্ট পক্ষলৈ প্ৰেৰণ কৰিছে ৷ বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে মন্ত্ৰীত্ব লাভ কৰাৰ পাছতে ৰাজ্যৰ ৰাজনীতিত বিজেপিৰ নতুন সভাপতিক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছিল ৷ অৱশেষত সকলো উৎকণ্ঠাৰ অন্ত পেলাই ৰঙিয়াৰ বিধায়ক তথা প্ৰাক্তন মন্ত্রী ভৱেশ কলিতা(ex minister Bhabesh Kalita) ক নিযুক্তি দিয়া হ'ল ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে ।

বিধায়ক ভৱেশ কলিতা ৰাজ্যিক বিজেপিৰ নতুন সভাপতি

কামৰূপ(গ্ৰাম্য) জিলাৰ সূতাৰকুছিৰ বাসিন্দা ৰাজ্যিক বিজেপিৰ নতুন সভাপতিগৰাকী । ১৯৯৪ চনত প্ৰাগজ্যোতিষ মহাবিদ্যালয়(Pragjyotish college)ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰা ভৱেশ কলিতাই ২০০১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ পৰা আইনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে । উল্লেখ্য যে, ৰাজ্যিক বিজেপিৰ নতুন সভাপতি ৪৯ বছৰীয়া ভৱেশ কলিতা পেছাত এগৰাকী অধিবক্তা ।

২০১৬ চনত সৰ্বানন্দ সোণোৱাল কেবিনেটৰ ৰাজ্যিক জলসিঞ্চন মন্ত্ৰী আছিল ভৱেশ কলিতা । আনহাতে ২০২১ৰ অসম বিধানসভা নিৰ্বাচনত ৰঙিয়া সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়লাভ কৰিছিল ৰাজ্যিক বিজেপিৰ নতুন সভাপতি ভৱেশ কলিতাই । এইবাৰ তেওঁক মন্ত্রীত্ব দিয়া হোৱা নাছিল যদিও ৰাজ্যিক সভাপতিৰ পদ দিয়া হয় ।

লগতে পঢ়ক : পত্নী পুত্ৰক পাই আবেগিক অখিল গগৈ

Last Updated : Jun 26, 2021, 8:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.