গুৱাহাটী, ১৮ জুলাই : স্বাধীনতাৰ অমৃত মহোৎসৱ (Amrit Mahotsav of Freedom) উপলক্ষে উত্তৰ-পূব ৰে'লৱেৰ 'আইকনিক উইক' পালন (NF Railway celebrates Iconic Week) । সেই উপলক্ষে 'আজাদী কা ৰে'লগাড়ী আৰু ষ্টেচন' শীৰ্ষক সপ্তাহজোৰা অনুষ্ঠানৰ আয়োজন ।
আজিৰে পৰা ২৩ জুলাইলৈ উত্তৰ-পূবৰ ৯টা ষ্টেচনত হ'ব এই অনুষ্ঠান । আজি গুৱাহাটী ৰে'ল ষ্টেচনত এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয় (Azadi Ki Rail Gadi aur Stations celebration at Guwahati) । অসমৰ ৰহা, শিৱসাগৰ টাউন, গহপুৰ ষ্টেচনত এই কাৰ্যসূচী পালন কৰাৰ লগতে ত্ৰিপুৰাৰ আগৰতলা, মণিপুৰৰ জিৰিবাম, নাগালেণ্ডৰ ডিমাপুৰ, মিজোৰামৰ ভৈৰৱী, অৰুণাচলৰ নাহৰলগুণ, মেঘালয়ৰ মেন্দিপথাৰত এই কাৰ্যসূচী পালন কৰা হ'ব ।
গুৱাহাটী ৰে'লৱে ষ্টেচনত অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মহা প্ৰবন্ধক অংশুল গুপ্তাই (Event inaugurated by NF Railway General Manager Anshul Gupta) উক্ত অনুষ্ঠানত কেইবাগৰাকীও স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালক সম্বৰ্ধনা জনোৱা হয় । আজিৰ অনুষ্ঠানত দেশপ্ৰেমমূলক গীত, নাটক আদিও প্ৰদৰ্শন কৰা হয় ।
উল্লেখ্য যে ভাৰতৰ ২৪ খন ৰাজ্যৰ ৭৫ টা ষ্টেচনত আজিৰে পৰা আৰম্ভ হৈছে আজাদী কা ৰে'লগাড়ী আৰু ষ্টেচন শীৰ্ষক সপ্তাহজোৰা অনুষ্ঠান । আনহাতে, অহা ২১ জুলাইৰ পৰা ডিমা হাছাওত যাত্ৰীবাহী ৰে'ল চলিব বুলিও মন্তব্য কৰে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মহা প্ৰবন্ধক অংশুল গুপ্তাই । তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে ইতিমধ্যেই মালবাহী ৰে'লৰ চলাচল আৰম্ভ হৈছে । ইপিনে মণিপুৰৰ ভূমিস্খলন সন্দৰ্ভতো মন্তব্য কৰে মহা প্ৰবন্ধকগৰাকীয়ে ।
লগতে পঢ়ক :Akhil Gogoi vs Draupodi Murmu :দ্ৰৌপদী মূৰ্মু সন্দৰ্ভত অখিলৰ মন্তব্যত শাসকীয় দলত তীব্ৰ প্ৰতিক্ৰিয়া