ETV Bharat / state

তৃতীয় পৰ্যায়ত 79,19,641 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব 337 গৰাকী প্ৰাৰ্থীৰ ভাগ্য

author img

By

Published : Apr 6, 2021, 10:29 AM IST

Updated : Apr 6, 2021, 10:40 AM IST

মুঠ 79,19,641 গৰাকী ভোটাৰে তৃতীয় পৰ্যায়ত ভাগ্য নিৰ্ণয় কৰিব 337 গৰাকী প্ৰাৰ্থীৰ ৷ ৰাজ্যৰ 12 খন জিলাৰ 40 টা সমষ্টিত অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ বিজেপিৰ বাবে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ কিছু প্ৰত্যাহ্বানপূৰ্ণ হ’ব পাৰে বুলি ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰাৰ বিপৰীতে গৰিষ্ঠ সংখ্যক মতদান মহাজোঁটৰ পক্ষত হ’ব বুলি আশাবাদী কংগ্ৰেছ ৷

At final phase of Assam election 337 candidates in fray

নিউজ ডেস্ক, 6 এপ্ৰিল : মঙলবাৰে পুৱাৰে পৰা অনুষ্ঠিত হৈছে ৰাজ্যৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচন ৷ ৰাজ্যৰ 12 খন জিলাৰ 40 টা সমষ্টিত অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ বিজেপিৰ বাবে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ কিছু প্ৰত্যাহ্বানপূৰ্ণ হ’ব পাৰে বুলি ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল ৷ কিয়নো 40 টা সমষ্টিৰ ভিতৰত প্ৰায় 20 টা সমষ্টিতেই আছে সৰহ সংখ্যক ধৰ্মীয় সংখ্যালঘূ ভোটাৰ ৷ কিন্তু কংগ্ৰেছ মহাজোঁটে দ্বিতীয় পৰ্যায়ৰ দৰে তৃতীয় পৰ্যায়তো তেওঁলোকৰ সপক্ষে যথেষ্ট মতদান হোৱাৰ সম্ভাৱনা আছে বুলি মত প্ৰকাশ কৰিছে ৷ ইয়াৰ মাজতে তৃতীয় শক্তি ৰূপে চিহ্নিত হৈছে নৱ গঠিত অসম জাতীয় পৰিষদ ৷

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ভোটাধিকাৰ সাব্যস্ত কৰিব মুঠ 79,19,641 গৰাকী ভোটাৰে ৷ ইয়াৰ ভিতৰত মুঠ পুৰুষ ভোটাৰ 40,11,539 গৰাকী, মহিলা ভোটাৰ 39,07,963 গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ 139 গৰাকী ৷ তৃতীয় পৰ্যায়ত প্ৰতিদ্বন্দিতা আগবঢ়াইছে মুঠ 337 গৰাকী প্ৰাৰ্থীয়ে ৷ ইয়াৰ ভিতৰত 312 গৰাকী পুৰুষ প্ৰাৰ্থী আৰু 25 গৰাকী মহিলা প্ৰাৰ্থী ৷ 40 টা সমষ্টিৰ ভিতৰত পশ্চিম গুৱাহাটী সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছে সৰ্বাধিক 15 গৰাকী প্ৰাৰ্থীয়ে আৰু বকো সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছে সৰ্বনিম্ন 3 গৰাকী প্ৰাৰ্থীয়ে ৷ ভোটাৰ সংখ্যাৰ ফালৰ পৰা চালে দিছপুৰ সমষ্টিত আছে সৰ্বাধিক 4,11,636 গৰাকী ভোটাৰ ৷ আনহাতে, ধৰ্মপুৰ সমষ্টিত আছে সৰ্বনিম্ন 1,41,592 গৰাকী ভোটাৰ ৷ ভোটদানৰ বাবে 40 সমষ্টিত স্থাপন কৰা হৈছে 11,401 টা ভোট কেন্দ্ৰ ৷ ইয়াৰে 316 টা ভোটকেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হৈছে ৷ ইয়াৰ লগতে 149 টা আদৰ্শ ভোটকেন্দ্ৰ হিচাপে পৰিগণিত হৈছে ৷

নিৰ্বাচন প্ৰক্ৰিয়া পৰিচালনাৰ বাবে নিয়োগ কৰা হৈছে 45,604 গৰাকী প’লিং আৰু প্ৰিজাইডিং বিষয়া ৷ ইয়াৰ লগতে নিৰাপত্তাৰ বাবে নিয়োগ কৰা হৈছে 320 টা নিৰাপত্তা বাহিনীৰ দল ৷ তাৰোপৰি নিৰ্বাচন আয়োগে ভোটগ্ৰহণ প্ৰক্ৰিয়া তদাৰকীৰ বাবে নিয়োগ কৰিছে 33 গৰাকী সাধাৰণ পৰ্যবেক্ষক, 9 গৰাকী আৰক্ষী পৰ্যবেক্ষক, 17 গৰাকী ব্যয় পৰ্যবেক্ষক আৰু 986 গৰাকী সুক্ষ্ম পৰ্যবেক্ষক ৷

নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া সমষ্টি কেইটা হ’ল-

দিছপুৰ
পূৱ-গুৱাহাটী
পশ্চিম গুৱাহাটী
জালুকবাৰী
বকো
ছয়গাঁও
পলাশবাৰী
হাজো
বৰক্ষেত্ৰী
ধৰ্মপুৰ
চেঙা
সৰুক্ষেত্ৰী
বাঘবৰ
জনিয়া
বৰপেটা
পাটাছাৰকুছি
সৰভোগ
ভৱানীপুৰ
বঙাইগাঁও
দক্ষিণ অভয়াপুৰী
উত্তৰ অভয়াপুৰী
পশ্চিম কোকৰাঝাৰ
পূৱ-কোকৰাঝাৰ
ছিডলী
বিজনী
দুধনৈ
পূৱ গোৱালপাৰা
পশ্চিম গোৱালপাৰা
জলেশ্বৰ
গোসাইগাঁও
তামোলপুৰ
বৰমা
চাপাগুৰি
মানকাছৰ
দক্ষিণ-শালমাৰা
ধুবুৰী
গৌৰীপুৰ
গোলকগঞ্জ
পশ্চিম বিলাসীপাৰা
পূৱ-বিলাসীপাৰা

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱা 40 খন আসনৰ ভিতৰত বিজেপিয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে 20 খনত ৷ ইয়াৰ লগতে মিত্ৰজোঁটৰ অগপ দলে 9 খন আৰু ইউপিপিএলে 8 খন আসন প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ বিজনী সমষ্টিত গেৰুৱা দলটোৰ সৈতে মিত্ৰদল ইউপিপিএলে বন্ধুত্বমূলক প্ৰতিদ্বন্দিতাত নামিছে ৷ ইফালে মহাজোঁটৰ ভিতৰত কংগ্ৰেছে 24 খনত, এ আই ইউ ডি এফে 12 খনত, বিপিএফে 8 খনত আৰু চিপিআই(এম) এ এখন আসনত প্ৰতিদ্বন্দিতা কৰিছে ৷ ইয়াৰে জলেশ্বৰ, বাঘবৰ, সৰুক্ষেত্ৰী, চেঙা আৰু বৰক্ষেত্ৰীত বন্ধুত্ব মূলক প্ৰতিদ্বন্দিতা চলিছে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত ৷ নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদ দলে প্ৰতিদ্বন্দিতা আগবঢ়াইছে 22 খন আসনত আৰু 40 টা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী আছে 126 গৰাকী ৷

তৃতীয় পৰ্যায়ত ভাগ্য নিৰ্ণয় হ’ব লগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত উল্লেখযোগ্য হ’ল- জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মা, পূৱ গুৱাহাটীত সিদ্ধাৰ্থ ভট্টাচাৰ্য, ধৰ্মপুৰত চন্দ্ৰ মোহন পাটোৱাৰী, হাজোত দুলু আহমেদ, ছয়গাঁৱত ৰেকিবুদ্দিন আহমেদ, ছিডলীত চন্দন ব্ৰহ্ম, পূৱ কোকৰাঝাৰত প্ৰমিলাৰাণী ব্ৰহ্ম, বৰমাত নৱ কুমাৰ দলে, বঙাইগাঁৱত ফণীভূষণ চৌধুৰী, পাটাচাৰকুছিত পবীন্দ্ৰ ডেকা আৰু ৰণজিৎ দাস, বাঘবৰত শ্বেৰমান আলী, সৰুক্ষেত্ৰীত কল্পনা পাটোৱাৰী ৷

ক’ভিড-19 ৰ সকলো নিয়ম মানি পুৱা সাত বজাৰ পৰা ভোটদান আৰম্ভ হৈছে ৷ সন্ধিয়া 6 বজাৰ লগে লগে অন্ত পৰিব এই ভোটদান প্ৰক্ৰিয়া ৷ ৰাজ্যৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল ক্ৰমে 27 মাৰ্চ আৰু 1 এপ্ৰিলত ৷ অহা 2 মে’ত অনুষ্ঠিত হ’ব ভোটগণনা আৰু ঘোষণা হ’ব নিৰ্বাচনৰ ফলাফল ৷

লগতে পঢ়ক : ভোটাৰ আছিল 90 গৰাকী, ভোট দিলে 181 গৰাকীয়ে : ক’ত ?

Last Updated : Apr 6, 2021, 10:40 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.