গুৱাহাটী, 17 ডিচেম্বৰ: সাংসদ মৌলানা বদৰুদ্দিন আজমল আৰু তেখেতৰ স্বেচ্ছাসেৱী সংগঠনৰ বিৰুদ্ধে শাসকীয় দল বিজেপিয়ে নানান অভিযোগ উত্থাপন কৰিছে ৷ বিশেষকৈ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মৌলানা বদৰুদ্দিন আজমলক সমালোচনাৰে থকা সৰকা কৰাৰ পাচতে শংকাত ভূগিছে আজমল ৷
নিৰাপত্তাৰ ক্ষেত্ৰতো যথেষ্ট শংকিত হৈ সাংসদগৰাকীয়ে বুধবাৰে সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৷ সন্ত্ৰাসবাদী সংগঠনৰে সম্পৰ্ক থকা সংস্থাৰ পৰা ধন অহা অভিযোগৰ পূংখানুপূংখ তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনায় সাংসদ আজমলে ৷
কেৱল ইমানেই নহয় মুখ্যমন্ত্ৰীৰ তদন্তকাৰী গোটৰ দ্বাৰাও ইয়াৰ সত্য-সত্যতা পৰীক্ষা কৰিবলৈও অনুৰোধ জনালে সাংসদ মৌলানা বদৰুদ্দিন আজমলে । উল্লেখ্য যে, মুখ্যমন্ত্ৰীক সাক্ষাতৰ সময়চোৱাত সাংসদগৰাকীৰ লগত এআইইউডিএফ আৰু অসম ৰাজ্যিক জমিয়ত উলেমাৰ নেতৃত্ববৃন্দ উপস্থিত থাকে ৷