ETV Bharat / state

আৰ্থিক সংকটত মহানগৰীৰ অটো চালকসকল - guwahat

লক ডাউনৰ ফলত পানীত হাঁহ নচৰা অৱস্থা হৈছে মহানগৰীৰ অটো চালক সকলৰ ৷ অটো চালক সকলৰ বাবে এই পৰ্যন্ত কোনো ধৰণৰ সাহায্যৰ ব্যৱস্থা কৰা নাই বৰ্তমান চৰকাৰে ৷ এই অভিযোগ উত্থাপন কৰিছে,গুৱাহাটী অটোৰিক্সা মালিক সন্থাৰ সভাপতি ইউচুফ আহমেদে ৷

আৰ্থিক সংকটত মহানগৰীৰ অটো চালকসকল
আৰ্থিক সংকটত মহানগৰীৰ অটো চালকসকল
author img

By

Published : Jul 17, 2020, 5:12 PM IST

গুৱাহাটী, 17 জুলাই: কৰ'ণাৰ দ্ৰুত সংক্ৰমণ ৰোধৰ বাবে গুৱাহাটী মহানগৰীত জাৰি কৰা হৈছে কঠোৰ লক ডাউন ৷ কিন্তু এই লক ডাউনে সংকট নমাই আনিছে বহু লোকৰ পৰিয়াললৈ ৷ বিগত মাৰ্চ মাহৰ পৰাই অব্যাহত লক ডাউনৰ ফলত শিক্ষানুষ্ঠান,ব্যৱসায়িক প্ৰতিষ্ঠান আদিৰ লগতে বন্ধ হৈ পৰিছে যাতায়াতৰ মাধ্যমো ৷ ফলত ব্যাপক অভাৱৰ সন্মুখীন হ'বলগীয়া হৈছে মহানগৰীৰ অটোৰিক্সা চালক তথা মালিক সকলৰ ৷ কিয়নো লক ডাউনৰ বাবে সম্প্ৰতি বন্ধ হৈ পৰিছে একমাত্ৰ অটো চলাই জীৱন নিৰ্বাহ কৰা চালক সকলৰ লগতে মালিকৰ উপাৰ্জনৰ পথ ৷ দুবেলাৰ দুসাজৰ বাবেও এতিয়া তেওঁলোকে কৰিবলগীয়া বহু সংগ্ৰাম ৷ যাৰ বাবে কিছু সাহায্য বিচাৰি যোৱা 27 এপ্ৰিলত কামৰূপ (মেট্ৰ') জিলাৰ উপায়ুক্তলৈ এখন স্মাৰক প্ৰদান কৰিছিল গুৱাহাটী অটোৰিক্সা মালিক সন্থাৰ সভাপতি ইউচুফ আহমেদে ৷ কিন্তু আজি পৰ্যন্ত তেওঁলোকৰ সেই সাহায্যৰ আবেদন, আবেদন হৈয়ে ৰ'ল বুলি উল্লেখ কৰে সভাপতি গৰাকীয়ে ৷

আৰ্থিক সংকটত মহানগৰীৰ অটো চালকসকল

এই বিষয়ত দুখ প্ৰকাশ কৰিছে গুৱাহাটী অটোৰিক্সা মালিক সন্থাৰ সভাপতি গৰাকীয়ে ৷ বাৰম্বাৰ জনসাধাৰণৰ হকে কাম কৰিম বুলি প্ৰতিশ্ৰুতি দি অহা চৰকাৰ খনে,মহানগৰীৰ প্ৰায় 10 সহস্ৰাধিক অটো চালকৰ বিষয়ে এবাৰলৈয়ো নাভাৱিলে বুলি ক্ষোভ উজাৰে তেওঁ ৷ ইয়াক অতি পৰিতাপৰ বিষয় হিচাপে অভিহিত কৰি ইউচুফ আহমেদে অতি শীঘ্ৰেই তেওঁলোকৰ বাবে কিছু সাহায্যৰ যোগান ধৰিবলৈ আহ্বান জনায় অসম চৰকাৰক ৷

লগতে পঢ়ক: জোনাইত বানপীড়িতৰ মাজত আছুৰ বান সাহায্য বিতৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.