ETV Bharat / state

Assistant commissioner suspended: কামৰূপ মহানগৰ জিলাৰ সহকাৰী আয়ুক্তক নিলম্বন - Assistant commissioner of Kamrup Metropolitan District suspended

কামৰূপ মহানগৰ জিলাৰ সহকাৰী আয়ুক্ত বাৰ্বি হাজৰিকাক নিলম্বন(Assistant commissioner of Kamrup Metro suspended ) । মাধ্যমিক শিক্ষা বিভাগৰ অ' এছ ডি হিচাপে কৰ্মৰত আছিল বিষয়াগৰাকী ।

assistant-commissioner-of-kamrupmetro-suspended
কামৰূপ মহানগৰ জিলাৰ সহকাৰী আয়ুক্ত বাৰ্বি হাজৰিকাক নিলম্বন
author img

By

Published : Jun 2, 2022, 10:41 PM IST

গুৱাহাটী, ২ জুন : অতিথিক বেয়া ব্যৱহাৰ কৰাৰ অভিযোগত কামৰূপ মহানগৰ জিলাৰ সহকাৰী আয়ুক্ত বাৰ্বি হাজৰিকাক চাকৰিৰ পৰা নিলম্বন(Assistant commissioner of Kamrup Metro Barbi Hazarika suspended) । ৰাজ্য চৰকাৰে বৃহস্পতিবাৰে এক নিৰ্দেশযোগে নিলম্বন কৰে চৰকাৰী বিষয়াগৰাকীক । মাধ্যমিক শিক্ষা বিভাগৰ অ' এছ ডি(OSD, Department of Secondary Education) হিচাপে তেওঁ কৰ্মৰত হৈ আছিল ।

assistant-commissioner-of-kamrupmetro-suspended
কামৰূপ মহানগৰ জিলাৰ সহকাৰী আয়ুক্ত বাৰ্বি হাজৰিকাক নিলম্বন

গুৱাহাটীত অলপতে অনুষ্ঠিত হৈ যোৱা এক্ট ইষ্ট পলিচিৰ সন্মিলনত অংশগ্ৰহণ কৰা ছিংগাপুৰ আৰু এছিয়ান প্ৰতিনিধিক তেওঁ দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল । বিদেশী প্ৰতিনিধি দলক অশালীন-অভব্য ব্যৱহাৰৰ কৰাৰ অভিযোগৰ বাবেই তেওঁৰ বিৰুদ্ধে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । বিশেষকৈ ছিংগাপুৰৰ এজন বিষয়াক দুৰ্ব্যৱহাৰ কৰিছিল বাৰ্বী হাজৰিকাই ।

তেওঁৰ এনে ব্যৱহাৰৰ বাবে ৰাজ্যৰ ভাবমূৰ্তি বাহিৰৰ দেশকেইখনত বেয়া হোৱাৰ কথা সদৰি কৰিছে ৰাজ্য চৰকাৰে । উল্লেখ যে ২০১৬ বৰ্ষৰ এ চি এছ বিষয়া হাজৰিকা ২০১৬ বেটছৰ ৬ নং স্থানপ্ৰাপ্ত আছিল ।

লগতে পঢ়ক : Assam cabinet expansion: অপসাৰিত হ’ব পাৰে সঞ্জয় কিষাণ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.