ETV Bharat / state

লিংগ বৈষম্যতা আঁতৰোৱাৰ উদ্দেশ্যেৰে বিশেষ সজাগতামূলক ভিডিঅ' - তৃতীয় লিংগ লোক

বিভিন্ন সময়ত মানসিক নিৰ্যাতনৰ বলি হয় তৃতীয় লিংগৰ লোকসকল। সমাজৰ এই লিংগ বৈষম্যতা আঁতৰোৱাৰ উদ্দেশ্যেৰে ভিডিঅ'টো নিৰ্মাণ কৰা হৈছে। যত কিন্নৰৰ দুখ-দুৰ্দশা তথা সমাজৰ পৰা কিদৰে অৱহেলিত হয় তাক প্ৰতিফলিত কৰা হৈছে।

awarness video
লিংগ বৈষম্যতা আঁতৰোৱাৰ উদ্দেশ্যেৰে বিশেষ সজাগতামূলক ভিডিঅ'
author img

By

Published : Dec 25, 2020, 9:19 PM IST

গুৱাহাটী, 25 ডিচেম্বৰ : পহিলা জানুৱাৰীত মুকলি হ'ব এটা বিশেষ সজাগতামূলক ভিডিঅ'। অসম চৰকাৰৰ তৃতীয় লিংগ কল্যাণ ব'ৰ্ডৰ সহযোগত তথা সদৌ অসম তৃতীয় লিংগ সন্থা আৰু NEVARDৰ উদ্যোগত নিৰ্মাণ কৰা হৈছে ভিডিঅ'টো।

লিংগ বৈষম্যতা আঁতৰোৱাৰ উদ্দেশ্যেৰে বিশেষ সজাগতামূলক ভিডিঅ'

বৰ্তমানো তৃতীয় লিংগৰ লোকসকলক সমাজত এক অন্য দৃষ্টিৰে চোৱা হয়। বিভিন্ন সময়ত মানসিক নিৰ্যাতনৰ বলি হয় তৃতীয় লিংগৰ লোকসকল। সমাজৰ এই লিংগ বৈষম্যতা আঁতৰোৱাৰ উদ্দেশ্যেৰে ভিডিঅ'টো নিৰ্মাণ কৰা হৈছে। য'ত কিন্নৰৰ দুখ-দুৰ্দশা তথা সমাজৰ পৰা কিদৰে অৱহেলিত হয় তাক প্ৰতিফলিত কৰা হৈছে। মাঘ বিহু আৰু নৱবৰ্ষ উপলক্ষে এই পদক্ষেপ হাতত হৈছে তৃতীয় লিংগ সন্থাই। এই ভিডিঅ'টো পৰিচালনা আৰু চিত্ৰনাট্য স্বাতী বিধান বৰুৱাৰ। মুঠ ২.২৪ ছেকেণ্ড দৈঘ্যৰ হ'ব এই সজাগতামূলক ভিডিঅ'টো। ইতিমধ্যেই ভিডিঅ' নিৰ্মাণৰ সকলো কাম সম্পূৰ্ণ হৈছে। ১ জানুৱাৰীত আনুষ্ঠানিকভাৱে মুকলি হোৱাৰ পিছতে বিভিন্ন সংবাদ মাধ্যমত বিজ্ঞাপন আকাৰত প্ৰকাশিত হ'ব ভিডিঅ'টি।

ইয়াৰোপৰি অসমৰ প্ৰতিটো ছবিগৃহত ছবি আৰম্ভণিৰ পূৰ্বে এই ভিডিঅ'টো প্ৰদৰ্শন কৰা হ'ব। এই কথা জনাইছে অসম চৰকাৰৰ তৃতীয় লিংগ কল্যাণ বোৰ্ডৰ সহযোগী উপাধ্যক্ষ স্বাতী বিধান বৰুৱাই।

লগতে পঢ়ক : নগাঁৱত সদৌ অসম জিলা কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় অধিবেশন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.