ETV Bharat / state

Pesticides in vegetables: সতেজ দেখিলেই কিনি নানিব পাচলি; অমৃতৰ নামত গৰলকে খাবলগীয়া হ’ব আপুনি

author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 6:26 PM IST

সতেজ পাচলিৰে এসাঁজ খোৱাৰ ইচ্ছা সকলোৰে থাকে ৷ বজাৰত নতুনকৈ ওলোৱা কবি, পালেং, পটল, ভাতকেৰেলা, বেঙেনা আদি দেখিলে আপোনাৰো মন যায় কিনি আনি এসাঁজ খাই চাবলৈ ৷ পিচে সাৱধান ৷ এই ৰং-বিৰঙী পাচলিয়ে বিপদ মাতিব পাৰে আপোনালৈ...

Pesticides in vegetables
Pesticides in vegetables

১২ বিধ পাচলিৰ নমুনাত ধৰা পৰিছে কমেও ২৩ বিধ বিষাক্ত কীটনাশক

গুৱাহাটী, 27 অক্টোবৰ: দুৰ্গা পূজাৰ দিনকেইটাত বহু গুৰুপাকী খাদ্য ভোজন কৰাৰ পাছত এতিয়া সকলোৱে লঘু আহাৰ খাবলৈ বিচৰাতো স্বাভাৱিক । লঘু আহাৰ বুলিলে মানুহৰ খাদ্যৰ তালিকাখনত বিভিন্ন শাক-পাচলি অন্তৰ্ভুক্ত হয় । কিন্তু সাৱধান ! স্বাস্থ্যকৰ বুলি ভাবি বিভিন্ন শাক-পাচলি খাবলৈ গৈ বিপদত পৰিব পাৰে আপুনি । কিয়নো এই শাক-পাচলিবোৰত আছে বৰবিহ ।

আপুনি সচৰাচৰ খোৱা ১২ বিধ পাচলিৰ নমুনাত ধৰা পৰিছে কমেও ২৩ বিধ বিষাক্ত কীটনাশক । গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ বজাৰৰ পৰা এই পাচলি কেইবিধৰ নমুনা সংগ্ৰহ কৰি ৰাজ্যিক জনস্বাস্থ্য পৰীক্ষাগাৰত পৰীক্ষা কৰা হৈছিল । এই পৰীক্ষাতে পাচলি কেইবিধৰ বিষাক্ত কীটনাশকৰ উপস্থিতি ধৰা পৰিছিল ।

ৰাজ্যিক জনস্বাস্থ্য পৰীক্ষাগাৰৰ সূত্ৰই প্ৰকাশ কৰা মতে এনে বিষাক্ত কীটনাশক যদি খোৱা যায় , উশাহ-নিশাহৰ জৰিয়তে শৰীৰত সোমায়, মানুহ যদি এনে কীটনাশকৰ সংস্পৰ্শলৈ আহে তেন্তে হৃদৰোগ, শ্বাস-প্ৰশ্বাস জনিত ৰোগ উচ্চ ৰক্তচাপ, বৃক্ক আৰু স্নায়ু জনিত ৰোগত ভুগিব পাৰে । আমাৰ খাদ্য তালিকাত সচৰাচৰ থকা পাচলি যেনে গাজৰ, স্কোৱাচ, পালেং, মূলা, তিয়হ, কেপচিকাম, বিলাহী, জলকীয়া আদিত এনে কীটনাশকৰ উপস্থিতি ধৰা পৰিছে ।

ৰাজ্যিক জনস্বাস্থ্য পৰীক্ষাগাৰৰ সূত্ৰটোৰ পৰা লাভ কৰা তথ্য অনুসৰি জলকীয়াত ধৰা পৰা মেটালেক্সিল নামৰ কীটনাশক বিধৰ বাবে চকুৰ পুৰণি হয় । জলকীয়াত থকা এক্ৰিনেথ্ৰিন নামৰ আন এবিধ কীটনাশকৰ বাবে পোৰাৰ দৰে অনুভৱ, এই কীটনাশকৰ সংস্পৰ্শলৈ অহা শৰীৰৰ অংশটো অসাৰ হৈ পৰাৰ দৰে অনুভৱ হ’ব পাৰে ।

আনহাতে বেঙেনা, কবি আদিত থকা এচিটামিপিৰিড কীটনাশক বিধৰ বাবে মূৰ ঘূৰণি, বমি, উচ্চ ৰক্তচাপ, পেশী দুৰ্বল হোৱা, উশাহ-নিশাহৰ সমস্যাই দেখা দিব পাৰে । তদুপৰি বিলাহীত ডাইমিথোমৰ্ফ, স্কোৱাচ, গাজৰত, পালেংঙত কাৰ্বাৰাইল, তিয়হত থায়'মিথোক্সাম , কেপচিকামত টিবুকোনাজ'ল, মূলাত ডাইনেতেফুৰান নামৰ কীটনাশকৰ উপস্থিতি ধৰা পৰিছে । এইবোৰৰ বাবে মানুহৰ বিভিন্ন ৰোগ আৰু স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে ।

জ্যেষ্ঠ মেডিচিন বিশেষজ্ঞ ডাঃ মানৱেন্দ্ৰ নায়কে কয়, "কীটনাশকৰ ফলত চকু, ছাল, হাওঁফাওঁ, শ্বাস প্ৰশ্বাস, পেটৰ সমস্যা হ'ব পাৰে । কীটনাশকবোৰ ইমান ভংয়কৰ কীটনাশকবোৰৰ পাৰ্শ্বক্ৰিয়া হৈ মানুহৰ মৃত্যু হোৱা দেখা যায় । ইয়াক প্ৰতিৰোধৰ বাবে কিছু নীতি-নিয়ম পালন কৰিব লাগে । কীটনাশকবোৰ ব্যৱহাৰ আগতে পৰীক্ষা কৰি ক’ত কিমান পৰিমানে দিব পাৰি সেই বিষয়ে প্ৰশিক্ষণ দিব লাগে ।"

উল্লেখ্যযোগ্য যে, অলপতে গুৱাহাটী উচ্চ ন্যায়ালয়ে এখন জনস্বাৰ্থ জড়িত আবেদনৰ শুনানি লৈ কীটনাশক থকা পাচলি খোৱাৰ পৰা জনতাক ৰক্ষা কৰিবলৈ তেনে পাচলিৰ উৎপাদন ৰোধ কৰাৰ ক্ষেত্ৰত কেনে পদক্ষেপ গ্ৰহণ কৰিব খুজিছে সেই সন্দৰ্ভত ৰাজ্যৰ কৃষি বিভাগক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছিল ।

ইয়াৰ পিছতে কৃষি বিভাগে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ বজাৰৰ পৰা শাক পাচলিৰ নমুনা সংগ্ৰহ কৰি ৰাজ্যিক জনস্বাস্থ্য পৰীক্ষাগাৰত পৰীক্ষা কৰিবলৈ প্ৰেৰণ কৰিছিল । ইয়াৰ পিছতে এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ।

খাৰুপেটীয়া, বৰপেটা, হাজো, মৰিগাঁও, শ্বিলঙৰ পৰাই গুৱাহাটীৰ বজাৰলৈ বিভিন্ন পাচলি আহে বুলি ব্যৱসায়ী সকলে জনায় । খাৰুপেটীয়া, বৰপেটা, হাজো, মৰিগাঁৱৰ পৰা অহা পাচলিৰতকৈ শ্বিলঙৰ পাচলিত কম কীটনাশক ব্যৱহাৰ কৰে । আনহাতে খাৰুপেটীয়াৰ পাচলিত অধিক কীটনাশক ব্যৱহাৰ কৰে বুলি ব্যৱসায়ী সকলে মন্তব্য কৰে ।

লগতে পঢ়ক: Diabetes Care: নিয়ন্ত্ৰিত হ’ব মধুমেহ, কেৱল খাবলৈ আৰম্ভ কৰক এইসমূহ শাক-পাচলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.