ETV Bharat / state

Basistha Dev Sarma health is deteriorating : বশিষ্ঠ দেৱশৰ্মাৰ অৱস্থা অতি সংকটজন

author img

By

Published : Oct 21, 2022, 5:04 PM IST

ক্ৰমাৎ জটিল হৈছে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াগৰাকীৰ স্বাস্থ্য (Basistha Dev Sarma health is deteriorating) ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে যথাসম্ভৱ সকলো উন্নত চিকিৎসা সেৱা আগবঢ়াই আছে ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ স্বাস্থ্য সম্পৰ্কে হোৱা এক বাৰ্তালাপত এই মন্তব্য কৰে GMCH ৰ অধীক্ষক অভিজিৎ শৰ্মাই ৷

বশিষ্ঠ দেৱশৰ্মাৰ অৱস্থা অতি সংকটজন
বশিষ্ঠ দেৱশৰ্মাৰ অৱস্থা অতি সংকটজন

গুৱাহাটী, ২১ অক্টোবৰ : সুস্থ হৈ উঠা নাই বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা (Sick Satradhikar Basistha Dev Sarma)। বৰ্তমানেও গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH) ত চিকিৎসা অব্যাহত বৰ্ষীয়ান সত্ৰাধীকাৰগৰাকীৰ । বিশেষজ্ঞ চিকিৎসকৰ দলে দিনে-নিশাই বুঢ়াসত্ৰীয়াগৰাকীক চিকিৎসা সেৱা প্ৰদান কৰি আহিছে ।

বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ স্বাস্থ্য সন্দৰ্ভত GMCH ৰ অধীক্ষক অভিজিৎ শৰ্মাই কয়, ‘‘বশিষ্ঠ দেৱশৰ্মাৰ অৱস্থা অতি সংকটজন । কিন্তু বৰ্তমানো তেওঁ ষ্টেবল হৈ আছে । পালচ্, বিপি সকলো ঠিকেই আছে । আমি চিকিৎসা কৰি আছো । অৱশ্যে প্ৰস্ৰাৱ কম হৈছে । সুব সম্ভৱ ডাইলেছিচ কৰা হ’ব ।

বশিষ্ঠ দেৱশৰ্মাৰ অৱস্থা অতি সংকটজন

প্ৰতিটো বিভাগৰ চিকিৎসকে চাই আছে । শাৰীৰিক উন্নতি এই মূৰ্হুতত ক’ব নোৱাৰি (Basistha Dev Sarma health is deteriorating) । মাল্টি অৰ্গেন ফেইল নোহোৱাৰ বাবে প্ৰয়াস কৰি থকা হৈছে । বৃহস্পতিবাৰৰ পৰাই জ্যেষ্ঠ সত্ৰাধীকাৰগৰাকীক ভেন্টিলেটৰত ৰখা হৈছে’’ । উল্লেখ্য যে, শাৰীৰিক অসুস্থতাৰ বাবে বিগত ১০ অক্টোবৰৰ পৰাই বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াগৰাকীক (Satradhikar Basistha Dev Sarma admitted in BMCH) ৷

লগতে পঢ়ক : Sick Satradhikar Basistha Dev Sarma : বুঢ়াসত্ৰীয়াৰ আশু আৰোগ্য কামনাৰ্থে মাজুলীত প্ৰাৰ্থনা সভা

তাৰ পাছত উন্নত চিকিৎসাৰ বাবে ১১ অক্টোবৰত বুঢ়াসত্ৰীয়াগৰাকীক GMCH লৈ প্ৰেৰণ কৰা হয় (Satradhikar Basistha Dev Sarma admitted in GMCH) ৷ দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছিল বুঢ়াসত্ৰীয়াগৰাকীক ৷ বুঢ়াসত্ৰীয়াগৰাকীৰ আশু আৰোগ্যৰ বাবে বৰপেটা সত্ৰবাসীৰ লগতে ৰাজ্যখনৰ বিভিন্ন দল সংগঠনেও নেদেখাজনৰ শ্ৰীচৰণত আঠু লৈছে ৷

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ ১৯৩৮ চনৰ ১ এপ্ৰিলত সুন্দৰীদিয়াত জন্ম গ্ৰহণ কৰিছিল ৷ তেখেতৰ পিতৃৰ নাম গিৰীশ চন্দ্ৰ শৰ্মা আৰু মাতৃৰ নাম দময়ন্তী দেৱী আছিল ৷ বৰপেটাৰ পল্লাৰপাম প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলিছিল বশিষ্ঠ দেৱ শৰ্মাই ৷

তাৰ পাচত তেওঁ সুন্দৰীদিয়াৰ দক্ষিণহাটী প্ৰাথমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৷ বশিষ্ঠ দেৱ শৰ্মাই ১৯৯৩ চনত বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া হিচাপে নিৰ্বাচিত হৈছিল ৷ তেওঁ ১৪ বছৰ ধৰি বৰপেটা সত্ৰত ডেকা সত্ৰীয়া হিচাপে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিছিল ৷

তাৰ পিছত ২০০৭ চনত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া হিচাপে তেওঁক নিৰ্বাচিত কৰা হৈছিল ৷ সেই তেতিয়াৰ পৰাই বৰ্তমানলৈকে সত্ৰত তেওঁৰ সেৱা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : Basistha Dev Sarma health is deteriorating: ক্ৰমাৎ অসুস্থ হৈ পৰিছে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.