ETV Bharat / state

ছয় স্বায়ত্বশাসিত পৰিষদে নিয়মীয়াকৈ নাপায় বাজেটৰ পুঁজি

author img

By

Published : Sep 6, 2020, 8:03 PM IST

এতিয়াও কাৰ্যক্ষম হৈ থকা বহুকেইখন স্বায়ত্বশাসিত পৰিষদে দিছপুৰৰ পৰা সময়মতে লাভ নকৰে বাজেট আবন্টিত পুঁজি । তেনে ক্ষেত্ৰত কংগ্ৰেছে অভিযোগ কৰাৰ দৰে নতুন নতুন স্বায়ত্বশাসিত পৰিষদ গঠন কৰাটো চৰকাৰৰ নিৰ্বাচনী চমক নহয়তো ?

ছয় স্বায়ত্বশাসিত পৰিষদে নিয়মীয়াকৈ নাপায় বাজেটৰ পুঁজি
ছয় স্বায়ত্বশাসিত পৰিষদে নিয়মীয়াকৈ নাপায় বাজেটৰ পুঁজি

গুৱাহাটী, ৬ ছেপ্তেম্বৰ: একমাত্ৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ ৰাজ্য চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো একাষৰীয়া কৰি বিভিন্ন জনগোষ্ঠীৰ বাবে স্বায়ত্বশাসিত পৰিষদ গঠনৰ সিদ্ধান্ত লোৱাৰ অভিযোগ উত্থাপন গৈছে । সেই সিদ্ধান্ত কাৰ্যকৰীকৰণৰ প্ৰথম পদক্ষেপ হিচাপে সদ্যসমাপ্ত বিধানসভাৰ বৰ্ষাকালিন অধিবেশনত তিনিখনকৈ নতুন স্বায়ত্বশাসিত পৰিষদ গঠনৰ বিধেয়ক গৃহীত কৰা হ'ল । কেৱল সিমানেই নহয়, বিধানসভাৰ আগন্তুক শীতকালিন অধিবেশনত চৰকাৰে উত্থাপন কৰিব আৰু কেইবাখনো নতুন স্বায়ত্বশাসিত পৰিষদ গঠনৰ বিধেয়ক ।

কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হ'ল এতিয়াও কাৰ্যক্ষম হৈ থকা বহুকেইখন স্বায়ত্বশাসিত পৰিষদে দিছপুৰৰ পৰা সময়মতে লাভ নকৰে বাজেট আবন্টিত পুঁজি । ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্বশাসিত পৰিষদ কেইখনক বাদ দি অসমত বৰ্তমান কাৰ্যক্ষম হৈ আছে 6 খনকৈ স্বায়ত্বশাসিত পৰিষদ । সেই কেইখন হ'ল- মিছিং স্বায়ত্বশাসিত পৰিষদ, ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদ, তিৱা স্বায়ত্বশাসিত পৰিষদ, সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদ, ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদ আৰু দেউৰী স্বায়ত্বশাসিত পৰিষদ । ২০২০-২১ বিত্তীয় বৰ্ষত এই আটাইকেইখন স্বায়ত্বশাসিত পৰিষদৰ বাবে জনগাঁঠনি অনুসৰি বাজেটত পুঁজি ধাৰ্য কৰা হৈছিল । বিত্ত বিভাগৰ এক সুত্ৰই ই টিভি ভাৰতক জনোৱা মতে, ২০২০-২১ বিত্তীয় বৰ্ষত বাজেটত সৰ্বাধিক ৮০ কোটি টকা ধাৰ্য কৰা হৈছিল মিছিং স্বায়ত্বশাসিত পৰিষদৰ বাবে । ইয়াৰ বিপৰীতে প্ৰায় ৬০ কোটি টকা ধাৰ্য কৰা হৈছিল ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ বাবে । তিৱা স্বায়ত্বশাসিত পৰিষদৰ বাবে প্ৰায় ৪৩ কোটি টকা ধাৰ্য কৰা হৈছিল । একেদৰে, সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ বাবে প্ৰায় ২০ কোটি আৰু দেউৰী স্বায়ত্বশাসিত পৰিষদ আৰু ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ বাবে প্ৰায় ১৮ কোটি টকাকৈ ধাৰ্য কৰা হৈছিল ।

কিন্তু বিত্তীয় বৰ্ষৰ 5 মাহ উকলা স্বত্বেও এই পৰ্যন্ত বাজেট আবন্টিত ধনৰ ১০ ৰ পৰা ৩০ শতাংশতকৈ অধিক কোনো এখন পৰিষদে লাভ কৰা নাই । তিৱা স্বায়ত্বশাসিত পৰিষদে আজিলৈকে ৪৩ কোটিৰ এপইচাও লাভ কৰা নাই । তেনে ক্ষেত্ৰত কংগ্ৰেছে অভিযোগ কৰাৰ দৰে নতুন নতুন স্বায়ত্বশাসিত পৰিষদ গঠন কৰাটো চৰকাৰৰ নিৰ্বাচনী চমক নহয়তো ?

লগতে পঢ়ক: Exclusive : তাপীৰ গাৱৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.