গুৱাহাটী, ১০ জানুৱাৰী: হাই-প্ৰফাইল ৰাজনৈতিক নেতা, শীৰ্ষ আৰক্ষী বিষয়া-আমোলাৰ নাম সাঙোৰ খাই পৰা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি কেলেংকাৰীয়ে ৰাজ্যৰ ৰাজনীতি তোলপাৰ লগাই থকা সময়তে বিজেপি নেতৃত্বাধীন চৰকাৰৰ আমোলত সংঘটিত হোৱা আৰক্ষীৰ উপ-পৰিদৰ্শককে ধৰি প্ৰতিটো নিযুক্তি কেলেংকাৰী চি বি আইৰ তদন্তৰ দাবী জনাই প্ৰধানমন্ত্ৰীলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল তেতিয়াৰ "স্বৰাজ অসম"ৰ মুখ্য আহ্বায়ক তথা নৱগঠিত "ৰাইজৰ দল"ৰ সম্পাদক ভৱেন সন্দিকৈয়ে । বিগত বৰ্ষৰ ৩০ চেপ্তেম্বৰত প্ৰধান মন্ত্ৰীলৈ অনলাইন যোগে প্ৰেৰণ কৰা পত্ৰখনত আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তিৰ কেলেংকাৰী তদন্তৰ দায়িত্ব চি বি আইক প্ৰদান কৰাৰ দাবী জনাইছিল । সেই ৰাজহুৱা অভিযোগ পত্ৰখন (নম্বৰ PMOPG/E/2020/0880473) দীৰ্ঘদিন প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিবেচনাধীন হৈ আছিল । শেহতীয়াকৈ চিঠিখন সৰ্ন্দভত ভাৰত চৰকাৰৰ ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ৰ সচিব এচ পি আৰ ত্ৰিপাঠীয়ে অসম চৰকাৰৰ মুখ্য সচিবক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ এক পত্ৰ প্ৰেৰণ কৰিছে ।

বিগত ৭ জানুৱাৰীত মুখ্য সচিবলৈ প্ৰেৰণ কৰা পত্ৰখনৰ (Action taken File No 245/43/2020-AVD-।।) সম্পৰ্কত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিবৃতিটোত ভবেন সন্দিকৈয়ে কয় যে 'দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতা' আৰু ২৫ লাখ নিবনুৱাক কৰ্মসংস্থাপনৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদী দখল কৰা সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ এই নিযুক্তি কেলেংকাৰীৰ চি বি আইৰ তদন্তৰ সৰ্ন্দভত কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ'ব । খোদ মুখ্যমন্ত্ৰীৰ এজন ঘনিষ্ঠ বিধায়ক আৰু শাসকীয় দলৰ মন্ত্ৰী, নেতা-পালিনেতাসহ বহু শীৰ্ষ আমোলা-বিষয়াৰ নাম সাঙোৰ খাই পৰা এনে কেলেংকাৰীৰ বিৰুদ্ধে হোৱা চি বি আইৰ তদন্তৰ দিবলৈ মুখ্যমন্ত্ৰীৰ সৎ সাহস নহ'ব বুলি সন্দেহ ব্যক্ত কৰি সন্দিকৈয়ে জনতাৰ প্ৰতিবাদ-ক্ষোভ স্তিমিত কৰাৰ স্বাৰ্থতে মুখ্যমন্ত্ৰীয়ে যে তদন্তৰ ঘোষণা কৰি দ্বায়িত্ব সামৰিলে, সেই কথা এতিয়া জলজল পটপটকৈ ওলাই পৰিছে বুলি উল্লেখ কৰে ।

সন্দিকৈয়ে লগতে বিবৃতিটোত উল্লেখ কৰে যে, দুই-এজন নেতা-পালিনেতাৰ লগতে এজন আৰক্ষী অধীক্ষক-অৱসৰপ্ৰাপ্ত বিষয়াৰ বাহিৰে এই কেলেংকাৰী নাম চৰ্চিত হৈ থকা কোনো হাই-প্ৰফাইল ৰাজনৈতিক নেতাক আজি পৰ্যন্ত জেৰা নকৰিলে । এটা চাকৰিৰ আশাত ৰাজ্যখনৰ লক্ষ লক্ষ নিবনুৱা যুৱক-যুৱতীয়ে সাঁচতীয়া ধন অথবা গৰু-ছাগলী বিক্ৰী কৰি আবেদন,পৰীক্ষাত অৱতীৰ্ণ হোৱা খৰছ উলিওৱাৰ এই সকল দুৰ্ভগীয়া নিবনুৱাৰ স্বাৰ্থৰ কথা যদি মুখ্যমন্ত্ৰীয়ে চিন্তা কৰে, তেন্তে আৰক্ষীৰ উপ পৰিদৰ্শকে আদি কৰি অন্যান্য নিযুক্তি প্ৰক্ৰিয়াৰ নামত ব্লেকলিষ্টড আৰু বিতৰ্কিত কোম্পানীক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সুযোগ দিয়া শাসকীয় দলৰ মন্ত্ৰী-বিধায়ক, নেতা-পালিনেতা, চাকৰিৰ দালালৰ বিৰুদ্ধে চি বি আইৰ তদন্ত দিলে হয় চৰকাৰে । এইক্ষেত্ৰত ৰাজ্যখনৰ একাংশ নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰশিক্ষণৰ লগত জড়িত প্ৰতিষ্ঠানৰ ভূমিকাৰ ওপৰতো সন্দেহ ব্যক্ত কৰি চি বি আইৰ তদন্তৰ অবিহনে এই বিশাল চাকৰি চিণ্ডিকেট চক্ৰটোক নাকী লগোৱা অসম্ভৱ বুলি বিবৃতিটোত উল্লেখ কৰিছে ভবেন সন্দিকৈয়ে । তেওঁ লগতে অসমৰ মুখ্যমন্ত্ৰীয়ে শিক্ষিত যুৱ-প্ৰজন্মটো ভবিষ্যতৰ স্বাৰ্থৰ কথা ভাবে, তেন্তে এই নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে চি বি আইৰ তদন্ত দিয়াৰ বাবে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনায় ।
লগতে পঢ়ক : বড়োভূমিৰ 5 টা সমষ্টিত নিজাকৈ প্ৰতিদ্বন্দিতা কৰিব বিজেপিয়ে