ETV Bharat / state

গীতানগৰ আৰক্ষীৰ জালত এক্সিছ বেংকৰ ডেপুটি মেনেজাৰ

author img

By

Published : Sep 6, 2022, 2:02 PM IST

দীৰ্ঘদিনে হিতাধিকাৰীৰ ধন লুন্ঠনৰ অভিযোগ উত্থাপন হৈ আহিছিল গীতানগৰ এক্সিছ বেংকৰ ডেপুটি মেনেজাৰৰ বিৰুদ্ধে । অৱশেষত মঙলবাৰে মহানগৰীৰৰ গীতানগৰ আৰক্ষীয়ে অভিযান চলাই জালত পেলাই ডেপুটি মেনেজা ইফতিকন হক চৌধুৰীক(Axis bank deputy manager arrested) । গ্ৰাহকৰ ATM ৰ পিন জালিয়তি কৰি ধন লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন হৈছিল ধৃত মেনেজাৰজনৰ বিৰুদ্ধে(Loot money by forging ATM card PIN) ।

axis bank deputy manager arrested
গীতানগৰ আৰক্ষীৰ জালত এক্সিছ বেংকৰ ডেপুটি মেনেজাৰ

গুৱাহাটী,৬ ছেপ্তেম্বৰ: গ্ৰাহকৰ ধন লুণ্ঠন কৰাৰ অভিযোগত মঙ্গলবাৰে মহানগৰীৰৰ গীতানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গীতানগৰ শাখাৰ এক্সিছ বেংকৰ ডেপুটি মেনেজাৰক(Axis bank deputy manager arrested) । আৰক্ষীৰ জালত পৰে এক্সিছ বেংকৰ ডেপুটি মেনেজাৰ ইফতিকন হক চৌধুৰী । গীতানগৰ আৰক্ষীৰ সূত্ৰই জনোৱা মতে এক্সিছ বেংকৰ ডেপুটি মেনেজাৰ ইফতিকন হক চৌধুৰীয়ে গীতানগৰত থকা এক্সিছ বেংকৰ গ্ৰাহকৰ ATM কাৰ্ডৰ পিন জালিয়তি কৰি ধন লুণ্ঠন কৰি আহিছিল(Axis Bank deputy manager misappropriating money) ।

গীতানগৰ শাখাৰ এক্সিছ বেংকৰ এগৰাকী গ্ৰাহকে ATM কাৰ্ডৰ পিন জালিয়তি কৰি ধন লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন কৰে ডেপুটি মেনেজাৰ ইফতিকন হক চৌধুৰীৰ বিৰুদ্ধে(Loot money by forging ATM card PIN) । এই সন্দৰ্ভত গ্ৰাহকজনে গীতানগৰ আৰক্ষী থানাত দাখিল কৰিছিল এখন এজাহাৰ ।

গ্ৰাহকজনে এজাহাৰত উল্লেখ কৰা অনুসৰি বেংকটোলৈ অহা তেঁওৰ ATM কাৰ্ড জালিয়তিৰে ব্যৱহাৰ কৰি প্ৰায় ডেৰ লাখ টকা ইফতিকন হক চৌধুৰীয়ে লুণ্ঠন কৰে । এই এজাহাৰৰ ভিত্তিত পানবজাৰ মহিলা আৰক্ষীৰ সহযোগত গীতানগৰ আৰক্ষীয়ে ইফতিকন হক চৌধুৰীক গ্ৰেপ্তাৰ কৰি পানবজাৰ মহিলা আৰক্ষী থানালৈ প্ৰেৰণ কৰে(Iftikon Haque Chowdhury arrested) ।

পানবজাৰ মহিলা আৰক্ষী থানাত মহিলা আৰক্ষীয়ে সোধা পোছা কৰাৰ পিছত আৰক্ষীয়ে ইফতিকন হক চৌধুৰীক গীতানগৰ থানালৈ লৈ যায় । বৰ্তমান আৰক্ষীয়ে গীতানগৰ থানাত ডেপুটি মেনেজাৰ ইফতিকন হক চৌধুৰীক জেৰা অব্যাহত ৰাখিছে । এই লুণ্ঠন কেতিয়াৰ চলায় আহিছিল আৰু এইঢ়কামত বেংকৰ কোন কোন লোক জড়িত আছে সেয়া বৰ্তমানো তদন্তৰ খাতিৰত ৰাজহুৱা কৰা নাই আৰক্ষীয়ে । আৰক্ষীয়ে তদন্তৰ পিছত বেংকটোৰ আৰু বহু ৰৌ-বৰালী জালত পৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ।

লগতে পঢ়ক: ৮ বছৰে নিৰ্মাণ হোৱা নাই জোনাইৰ ITI প্ৰতিষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.