ETV Bharat / state

বাঁহ উদ্যোগ : ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীলৈ আশাৰ সঞ্চাৰ.. - দেশত এতিয়া মন্দাৱস্থা

কৰ'ণা ভাইৰাচৰ আগ্ৰাসন আৰু লক​ডাউনৰ ফলত কৰ্মহীন হৈ পৰা ৰাজ্যৰ কেইবাহাজাৰ নিবনুৱা যুবক-যুৱতীক মৰ্যাদাপূৰ্ণ কৰ্ম সংস্থাপন দিব বাঁহ উদ্যোগে ৷ দৰাচলতে, তিনিমাহ জোৰা লকডাউন ঘোষণাৰ পিছত দেশত এতিয়া মন্দাৱস্থা । প্ৰতিটো খণ্ডত অৰ্থনৈতিক প্ৰভাৱ পৰাৰ লগতে নিবনুৱাসকলক লৈ চিন্তিত হৈ পৰিছে প্ৰতিখন ৰাজ্য ।

Bamboo industry can give jobs to the unemployed after lockdown
বাঁহ উদ্যোগ
author img

By

Published : May 31, 2020, 5:25 PM IST

গুৱাহাটী, 31 মে' : বাঁহ ! বাঁহ খেতি ! বাঁহ শিল্প ! বাঁহ খেতিৰ বাবে অনুকূল অসমৰ সাৰুৱা ভূমি আৰু উপযুক্ত জলবায়ুয়ে অতীজৰে পৰা বাঁহ শিল্পৰ যোগেদি গ্ৰাম্য অৰ্থনীতিক কিছু পৰিমাণে শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ৷ ইতিমধ্যে ৰাজ্যৰ গ্ৰাম্যাঞ্চলৰ পৰা বহিঃৰাজ্য পৰ্যন্ত অকল্পনীয়ভাবে বাঁহৰ চাহিদা বাঢ়ি পোৱা পৰিলক্ষিত হৈছে । অসমৰ থলুৱা কুটিৰ শিল্পসমূহৰ ভিতৰত উল্লেখযোগ্য এই বাঁহ শিল্পই ৰাজ্যৰ নিবনুৱাসকলৰ বাবে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে ৷

ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীলৈ আশাৰ সঞ্চাৰ..

কৰ'ণা ভাইৰাচৰ আগ্ৰাসন আৰু লকডাউনৰ ফলত কৰ্মহীন হৈ পৰা ৰাজ্যৰ কেইবাহাজাৰ নিবনুৱা যুবক-যুৱতীক মৰ্যাদাপূৰ্ণ কৰ্ম সংস্থাপন দিব বাঁহ উদ্যোগে ৷ দৰাচলতে, তিনিমাহ জোৰা লকডাউন ঘোষণাৰ পিছত দেশত এতিয়া মন্দাৱস্থা । প্ৰতিটো খণ্ডত অৰ্থনৈতিক প্ৰভাৱ পৰাৰ লগতে নিবনুৱাসকলক লৈ চিন্তিত হৈ পৰিছে প্ৰতিখন ৰাজ্য । পূৰ্বৰ পৰাই অসমত প্ৰায় 17 লাখতকৈ অধিক নিবনুৱা লোকৰ সমস্যাৰ সমাধান কৰিব নোৱাৰা চৰকাৰখনে লকডাউনৰ পাছত পুনৰ এক অপৰিকল্পনীয় পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব । এই নিবনুৱা সমস্যাৰ লগতে আৰ্থিক মন্দাৱস্থাৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰে ৰাজ্যৰ বাঁহ উদ্যোগক গুৰুত্ব প্ৰদান কৰাৰ উপদেশ দিছে Ivantage craft Pvt ltd ৰ পৰিচালনা সঞ্চালক এছ এম এছ বৰদলৈয়ে ৷

উল্লেখ্য যে, আন্তৰ্জাতিক বজাৰৰ লগতে ঘৰুৱা বজাৰতো বৰ্তমান বাঁহৰ পৰা নিৰ্মাণ হোৱা চোফা, চকী, মেজৰ চাহিদা বৃদ্ধি পাবলৈ ধৰিছে । ফলস্বৰূপে অসমত প্ৰচুৰ পৰিমাণে উপলদ্ধ বাঁহ আৰু বাঁহৰ উদ্যোগে বহু নিবনুৱাৰ বাবে এক আশাৰ সঞ্চাৰ কৰিব পাৰে বুলি জানিবলৈ দিয়ে Ivantage craft Pvt ltd ৰ পৰিচালনা সঞ্চালক এছ এম এছ বৰদলৈয়ে । বাঁহৰ পাতৰ পৰা আৰম্ভ কৰি শিপালৈ একো একো ডাল বাঁহত বিভিন্ন ধৰণৰ সামগ্ৰীৰ উৎপাদনৰ সম্ভাৱনা আছে ।

উল্লেখযোগ্য যে 139.27 কোটি জনসংখ্যা সমৃদ্ধ এখন দেশৰ বহু শতাংশ নিবনুৱাক এই বাঁহ উদ্যোগে সহায় কৰি আহিছে । লগতে ভাৰত চৰকাৰে ঘোষণা কৰা 20 লাখ কোটিৰ পূঁজিয়ে এই উদ্যোগক কিছু সকাহ দিব বুলি আশাবাদী Ivantage craft Pvt ltd ৰ পৰিচালন সঞ্চালক এছ এম এছ বৰদলৈ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.