ETV Bharat / state

কৰ্মসূত্ৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত আবদ্ধ লোকসকলৰ বাবে সুখবৰ

যাত্ৰাৰ বাবে যাত্ৰী সকলে 104 নম্বৰৰ জৰিয়তে কৰিব লাগিব পঞ্জীয়ন ৷ ইয়াৰ পিছতে যাত্ৰাৰ এদিনৰ পূৰ্বে নিৰ্বাচিত যাত্ৰীক পৰিবহণ নিগমৰ তৰফৰ পৰা পঞ্জীয়নকৃত নম্বৰত প্ৰেৰণ কৰা হ'ব SMS৷

ASTC Initiative for people
কৰ্মসূত্ৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত আবদ্ধ লোকসকলৰ বাবে সুখবৰ
author img

By

Published : Apr 24, 2020, 8:34 PM IST

গুৱাহাটী, 24 এপ্ৰিলঃ লক ডাউনৰ বাবে কৰ্মসূত্ৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা লোকসকলৰ বাবে এক ভাল খবৰ ৷ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ ৷ আবদ্ধ লোকসকলক নিজ গৃহলৈ লৈ যাবলৈ অসম চৰকাৰৰ নিৰ্দেশত যাতায়ত ব্যৱস্থাৰ দায়িত্ব গ্ৰহণ কৰিছে অসম ৰাজ্যিক পৰিবহণ নিগমে।

ASTC Initiative for people
কৰ্মসূত্ৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত আবদ্ধ লোকসকলৰ বাবে সুখবৰ

অহা 25,26,27এপ্ৰিল তাৰিখে মহানগৰীৰ 7 টাকৈ স্থানৰ পৰা যাত্ৰীসকলক লৈ যোৱা হ'ব গন্তব্য স্থানলৈ ৷ কিন্তু এই যাত্ৰাৰ বাবে যাত্ৰী সকলে 104 নম্বৰৰ জৰিয়তে কৰিব লাগিব পঞ্জীয়ন ৷ ইয়াৰ পিছতে যাত্ৰাৰ এদিনৰ পূৰ্বে নিৰ্বাচিত যাত্ৰীক পৰিবহণ নিগমৰ তৰফৰ পৰা পঞ্জীয়নকৃত নম্বৰত প্ৰেৰণ কৰা হ'ব SMS৷ যাৰ জৰিয়তে যাত্ৰীক সুকীয়া স্থান,সময়,বাছৰ নম্বৰ আৰু আসনৰ নম্বৰো জনোৱা হ'ব ৷ কিন্তু যাত্ৰাৰ সময়ত পঞ্জীয়নকৃত নম্বৰলৈ প্ৰেৰণ কৰা SMS লগত নাথাকিলে যাত্ৰা কৰিব নোৱাৰিব যাত্ৰীগৰাকীয়ে ৷ ইয়াৰ উপৰি সামাজিক দুৰত্ব বৰ্তাই ৰাখি যাত্ৰাৰ সময়ত যাত্ৰীসকলে মাস্ক ব্যৱহাৰ কৰাটো বাধ্যতামূলক বুলি জানিবলৈ দিয়ে অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে

ইপিনে বৰ্তমানলৈ প্ৰায় আন্তঃৰাজ্যিক পৰিবহণৰ বাবে 25 তাৰিখে 41000 হাজাৰ পঞ্জীয়কৰ 12 হাজাৰ লোকক গন্তব্য স্থানলৈ লৈ যোৱা হ'ব বুলি ইতিমধ্যেই জানিবলৈ দিছে অসম ৰাজ্যিক পৰিবহণ বিভাগৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে। আনহাতে ৰেড জ'ন এলেকাৰ লোকসকলৰ যাতায়ত ব্যৱস্থা বৰ্তমানলৈকে কৰা হোৱা নাই যদিও কোনো লোকে যদি উক্ত স্থানলৈ যাব বিচাৰে তেন্তে তেওঁলোকক থৈ অহাৰ দায়িত্ব গ্ৰহণ কৰিলেও ৰেড জ'ন এলেকাৰ পৰা কোনো লোকক লৈ অহাৰ দায়িত্ব গ্ৰহণ নকৰে বুলিও জানিবলৈ দিয়ে সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে ৷

লগতে পঢ়কঃ কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজি অহা কৰ্মীসকলক আদৰণি বিশ্ব হিন্দু পৰিষদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.