গুৱাহাটী, 13 ডিচেম্বৰ: অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো গেথেলা মৰাৰ সময়তে "অসমৰ কোচ-ৰাজবংশীসকল বৃহত্তৰ অসমীয়া জাতিৰ এক অংশ" বুলি কৈ স্বজাতিৰেই উগ্ৰপন্থী সংগঠনৰ ৰোষত পৰিছে প্ৰাক্তন আক্ৰাছু নেতা তথা কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ (Kamatapur autonomous council) মুখ্য কাৰ্যবাহী সদস্য গকুল বৰ্মন ৷ ৰাজ্যৰ কমতাপুৰ স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী গকুল বৰ্মনক অজ্ঞাত স্থানৰ পৰা এক ভিডিঅ’যোগে উগ্ৰপন্থী সংগঠন কে এল অ’ৰ এগৰাকী নেতাই সকীয়নি দিয়া দেখা গৈছে (KLO warns Gakul Barman) ৷
কেইদিনমান পূৰ্বে নাথ-যোগী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত এখন সভাত মুখ্য কাৰ্যবাহী গকুল বৰ্মনে ভাষণ প্ৰদান কৰিছিল ৷ তাতেই গকুল বৰ্মনে মন্তব্য কৰিছিল, "বৃহত্তৰ অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ কোচ-ৰাজবংশীসকল (Koch Rajbanshi community) ৷ সৰু সৰু জাতি জনগোষ্ঠীবোৰে সকলোৱে সমিল-মিলেৰে বসবাস কৰি আহিছে’’ ৷
তাৰ পিছতেই গকুল বৰ্মনৰ ওপৰত খৰ্গহস্ত হৈ পৰে পৃথক কমতাপুৰৰ দাবীৰে সৃষ্ট উগ্ৰপন্থী সংগঠন কে এল অ’ (Ban outfit KLO) ৷ ভিডিঅ’টোত সংগঠনটোৰ তৰফৰ পৰা গকুল বৰ্মনক জাতিদ্ৰোহী আখ্যা দি সকীয়নি দিয়া হৈছে (Ban outfit KLO warns Gakul Barman) ৷
উগ্ৰপন্থী সংগঠন কে এল অ’ৰ এই ভিডিঅ’ সকীয়নি প্ৰেৰণৰ পিছত স্বাভাৱিকতে এতিয়া ৰাজ্যত তোলপাৰ লাগিছে ৷ বিশেষকৈ কোচ-ৰাজবংশী লোক সকলৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে ৷ 24 ঘন্টাৰ ভিতৰত কোচ ৰাজবংশী ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ গকুল বৰ্মনক নিৰিদেশ দিছে কে এল অ’ৰ সচিব কোচ পাৱেলে ৷
ভিডিঅ’টোত এক অজ্ঞাত জংঘলৰ পৰা কোচ পাৱেলে সকলো কোচ ৰাজবংশী লোকক সম্ভাষণ জনায় ৷ তাৰ পাচতেই গকুল বৰ্মনৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিদ্ৰোহী নেতাগৰাকীয়ে ৷ এনে মন্তব্য কৰিবলৈ গকুল বৰ্মনে সাহস ক’ত পালে বুলি প্ৰশ্ন কৰি তেওঁ বৰ্মনক বিভিন্ন ধৰণে কটুক্তি কৰা দেখা যায় ৷
লগতে পঢ়ক: Standoff at China Border: ভাৰত-চীন সীমান্তৰ উত্তেজনাক লৈ চৰকাৰক আক্ৰমণ বিৰোধীৰ