ETV Bharat / state

Reacts on reduce of four district: হোজাই জিলাৰ বিলুপ্তিকৰণত সুখী নহয় বদৰুদ্দিন আজমল

author img

By

Published : Jan 1, 2023, 2:15 PM IST

ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি কৰিছে অসমৰ চাৰি জিলাৰ বিলুপ্তিকৰণৰ বিষয়ে (Reduce of four district of Assam)৷ অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট বৈঠকত ৰাজ্যৰ পৰা ৪ খন জিলা বিলুপ্তিৰ সিদ্ধান্ত গ্ৰহণৰ পিছতে মুখ্যমন্ত্ৰীৰ পক্ষত মন্তব্য প্ৰকাশ এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলৰ (Badaruddin Ajmal reacts on reduce of four district) ৷

Badaruddin Ajmal reacts on reduce of four district
হোজাই জিলাৰ বিলুপ্তিকৰণত সুখী নহয় বদৰুদ্দিন আজমল

গুৱাহাটী, ১ জানুৱাৰী: অসমৰ চাৰিখন জিলাৰ বিলুপ্তিকৰণৰ বাবে কেবিনেটে লোৱা সিদ্ধান্তৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলৰ (AIUDF president Badaruddin Ajmal) ৷ "হোজাই জিলাৰ বিলুপ্তিকৰণত মই ব্যক্তিগতভাৱে সুখী নহয় (Dissolution of Hojai district)৷ আমি কৰা ইমানবোৰ ত্যাগ অথলে গ’ল ৷ মই আমাৰ বিধায়কসকলক কম যাতে মুখ্যমন্ত্ৰীক এই বিষয়ে সোধে, তেওঁ কিয় এনে সিদ্ধান্ত গ্ৰহণ কৰিলে ?"

উল্লেখ্য যে বছৰৰ অন্তিমটো দিনা দিল্লীত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট বৈঠকত ৰাজ্যৰ পৰা ৪ খন জিলা বিলুপ্তিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল (Reduce of four district of Assam) ৷ সেই অনুসৰি ৩৫ খন জিলাৰ ভিতৰত বিশ্বনাথ, হোজাই, বজালী আৰু তামুলপুৰ জিলাক বিলুপ্তিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

আগন্তুক কেইবাটাও মাহলৈ বিশ্বনাথ জিলাক শোণিতপুৰ জিলাৰ সৈতে, হোজাই জিলাক নগাঁও জিলাৰ সৈতে, বজালী জিলাক বৰপেটাৰ সৈতে আৰু তামুলপুৰ জিলাক বাক্সা জিলাৰ সৈতে সংলগ্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ কেবিনেটৰ এই সিদ্ধান্তৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: Assam District Remerged: বিশ্বনাথ জিলাৰ মৰ্যাদা অটুট ৰখাৰ দাবী আছুৰ

এই ঘোষণাৰ পিছতে বিৰোধী দলসমূহৰ লগতে ৰাজ্যৰ আন সংগঠনসমূহে ইয়াৰ বিৰোধিতা কৰাৰ বিপৰীতে সেই সময়তে এআইইউডিএফে দূৰত্বত অৱস্থান কৰিছে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এআইইউডিএফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰীৰ পক্ষত মন্তব্য প্ৰকাশ কৰি কয় যে মুখ্যমন্ত্রীয়ে কেইবাবাৰো ঘোষণাটো কৰাৰ সময়ত দুখ-বেদনা অনুভৱ কৰাৰ কথা ব্যক্ত কৰিছে (Badaruddin Ajmal reacts on reduce of four district)৷ যাৰ বাবে আমিও বিষয়টো অলপ চাব লাগে ৷

জিলা বিলুপ্তিকৰণ কৰি চৰকাৰে ভাল কাম কৰিলে নে বেয়া কাম কৰিলে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে সেইটো তেওঁ কেনেকৈ ক'ব। জনসাধাৰণৰ প্ৰতিক্ৰিয়া যি হ'ব সেয়াই তেওঁলোকৰ প্ৰতিক্ৰিয়া হ'ব ৷ গোটেই বিষয়টো চোৱাৰ পিছতেহে দলে প্ৰতিক্ৰিয়া দিব ৷ ইতিমধ্যে ইয়াৰ বাবে ৯ জনীয়া কমিটি গঠন (Formation of a 9 member committee) কৰি দিয়া হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে কমিটিৰ পৰা সবিশেষ পোৱাৰ পাছতেহে দলে নিজৰ স্থিতি ব্যক্ত কৰিব ৷

লগতে পঢ়ক: Assam District Remerged: তামুলপুৰৰ জিলা মৰ্যাদা বাতিলকৰণত অসন্তুষ্ট দল-সংগঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.