ETV Bharat / state

B Borooah Cancer Institute golden Jubilee: সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিব বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠানে

author img

By

Published : Nov 15, 2022, 5:29 PM IST

Updated : Nov 15, 2022, 5:56 PM IST

গুৱাহাটীস্থিত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সোণালী জয়ন্তী (BBCI golden Jubilee)। অহা ১৮ নৱেম্বৰত প্ৰতিষ্ঠানখনে উদযাপন কৰিব সোণালী জয়ন্তী বৰ্ষ । উক্ত দিনটোত বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব প্ৰতিষ্ঠানখনত ।

B Borooah Cancer Institute golden Jubilee
সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিব বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠানে

গুৱাহাটী,১৫ নৱেম্বৰ : ১৮ নৱেম্বৰত ৫০ বছৰত ভৰি দিব গুৱাহাটীৰ বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠানে (B Borooah Cancer Institute golden Jubilee) ৷ ১৯৭৩ চনত শুভাৰম্ভ হোৱা এই ৫০ বছৰীয়া যাত্ৰাত উৎফুল্লিত বি.বৰুৱা কৰ্কট প্ৰতিষ্ঠান কতৃপক্ষ ৷ ১৮ নৱেম্বৰত বছৰজোৰা সোণালী জয়ন্তীৰ দিনটোত উপস্থিত থাকিব অসমৰ ৰাজ্যপাল জগদীশ মুখী, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিৎ শেখৰ মুছাৰীৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ।

সোণালী জয়ন্তীৰ কাৰ্যসূচীত বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ শীৰ্ষ সংগীত প্ৰথমবাৰৰ বাবে মুকলি কৰা হ'ব ৷ ৫০ বছৰীয়া যাত্ৰাৰ 'আলোকচিত্ৰ' স্মৰণিকা উন্মোচন কৰা হ'ব ৷ কফি টেবুল বুক এখনো মুকলি কৰা হ'ব । মঙলবাৰে বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত সংবাদ মেল সম্বোধন কৰি সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকীয়ে এই কথা সদৰী কৰে (BBCI to celebrate golden Jubilee)।

তেওঁ কয় যে ১৯৭৩ চনত সেই সময়ৰ পাঞ্জাৱৰ তদানীন্তন ৰাজ্যপাল মহেন্দ্ৰ মোহন চৌধুৰীয়ে প্ৰতিষ্ঠানখন মুকলি কৰিছিল । ১৯৭৪ চনৰ পৰা ২০ খন বিছনা, দুগৰাকী চিকিৎসক আৰু ৩৪ গৰাকী কৰ্মচাৰীৰে চিকিৎসালয়খন কাৰ্যক্ষম হৈ উঠিছিল । অসম চৰকাৰে প্ৰদান কৰা তিনি একৰ ভূমিত লোকবন্ধু ডাঃ ভূৱনেশ্বৰ বৰুৱা কৰ্কট সমিতি ন্যাসে এই প্রতিষ্ঠানখন স্থাপন কৰিছিল ।

প্রয়াত ডা: কনক চন্দ্ৰ বৰুৱা, প্রয়াত দেবেন্দ্র নাথ শৰ্মা, প্রয়াত বিমলা প্ৰসাদ চলিহা, প্রয়াত মহেন্দ্র মোহন চৌধুৰী, প্রয়াত বিষ্ণুৰাম মেধি, প্রয়াত ডাঃ ঘনশ্যাম দাস, প্রয়াত ডাঃ বীৰেন্দ্ৰ নাথ চৌধুৰী, প্ৰয়াত ডাঃ নলিনী শৰ্মা, প্রয়াত ডাঃ ভূপেন ফুকন, প্রয়াত দুর্গা দত্ত লোহিয়া, প্রয়াত গণপত ধানুকা, ধীৰেন্দ্ৰ নাথ বৰুৱা, প্রয়াত মহাদেৱ খাখলিয়া আদিকে ধৰি এই প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠা কালৰ সৈতে জড়িত আছিল ।

এই প্ৰতিষ্ঠানত ১৯৭৯ চনত প্ৰথমটো টেলি-কবাল্ট যন্ত্র স্থাপন কৰা হৈছিল আৰু ইয়াৰ এবছৰৰ পাছতে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে প্ৰতিষ্ঠানখনক ৰিজিঅ'নেল কেন্সাৰ চেন্টাৰৰ স্বীকৃতি প্ৰদান কৰিছিল । ১৯৮৬ চনত এই প্রতিষ্ঠানখন অসম চৰকাৰৰ অধীনলৈ যায় । ইয়াৰ তিনি বছৰ পাছত অসম চৰকাৰে উত্তৰ-পূব পৰিষদ আৰু ভাৰত চৰকাৰৰ আণৱিক শক্তি বিভাগৰ সৈতে এখন ত্রিপাক্ষিক চুক্তি স্বাক্ষৰ কৰে ।

সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত আৰু আণবিক শক্তি আয়োগৰ অধ্যক্ষ এম আৰ শ্ৰীনিৱাসনৰ প্ৰচেষ্টাত এয়া সম্ভৱপৰ হৈ উঠিছিল । তেতিয়াৰে পৰা আজিলৈ প্ৰতিষ্ঠানখনে সকলোৰে বাবে নিষ্ঠাৰে সৈতে নিৰৱচ্ছিন্নভাৱে কৰ্কট ৰোগৰ সেৱা আগবঢ়াই আহিছে বুলি উল্লেখ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকীয়া । ৰোগীৰ প্ৰতি আগবঢ়োৱা সেৱাৰ উপৰিও ২০১১ চনৰ পৰা প্ৰতিষ্ঠানটোত শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠান গা কৰি উঠে বুলি মন্তব্য কৰে ।

লগতে পঢ়ক :Hemamalini in Nalbari: ড্ৰীমগাৰ্লৰ মুখত অসমৰ মহাপুৰুষৰ নাম, ধন্য হ’ল শংকৰদেৱ !

Last Updated : Nov 15, 2022, 5:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.