ETV Bharat / state

জালুকবাৰীৰ মান্দাকাটা বাগিচাৰ ডেৰ শতাধিক পৰিয়ালক উচ্ছেদৰ জাননী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি জালুকবাৰীৰ মান্দাকাটা বাগিচাৰ ডেৰ শতাধিক পৰিয়ালক উচ্ছেদৰ জাননী ৷ প্ৰায় ডেৰশ বছৰ ধৰি বাগিচা খনত কৰ্মৰত শ্ৰমিকসকল ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰি কাতৰ আহ্বান চাহ শ্ৰমিকসকলৰ ৷

baihata-tea-garden-eviction
জালুকবাৰীৰ মান্দাকাটা বাগিচাৰ ডেৰ শতাধিক পৰিয়ালক উচ্ছেদৰ জাননী
author img

By

Published : May 23, 2021, 8:31 PM IST

বাইহাটা, 23 মে': এখনি উচ্ছেদৰ জাননীয়ে নিদ্ৰাহৰণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি জালুকবাৰীৰ ডেৰ শতাধিক পৰিয়ালৰ । সমষ্টিটোৰ একমাত্ৰ চাহ বাগিচা মান্দাকাটা বাগিচাৰ ডেৰ শতাধিক পৰিয়ালক উচ্ছেদৰ জাননী দিছে বাগিচাৰ স্বত্বাধিকাৰী ভাস্কৰ বৰুৱাই ।

জালুকবাৰীৰ মান্দাকাটা বাগিচাৰ ডেৰ শতাধিক পৰিয়ালক উচ্ছেদৰ জাননী

প্ৰায় ডেৰশ বছৰ ধৰি বাগিচা খনৰ শ্ৰমিক হিচাপে কাম কৰি থকাৰ পিচত হঠাৎ তেওঁলোকক উচ্ছেদ কৰিব বিচৰা কাৰ্যত জাঙুৰ খাই উঠিছে শ্ৰমিকসকল । নিজ গাঁৱৰ মন্দিৰৰ চোতালত ক'ভিড প্ৰট’কল মানি সমবেত হয় তেওঁলোক ।

মালিক পক্ষৰ উচ্ছেদৰ জাননী বাতিল কৰাৰ দাবী কৰি তেওঁ লোকৰ জীৱন-মৰণৰ বিষয়টোত জালুকবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰি কাতৰ আহ্বান কৰে ।

লগতে পঢ়ক : তেজপুৰ ঐতিহাসিক গণেশ মন্দিৰলৈ অশনি সংকেত বুঢ়া লুইতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.