ETV Bharat / state

জালুকবাৰী আৰক্ষীৰ উদ্যোগত কৰ'ণা সজাগতা সভা

author img

By

Published : Jun 1, 2020, 8:33 PM IST

কভিড-19 ৰ সজাগতা সন্দৰ্ভত সোমবাৰে জালুকবাৰী কেন্দ্ৰীয় নাগৰিক কমিটি আৰু জালুকবাৰী আৰক্ষীৰ উদ্যোগত মালিগাঁৱত এখন গুৰুত্বপূৰ্ণ সজাগতামূলক সভা অনুষ্ঠিত হয় ৷ ল'ব লগা সজাগতা সন্দৰ্ভত বহুতো গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰা হয় ৷ সভাত উপস্থিত থাকে বহু কেই গৰাকী বিশিষ্ট ব্যক্তি ৷

Awareness Programme On ” NOVEL CORONAVIRUS Organized By jalukbari police
জালুকবাৰী আৰক্ষীৰ উদ্যোগত কৰ'ণা সজাগতা সভা

গুৱাহাটী, 1 জুন : সোমবাৰে জালুকবাৰী কেন্দ্ৰীয় নাগৰিক কমিটি আৰু জালুকবাৰী আৰক্ষীৰ উদ্যোগত মালিগাঁৱত এখন গুৰুত্বপূৰ্ণ সজাগতামূলক সভা অনুষ্ঠিত হয় ৷ কৰ'ণা ভাইৰাছ আৰু ইয়াৰ বিৰুদ্ধে ৰাইজৰ কৰণীয় সন্দৰ্ভত আলোচনা কৰা হয় উক্ত সভাত । নাগৰিক কমিটি আৰু আৰক্ষীয়ে কিদৰে ক'ভিড-১৯ৰ সামাজিক সংক্ৰমণ অৰ্থাৎ তৃতীয় পৰ্যায়ৰ পৰা বচাই ৰাখিব পৰা যাব তাৰ ক্ষেত্ৰতো আলোচনা কৰা হয় সভাখনত ৷

উক্ত সভাত উপস্থিত থাকে যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়,গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পুলক মহন্ত,পশ্চিম আৰক্ষী জিলাৰ উপ আৰক্ষী আয়ুক্ত নীলেশ চাৱাকাৰকে প্ৰমুখ্য কৰি ভালেমান বিশিষ্ট ব্যক্তি । কৰ'ণাৰ বিৰুদ্ধে চৰকাৰৰ ব্যৱস্থাৱলী আৰু আইনী প্ৰক্ৰিয়াসমূহৰ কথা ৰাইজক জনাই যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায় আৰু জিএমচিৰ যুটীয়া আয়ুক্ত পুলক মহন্তই ।

ইফালে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে জালুকবাৰী কেন্দ্ৰীয় নাগৰিক কমিটিক কাৰ্যসূচী গ্ৰহণ কৰাৰো আহ্বান জনাই যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে ।

লগতে পঢ়ক : বান অভিযানত শিক্ষকৰ নিয়োগক লৈ বিশিষ্ট শিক্ষাবিদ অনংগ কুমাৰ নাথৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.