ETV Bharat / state

যানবাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীক প্ৰাণে মৰাৰ ভাবুকি ! - পিস্তল দেখুওৱা

বৃহস্পতিবাৰে পুৱাই মহানগৰ আৰক্ষীৰ যানবাহন নিয়ন্ত্ৰণ শাখাৰ কনিষ্টবল জ্যোতিষ ডেকাক কৰ্তব্যৰত অৱস্থাত আগছি ধৰে পংকজ মজুমদাৰ নামৰ এজন যুৱকে। আৰক্ষী কনিষ্টবল গৰাকীৰ অভিযোগ, সেই সময়তে নিজৰ পিস্তল দেখুওৱাই প্ৰাণে মৰাৰ ভাবুকি দিয়ে পংকজ মজুমদাৰে ।

Attempt to murder trafic police at  guwahati
যানবাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীক প্ৰাণে মৰাৰ ভাবুকি !
author img

By

Published : Sep 24, 2020, 9:47 PM IST

গুৱাহাটী,24 ছেপ্তেম্বৰঃ মহানগৰীৰ আদাবাৰীত এগৰাকী অস্ত্ৰধাৰী যুৱকৰ গুণ্ডাগিৰি। কৰ্তব্যৰত আৰক্ষীক পিস্তল দেখুওৱাই প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে । জালুকবাৰী আৰক্ষী থানাৰ যানবাহন নিয়ন্ত্ৰণ শাখাৰ কনিষ্টবল জ্যোতিষ ডেকাই উত্থাপিত কৰিছে এই অভিযোগ । আৰক্ষী জোৱান জনৰ অভিযোগ অনুসৰি চলিত মাহৰ ২২ তাৰিখে আদাবাৰী তিনিআলিত যানবাহন নিয়ম উলংঘা কৰি নিজৰ চাৰিচকীয়া বাহনখন লৈ আঁতৰি গৈছিল পংকজ মজুমদাৰ নামৰ যুৱকজনে । সেই সময়ত যানবাহন নিয়ন্ত্ৰণৰ দায়িত্বত থকা জ্যোতিষ ডেকাই বাহনখন ৰখাবলৈ কৈছিল যদিও বিভিন্ন অযুহাতেৰে তৰ্কত লিপ্ত হৈছিল পংকজ মজুমদাৰ । পৰৱৰ্তী সময়ত কোনো জৰিমনা নিবিহাকৈয়ে আৰক্ষীয়ে যাবলৈ দিছিল পংকজ মজুমদাৰক।

যানবাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীক প্ৰাণে মৰাৰ ভাবুকি !

কিন্তু হঠাৎ বৃহস্পতিবাৰে পুৱাই পুনৰ কৰ্তব্যৰত অৱস্থাত যানবাহন নিয়ন্ত্ৰণ শাখাৰ কনিষ্টবল জ্যোতিষ ডেকাক আগছি ধৰে পংকজ মজুমদাৰে । আৰক্ষী কনিষ্টবলগৰাকীৰ অভিযোগ, সেই সময়তে পিস্তল উলিয়াই প্ৰাণে মৰাৰ ভাবুকি দিয়ে পংকজ মজুমদাৰে । কেৱল ইমানেই নহয় শাৰিৰীক ভাৱেও জোৱান গৰাকীক অপদস্থ কৰাৰ অভিযোগ পংকজ মজুমদাৰৰ বিৰুদ্ধে । ইতিমধ্যে সমগ্ৰ ঘটনা আৰক্ষী জোৱানজনে অৱগত কৰিছে মহানগৰ আৰক্ষীৰ শীৰ্ষ বিষয়াসকলক । বাতৰি প্ৰস্তুত কৰা সময়লৈকে অৱশ্যে আৰক্ষী জোৱানজনে ঘটনা সন্দৰ্ভত দাখিল কৰা নাই কোনো এজাহাৰ । কিন্তু ঘটনাৰ বিষয়ে জ্ঞাত হৈও ৰহস্যজনক ভাৱে ইয়াক গাপ দি ৰখাৰ চেষ্টা চলাইছে একাংশ শীৰ্ষ আৰক্ষী বিষয়াই । অৱশ্যে ঘটনাটোক কিয় গাপ দিব বিচাৰিছে সেয়া বৰ্তমানেও ৰহস্যজনক !

Attempt to murder trafic police at  guwahati
যানবাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীক প্ৰাণে মৰাৰ ভাবুকি !
লগতে পঢ়কঃ বৰপেটাত আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত হাৰাশাস্তিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.