ETV Bharat / state

বিকল্প সংস্থাপন অবিহনে উচ্ছেদ বন্ধ ৰাখক: ভূমি সংগ্ৰাম সমিতিৰ দাবী - বিকল্প সংস্থাপন অবিহনে উচ্ছেদ বন্ধ ৰাখক

গুৱাহাটীৰ শিলসাঁকো বিলত চলা প্ৰশাসনৰ উচ্ছেদ অভিযানক (Eviction drive at Silsako Beel) লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মুখ্যমন্ত্ৰীয়ে সকলোকে ভূমি পট্টা প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পাছতো খিলঞ্জীয়া লোকসকলে বাস কৰা অঞ্চলটোত উচ্ছেদ চলোৱাক লৈ বহুতে চৰকাৰক সমালোচনা কৰিছে । চৰকাৰৰ এই পদক্ষেপত গৰিহণা দিছে ভূমি অধিকাৰ সংগ্ৰাম সমিতি আৰু গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতিয়ে ।

eviction
বিকল্প সংস্থাপন অবিহনে উচ্ছেদ বন্ধ ৰাখক
author img

By

Published : May 14, 2022, 6:03 PM IST

গুৱাহাটী, ১৪ মে' : প্ৰতিকূল বতৰকো নেওচি শুকুৰবাৰে পুৱাই মহানগৰীত প্ৰশাসনে উচ্ছেদ অভিযান চলাইছিল (Eviction drive at Silsako Beel)। মহানগৰীৰ চচলস্থিত শিলসাঁকো বিলত প্ৰশাসনৰ এস্কেভেটৰৰ সহায়ত চলিছিল এই উচ্ছেদ অভিযান । শিলসাঁকো বিলত থকা শতাধিক পৰিয়ালৰ বাসগৃহৰ লগতে সেই স্থানত থকা মন্দিৰ আদিতো পৰিল প্ৰশাসনৰ এস্কেভেটৰৰ হাঁতোৰা । প্ৰশাসনৰ এই উচ্ছেদৰ সময়ত ভুক্তভোগী পৰিয়ালবোৰ বিভিন্ন ধৰণে বাধা দিবলৈ চেষ্টা কৰিছিল যদিও প্ৰশাসনে উচ্ছেদ চলাই গ'ল । ফলত দিশহাৰা হৈ পৰিল পৰিয়ালসমূহ ।

এই উচ্ছেদৰ পিছতে বিভিন্ন দল-সংগঠনে উচ্ছেদিত পৰিয়ালৰ হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বিকল্প সংস্থাপন অবিহনে উচ্ছেদ বন্ধ ৰাখিবলৈ চৰকাৰক আহ্বান জনাইছে দল-সংগঠনসমূহে । শিলসাঁকো বিলত চলা উচ্ছেদক দুৰ্ভাগ্যজনক আখ্যা দি ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ (Bhumi Adhikar Sangram Samittee) সভাপতি তথা গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতিৰ সম্পাদক প্ৰবীণ জ্যোতি কলিতাই বিকল্প সংস্থাপন অবিহনে উচ্ছেদ বন্ধ ৰাখিব লাগে বুলি দাবী কৰে (BASS urges government to stop eviction in Guwahati)।

বিকল্প সংস্থাপন অবিহনে উচ্ছেদ বন্ধ ৰাখক

তেওঁৰ অভিযোগ চৰকাৰে ভূমিৰ পট্টা দিয়াক লৈ ৰাজনীতি কৰি আছে । কিছুদিন পূৰ্বে পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে নিজে কৈছিল যে মহানগৰীত যিয়ে য'ত বাস কৰি আছে সকলোকে মাটিৰ পট্টা দিয়া হ'ব (CM on land lease issue)। কিন্তু নিৰ্বাচন যোৱাৰ পাছতে হঠাৎ কোনো জাননী অবিহনে প্ৰতিকূল বতৰকো নেওচি শিলসাঁকোত চলিল উচ্ছেদ ।

উল্লেখ্য যে গুৱাহাটী মহানগৰীত বাস কৰা ৮৫ হাজাৰ পৰিয়ালৰ ভূমি পট্টা নাই । তাৰ ভিতৰত পাহাৰত ৬৫ হাজাৰ পৰিয়াল আছে আৰু সমতলত ২০ হাজাৰ পৰিয়াল বাস কৰি আছে । ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি প্ৰবীণ জ্যোতি কলিতাৰ অভিযোগ বেদখল কৰিবলৈ চৰকাৰে উৎসাহিত কৰে । কিয়নো সেই স্থানসমূহত চৰকাৰে খোৱাপানী, বিদ্যুতকে ধৰি সকলো ধৰণৰ সুবিধা দিয়ে ।

ইয়াৰ পিছত চৰকাৰে কিয় উচ্ছেদ চলায় বুলিও তেওঁ প্ৰশ্ন কৰে । তেওঁৰ অভিযোগ চৰকাৰে দুমুখীয়া নীতি গ্ৰহণ কৰিছে । গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ আগলৈ উচ্ছেদ বন্ধ আছিল বুলি মন্তব্য কৰি তেওঁ কয় যে শিলসাঁকো বিলৰ ৬০২ নম্বৰ মাটিৰ দাগটো যদি জলাশয়তে পৰে তেনেহ'লে বাছি বাছি কিয় উচ্ছেদ কৰিলে বুলিও তেওঁ প্ৰশ্ন কৰে । সেয়েহে পৰিয়ালবোৰক সংস্থাপনৰ বিকল্প ব্যৱস্থা নকৰালৈ উচ্ছেদ বন্ধ ৰাখিবলৈ প্ৰবীণ জ্যোতি কলিতাই চৰকাৰক দাবী জনায় ।

লগতে পঢ়ক :মহানগৰীৰ শিল সাঁকো বিলত পৰিল প্ৰশাসনৰ হাঁতোৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.