ETV Bharat / state

লক্ষ্য ভৱানীপুৰ : বিজেপিৰ উপ নিৰ্বাচন সমিতি গঠন - ভৱানীপুৰ সমষ্টিৰ উপ নিৰ্বাচন

বৰ্তমানলৈকে যদিও ৰাজ্যৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই, তথাপিও এই নিৰ্বাচনক কেন্দ্ৰ কৰি উঠিপৰি লাগিছে প্ৰতিটো ৰাজনৈতিক দল ৷ কংগ্ৰেছ আৰু এআইইউডিএফৰ পৰা বহু কেইগৰাকী বিধায়কে গেৰুৱা দলটোত যোগদান কৰাৰ পিছতে উপ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টিসমূহ দখলৰ লক্ষ্য কৰি লৈছে বিজেপিয়ে ৷

by election in Bhabanipur bjp creat committee
বিজেপিৰ উপ নিৰ্বাচন সমিতি গঠন
author img

By

Published : Sep 4, 2021, 9:00 AM IST

গুৱাহাটী, 4 ছেপ্তেম্বৰ : উপ নিৰ্বাচনৰ বাবে ব্যাপক তৎপৰতা অৱলম্বন কৰিছে শাসকীয় বিজেপি দলে । ফণীধৰ তালুকাদৰে এআইইউডিএফ(AIUDF) দল আৰু বিধায়ক পদ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ লগে লগে ভৱানীপুৰ সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হোৱাটো খাটাং হৈ পৰে । যাৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে সমষ্টিটোৰ বাবে উপ নিৰ্বাচন প্ৰস্তুতি সমিতি গঠন কৰিছে ।

by election in Bhabanipur bjp creat committee
গেৰুৱা দলটোৰ লক্ষ্য উপ নিৰ্বাচন

বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই গঠন কৰি দিছে উক্ত সমিতিখন । ভৱানীপুৰ সমষ্টিৰ বাবে বিধায়ক জয়ন্ত মল্ল বৰুৱাক সংযোজক হিচাপে লৈ সমিতিখন গঠন কৰা হৈছে । সমিতিখনত সদস্য হিচাপে আছে মনোজ বৰুৱা, গৌতম দাস, চক্ৰধৰ দাস, নগেন চৌধুৰী, মিহিৰ তালুকদাৰ, ৰাজীৱ দাস, মনোজ বসুমতাৰী আৰু ৰাতুল শৰ্মা ।

by election in Bhabanipur bjp creat committee
বিজেপিৰ উপ নিৰ্বাচন সমিতি গঠন

লগতে পঢ়ক: এতিয়াৰে পৰা ঘৰতে বহি অনলাইন যোগে লাভ কৰিব পাৰিব ড্ৰাইভিং লাইচেঞ্চ

দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মাই এই কথা জানিবলৈ দিয়ে । উল্লেখ্য যে, উপ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া প্ৰতিটো সমষ্টিৰ বাবে বিজেপিয়ে বিশেষ সমিতি গঠন কৰি সমগ্ৰ দিশ তদাৰক কৰাৰ দায়িত্ব দিছে । এতিয়ালৈকে ৬ টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈছে ৷

দুজন বিধায়কৰ মৃত্যু হোৱাৰ উপৰিও কংগ্ৰেছৰ দুজন আৰু এআইইউডিএফৰ এজনে বিজেপিত যোগদান কৰা আৰু সৰ্বানন্দ সোণোৱাল কেন্দ্ৰলৈ যোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়ালৈকে ছয়টা সমষ্টি জনপ্ৰতিনিধিহীন হৈ পৰিছে । এই সমষ্টিকেইটাত আধিপত্য বিস্তাৰৰ বাবে ইতিমধ্যে বিজেপিয়ে নিজৰ ৰণকৌশল আৰম্ভ কৰিছে ।

লগতে পঢ়ক: অসমত ভূমি ক্ৰয়ক লৈ শংকিত বহিৰাগত : প্ৰণিত হ’ব আইন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.