ETV Bharat / state

Gate hospital Guwahati: গুৱাহাটীৰ গেট হাস্পতালত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰাহুল আমিন

author img

By

Published : Mar 30, 2023, 10:45 PM IST

ৰাজ্যৰ কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত চিকিৎসকক বৃহস্পতিবাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় গুৱাহাটীৰ গেট হাস্পতালত ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰাহুল আমিন ৷ অসমকলৈয়ো কেতবোৰ মন্তব্য কৰে বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তগৰাকীয়ে (Doctor felicitation programme) ৷

Gate hospital Guwahati
গুৱাহাটীৰ গেট হাস্পতালত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰাহুল আমিন

গুৱাহাটী, 30 মাৰ্চ: মানৱতাক পৰম ধৰ্ম হিচাবে লৈ নিস্বাৰ্থভাৱে চিকিৎসা সেৱাত ব্ৰতী হৈ চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা ৰাজ্যৰ কেইবাগৰাকীও চিকিৎসকক সম্বৰ্ধনা জ্ঞাপন (Doctor felicitate in Gate hospital) ৷ গুৱাহাটীৰ গেট হাস্পতালত বৃহস্পতিবাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় চিকিৎসককেইগৰাকীক ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থি থাকে বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰাহুল আমিন (Assistant High Commissioner of Bangladesh) ৷

বৃহস্পতিবাৰে 12 বজাৰ পৰা গেট হাস্পতালৰ প্ৰাংগনত অনুষ্ঠিত হোৱা বিশেষ সম্বৰ্ধনা অনুষ্ঠান বন্তি প্ৰজ্বলন কৰে গেট হাস্পতালৰ মুখ্য পৰিচালন সঞ্চালক ড৹ বেদব্ৰত পাঠকে ৷ অনুষ্ঠানত উপস্থিত থাকি বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰাহুল আমিনে কয়, ‘‘মোৰ মাতৃ ভাষা বাংলা যদিও অসমীয়া আৰু বাংলা ভাষাৰ মাজত যথেষ্ট মিল দেখিবলৈ পাওঁ ৷’’ অসমৰ ভাষা-খাদ্য-সংস্কৃতিৰ সৈতে মিল থকাৰ বাবে বাংলাদেশী নাগৰিক অসমলৈ আহি সুবিধাজনক অনুভৱ কৰে বুলি মন্তব্য কৰে উচ্চায়ুক্তগৰাকীয়ে (Rahul Amin on Assamese culture) ৷

লগতে পঢ়ক: Provincialisation of govt schools: প্ৰায় 19527 গৰাকী অপ্ৰাদেশীকৃত শিক্ষকৰ আশাত চেঁচাপানী

অসমীয়া লোকসকল যথেষ্ট সৰলমনা আৰু বন্ধুত্ব সুলভ বুলি উল্লেখ কৰি বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তগৰাকীয়ে অসমৰ চিকিৎসা ক্ষেত্ৰখন আৰু অধিক উন্নত কৰিলে বাংলাদেশৰ নাগৰিকো স্বাস্থ্যজনিত কাৰণত অসমলৈ অহাৰ বাবে অধিক আগ্ৰহ প্ৰকাশ কৰিব বুলি আশা প্ৰকাশ কৰে (Hospital facility in Assam) ৷

বৃহস্পতিবাৰৰ সম্বৰ্ধনা অনুষ্ঠানত অসমৰ চিকিৎসা ক্ষেত্ৰলৈ বিশেষভাৱে অৰিহণা যোগোৱা ডাঃ অলকা গোস্বামী, ডাঃ নৰেন বৰ্মন, ডাঃ প্ৰণৱ বৰুৱা, ডাঃ যোগেশ চন্দ্ৰ বৰকটকী, ডাঃ জগদীশ কাকতি, ডাঃ বিভাৰানী গোস্বামী আৰু ডাঃ বিজয় ডেকাক গামোছা, ফুলৰ থোপা, জাপি, এটা গঁড়ৰ প্ৰতীক আৰু এখন প্ৰশস্তি পত্ৰৰে গেট হাস্পতালৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় (Gate hospital Guwahati) ৷

লগতে পঢ়ক: Spy in APCC: কংগ্ৰেছৰ ভিতৰৰ খবৰ পায় মুখ্যমন্ত্ৰীয়ে; ড৹ শৰ্মাৰ অভিযোগকলৈ সৰব কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.