ETV Bharat / state

Guwahati Protest:ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্রণ আঁচনিত কৰ্মৰত কৰ্মচাৰীৰ হাহাকাৰ অৱস্থা - ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্রণ আঁচনি

যক্ষ্মাৰ দৰে সংক্ৰামক ৰোগৰ পৰ‍া এতিয়াও অসম মুক্ত হোৱা নাই । পাঁচ শতাধিক ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি আজি পর্যন্ত নিয়মীয়া হোৱা নাই । অনিশ্চয়তাৰ জীৱন যাপন কৰিবলগীয়া হৈছে কৰ্মচাৰী সকলে ৷

Guwahati Protest
ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্রণ আঁচনিত কৰ্মৰত কৰ্মচাৰীৰ হাহাকাৰ অৱস্থা
author img

By

Published : Aug 5, 2023, 2:05 PM IST

গুৱাহাটী,৫ আগষ্ট: যক্ষ্মাৰ দৰে সংক্ৰামক ৰোগৰ পৰ‍া এতিয়াও অসম মুক্ত হোৱা নাই । কিন্তু এই ৰোগৰ প্ৰাদুৰ্ভাৱ থকাৰ পাচতো ইয়াৰ নিৰ্মূলৰ বাবে ৰূপায়ন কৰা আঁচনিক লৈ চৰকাৰৰ কোনো গুৰুত্ব নাই । অতি পৰিতাপৰ বিষয় যে, যক্ষ্মা ৰোগৰ দৰে ব্যাধি নিৰ্মূলকৰণৰ হকে সুদীর্ঘ ২৫ বছৰ নিষ্ঠাসহকাৰে কৰ্তব্য পালন কৰি অহা পাঁচ শতাধিক ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি আজি পর্যন্ত নিয়মীয়া হোৱা নাই । যাৰ ফলত এইসকল কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালে অনিশ্চয়তাৰ জীৱন যাপন কৰিবলগীয়া হৈছে ।

উল্লেখ্য যে ১৯৯৮ চনত অসমত আৰম্ভ হোৱা সংশোধিত ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্রণ আঁচনিখন বৰ্তমান ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূলকৰণ আঁচনি লৈ ৰূপান্তৰ কৰিছে ৷ যাতে ২০২৫ চনৰ ভিতৰত যক্ষ্মামুক্ত ভাৰত গঢ়াৰ সংকল্পৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ প্ৰত্যক্ষ পৰ্যবেক্ষণত ৰাজ্যত যক্ষ্মা নির্মূলকৰণ আঁচনিৰ পাঁচ শতাধিক কৰ্মচাৰীয়ে কাম কৰি আহিছে । কিন্তু বিগত ২০-২৫ বছৰ ধৰি কাম কৰি থকা অসমৰ এই কৰ্মচাৰীসকলে আন ৰাজ্যৰ তুলনাতঅতি কম দৰমহা লাভ কৰি আহিছে । আনহাতে কৰ্তব্যৰত অৱস্থাত কৰ্মচাৰী এজনৰ মৃত্যু হ’লে মৃতকৰ পৰিয়ালক মাত্র পাঁচ লাখ টকা দি চৰকাৰে দায়িত্ব সামৰে ।

Guwahati Protest
ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্রণ আঁচনিত কৰ্মৰত কৰ্মচাৰীৰ হাহাকাৰ অৱস্থা

ইয়াৰ বাহিৰে আন কোনো ধৰণৰ চৰকাৰী সা-সুবিধা লাভ কৰা নাই এই কৰ্মচাৰীসকলে । জানিবপৰা মতে ঠিকাভিত্তিক হিচাপে নিয়োজিত কৰ্মচাৰীসকলক পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত সেই সময়ৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাকৰি নিয়মীয়া কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । আনহাতে এই সন্দৰ্ভত এটা ফাইল সাজু কৰা হৈছিল । এই ফাইলটোৰ কাম বহুখিনি আগবাঢ়িছিল যদিও পৰৱৰ্তী সময়ত সমগ্ৰ প্ৰক্ৰিয়াটো স্থবিৰ হৈ পৰে।

লক্ষণীয় বিষয় যে উত্তৰ প্ৰদেশ,অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু পশ্চিমবংগকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মৰত এই আঁচনিৰ কৰ্মচাৰীসকলে অসমৰ কৰ্মচাৰীতকৈ অধিক হাৰত দৰমহা লাভ কৰি আহিছে । আনহাতে মণিপুৰ, ছিকিমত কৰ্মৰত কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ হৈছে । কিন্তু আজিপর্যন্ত কার্যত ৰূপায়ণ নকৰাত আঁচনিখনত জড়িত পাঁচ শতাধিক কৰ্মচাৰী হতাশ হৈ পৰিছে ।

যক্ষ্মাৰ দৰে সংক্ৰামক ৰোগৰ নিৰ্মূলৰ হকে সেৱা আগবঢ়াই অহা এই কৰ্মচাৰীসকলে জীৱনৰ নিৰাপত্তা নোপোৱাত হতাশ হৈ পৰিছে। জানিব পৰা মতে যক্ষ্মা নিৰ্মূলকৰণত ব্যস্ত হৈ থাকি ইতিমধ্যে প্ৰায় দহজন কৰ্মচাৰীৰ মৃত্যু হৈছে। আনহাতে আনৰ যক্ষ্মা নির্মূল কৰিবলৈ গৈ বহু কৰ্মচাৰী নিজেই যক্ষ্মাত আক্ৰান্ত হৈছে আৰু দুজন কৰ্মচাৰীৰ যক্ষ্মা ৰোগত মৃত্যু হৈছে।

বিপদসংকুল পৰিবেশত যক্ষ্মা নিৰ্মূলকৰণ আঁচনিত কৰ্মৰত এই কৰ্মচাৰীসকলে চাকৰি নিয়মীয়াকৰণ,দৰমহা বৃদ্ধি, চৰকাৰী প্ৰাপ্য সা-সুবিধা প্রদান, কৰ্মচাৰীসকলৰ বিনামূলীয়া চিকিৎসা আঁচনি প্রৱর্তন, পেন্সন আঁচনি প্ৰৱৰ্তন আদি দাবী উত্থাপন কৰি আহিছে যদিও চৰকাৰখনে কোনো গুৰুত্ব দিয়া নাই।

লগতে পঢ়ক:Minister Pijush Hazarika: মন্ত্ৰী পীযুষ হাজৰীকাক উভতি ধৰিলে কংগ্ৰেছ নেতা ৰাতুল কলিতাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.